এমাহৰ ছুটীত ঘৰলৈ আহিছিল, এঘণ্টাৰ ভিতৰতে সীমান্তলৈ ৰাওনা যোৰহাটৰ জোৱান
ছুটীত আহি পৰিয়ালৰ সৈতে ঘৰতে আছিল । কিন্তু ফোন অহাৰ লগে লগে এঘণ্টাৰ ভিতৰতে সীমান্তলৈ ৰাওনা যোৰহাটৰ জোৱান ।

Published : May 11, 2025 at 5:59 PM IST
যোৰহাট : ভাৰত আৰু পাকিস্তানৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে শনিবাৰে আমেৰিকাৰ হস্তক্ষেপত যুদ্ধবিৰতি ঘোষণা কৰা হয় । অৱশ্যে যুদ্ধবিৰতি উলংঘা কৰি নিশা পাকিস্তানী সেনাই সীমান্তৰ বিভিন্ন অঞ্চলত গুলীবৰ্ষণ কৰাৰ খবৰ পোৱা গৈছে । তাৰ মাজতে দেশৰ সেনাইও সঠিক প্ৰত্যুত্তৰ দিছে । এতিয়াও সীমান্তত দেশমাতৃৰ সুৰক্ষাত নিয়োজিত হৈছে হাজাৰ হাজাৰ জোৱান । ছুটীত থকা জোৱানসকলেও জৰুৰী নিৰ্দেশ পালন কৰি কৰ্মক্ষেত্ৰত যোগদান কৰিছে ।
যোৰহাটৰো এজন জোৱান ছুটীত ঘৰলৈ আহিছিল । কিন্তু হঠাৎ তেওঁলৈ আহিল এটা ফোন । সোনকালে তেওঁ চাকৰিত যোগদান কৰিব লাগে । ফোনটো অহাৰ পিছত মাত্ৰ এঘণ্টাৰ ভিতৰতে সাজু হৈ চাকৰিত যোগদানৰ বাবে পাঞ্জাৱলৈ ৰাওনা জোৱানগৰাকী । তেওঁ হৈছে ৰণ্টু দত্ত ।
সম্প্ৰতি পঞ্জাবৰ কপুতলত কৰ্মৰত ৰণ্টু দত্ত । এমাহৰ ছুটীত তেওঁ পৰিয়ালৰ সৈতে ঘৰলৈ আহিছিল । কিন্তু সীমান্তত চলি থকা সংঘৰ্ষৰ মাজতে তেওঁক চাকৰিত যোগদানৰ নিৰ্দেশ আহিল । লগে লগে জোৱানগৰাকীয়ে ছুটী সমাপ্ত নকৰাকৈয়ে পঞ্জাবলৈ ৰাওনা হয় ।
ইফালে সীমান্তত দেশসেৱাত নিয়োজিত স্বামীক লৈ গৌৰৱান্বিত পত্নী অনিমা দত্ত । তেওঁ ইটিভি ভাৰতৰ সন্মুখত কয়, "ককাৰ অসুখ অত্যন্ত বেছি হোৱাৰ বাবে আমি এমাহ ছুটীত ঘৰলৈ আহিছিলো । কিন্তু এসপ্তাহ ঘৰত থাকিবলৈ নাপাওঁতেই তেওঁলৈ ৮ মে'ত ফোন আহিছিল, কোনো পলম নকৰাকৈ কৰ্তব্যত যোগদান কৰিব লাগে, ফোন অহাৰ লগে লগে তেওঁ কোনো পলম নকৰাকৈ এঘণ্টাৰ ভিতৰতেই বিমানেৰে পাঞ্জাৱলৈ ৰাওনা হয় । তেখেতে গৈছে দেশৰ হকে, যাবই লাগিব, আমি সকলোৰে শান্তি বিচাৰো ।"
তেওঁ লগতে কয়, "এইবাৰ ভাৰতীয় সেনাই পাকিস্তানক উচিত শিক্ষা দিবই আৰু এয়া প্ৰয়োজন । যুদ্ধ আমি কেতিয়াও নিবিচাৰো, যুদ্ধ হ'লে সেনাৰ বহু অনিষ্ট হৈ যায়, সেয়া এজন সৈনিকৰ পত্নী হিচাপে মই বুজি পাওঁ ।"
জোৱানজনৰ পত্নীয়ে লগতে কয়, "পাকিস্তানক যোগ্যপ্ৰত্যুত্তৰ দিবলৈ মোৰ স্বামী দেশৰ হকে আগবাঢ়ি গৈছে । যি হৈ আছে সেয়া ঠিক থাক হৈ আহক ।" স্বামীৰ সৈতে হোৱা যোগাযোগ সন্দৰ্ভত পত্নীয়ে কয়, "স্বামীৰ সৈতে যোগাযোগ হৈছে আৰু মোক কৈছে চিন্তা নকৰিবা, মই দেশৰ হকেহে আহিছো ।"
তেওঁ জনোৱা মতে ৰণ্টু দত্তই ২০০৭ চনত সেনা বাহিনীত যোগদান কৰিছিল । ২ বছৰ পূৰ্বে তেওঁ পঞ্জাবত নিযুক্ত হৈছে । ইফালে সেনা জোৱানগৰাকীৰ দেশৰ প্ৰতি থকা প্ৰেমে অঞ্চলবাসীক অনুপ্ৰাণিত কৰিছে ।
লগতে পঢ়ক :দেশ আগত পৰিয়াল পিছত... আধাতে ছুটী সামৰি ৰণলৈ ওলাল সেনাজোৱান - INDIA PAKISTAN TENSSIONS

