ETV Bharat / state

থাইলেণ্ডৰ টাক প্ৰদেশত ভাৰত আৰু থাইলেণ্ড সেনাৰ যৌথ অনুশীলন মৈত্ৰী ২০২৪ ৰ সামৰণি - MAITREE 2024

MAITREE 2024: ভাৰতীয় সেনা আৰু ৰয়েল থাই সেনাৰ মাজত মৈত্ৰী ২০২৪ শীৰ্ষক যুটীয়া সামৰিক অনুশীলনৰ আজি সামৰণি পৰে । থাইলেণ্ডৰ টাক প্ৰদেশৰ ফ’ৰ্ট বাচিৰাপ্ৰকানত অনুষ্ঠিত হৈছিল এই অনুশীলন । এই অনুশীলনৰ অন্যতম উদ্দেশ্য আছিল দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰা ।

MAITREE 2024
মৈত্ৰী ২০২৪ (ADG PI - INDIAN ARMY X account)
author img

By ETV Bharat Assamese Team

Published : July 15, 2024 at 7:42 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৫ জুলাই: থাইলেণ্ডৰ টাক প্ৰদেশত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাৰত আৰু থাইলেণ্ডে দুই দেশৰ ১৫ দিনীয়া যৌথ সামৰিক অনুশীলন 'মৈত্ৰী ২০২৪' ৰ আজি সামৰণি পৰে । ইয়াৰ দ্বাৰা ভাৰত আৰু থাইলেণ্ডৰ সৈন্যই একেলগে কাম কৰা দুসপ্তাহৰ নিবিড় প্ৰশিক্ষণৰ সফল সামৰণি পৰে । এই যৌথ সামৰিক অনুশীলন 'মৈত্ৰী ২০২৪' যোৱা ১ জুলাইৰ পৰা ১৫ জুলাইলৈকে থাইলেণ্ডৰ টাক প্ৰদেশৰ ফ’ৰ্ট বাচিৰাপ্ৰকানত অনুষ্ঠিত হৈছিল ।

সামৰণি অনুষ্ঠানত থাইলেণ্ডৰ উচ্চ পদস্থ বিষয়া মেজৰ জেনেৰেল নৰংগৃত পানিকাবুত্ৰই দুয়োখন সেনাবাহিনীৰ নিষ্ঠা আৰু দক্ষতাক প্ৰশংসা কৰে । তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে মৈত্ৰীয়ে ভাৰত-থাইলেণ্ডৰ প্ৰতিৰক্ষা সম্পৰ্ক আৰু ৰাষ্ট্ৰসংঘৰ অধীনত স্থানীয় নিৰাপত্তাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক শক্তিশালী কৰে । ৰয়েল থাইলেণ্ড সেনাৰ চতুৰ্থ পদাতিক বিভাগৰ অধিনায়ক মেজৰ জেনেৰেল নৰংগৃত পানিকাবুত্ৰই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত দুসপ্তাহৰ কঠিন প্ৰশিক্ষণ আৰু সহযোগিতাৰ সফলতাৰে সমাপ্ত হয় । ভাৰতৰ হৈ থাইলেণ্ডৰ ডিফেন্স এটেচ গ্ৰুপ কেপ্তেইন ব্রিজেশ পল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷

ভাৰতীয় দলৰ হৈ গ্ৰুপ কেপ্তেইন ব্রিজেশ পলে এই অনুশীলন আয়োজন কৰাৰ বাবে থাইলেণ্ডলৈ কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ সমৰ কলা আৰু আন দিশসমূহ বিশেষজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ পৰস্পৰ বিনিময় কৰাৰ ওপৰত আলোকপাত কৰে ।

MAITREE 2024
মৈত্ৰী ২০২৪ (ADG PI - INDIAN ARMY X account)

পি আৰ অ’ ডিফেন্স, গুৱাহাটীয়ে জনাইছে যে জোৱানসকলে অস্ত্ৰ প্ৰশিক্ষণ, অচিনাকি ভূখণ্ডত যাত্ৰা, যুদ্ধৰ পৰিস্থিতিত চিকিৎসা সাহায্য প্ৰদানকে ধৰি বিভিন্ন কৌশলগত অনুশীলনত দুয়ো দেশৰ সৈনিকসকলে অংশগ্ৰহণ কৰে । ইয়াৰ ফলত কেৱল কৌশলগত দক্ষতা বৃদ্ধি হোৱাই নহয়, ভাৰতীয় সেনা আৰু ৰয়েল থাই সেনাৰ মাজত অধিক শক্তিশালী বন্ধন গঢ়ি উঠিছে বুলি আশা কৰা হৈছে ।

'অনুশীলনী মৈত্ৰী ২০২৪' য়ে ভাৰত আৰু থাইলেণ্ডৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা বিষয়ত ভৱিষ্যতে একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰ বিষয়েও আলোকপাত কৰা হয়, যাৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক যাতে কটকটীয়া হৈ পৰিছে বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ভাৰতীয় সেনা আৰু থাই সেনাৰ যুটীয়া সামৰিক অনুশীলন - MAITREE 2024