ETV Bharat / state

আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ - ULFA I bomb plant case

ULFA I bomb plant case: স্বাধীনতা দিৱসৰ বোমা সংস্থাপন ঘটনাত জড়িত থকাৰ অভিযোগত শনিবাৰে নিশা আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে । তাৰ ভিতৰত ৩ গৰাকী মহিলা । তিনিচুকীয়া, শদিয়া, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ পৰা এজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে । একেদৰে ডিব্ৰুগড় আৰু লখিমপুৰৰ পৰা ৩ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে । যোৰহাট আৰু গুৱাহাটীৰ পৰাও দুজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ULFA I bomb plant case
আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 22, 2024 at 3:55 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী,২২ ছেপ্টেম্বৰ : স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ অভিযোগত ১৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তদন্তকাৰী সংস্থা 'এনআইএ'ৰ সহযোগত অসম আৰক্ষীয়ে শনিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩ গৰাকী মহিলাসহ মুঠ ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে । এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই ।

১৫ গৰাকী লোকক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে এক বিবৃতিযোগে জনাই যে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত আই ই ডি সদৃশ সন্দেহজনক সামগ্ৰী সংস্থাপন কৰাৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত চলাই আহিছে । সেই তদন্তৰ আধাৰত যোৱা নিশা এনআইএক কাৰিকৰী সহযোগত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে । ইয়াৰ ভিতৰত ৩ গৰাকী মহিলাও আছে । অসম আৰক্ষীৰ দীঘলীয়া তদন্তত বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল । প্ৰাথমিক জেৰাৰ পিচত বহু কথাই পোহৰলৈ আহিছে যদিও দীঘলীয়া জেৰাত বোমা সংস্থাপনৰ ষড়যন্ত্র সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি অসম আৰক্ষীৰ বিবৃতিটোত কোৱা হৈছে ।

আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ (File Footage)

অসম আৰক্ষীয়ে শনিবাৰে নিশা চলোৱা অভিযানত তিনিচুকীয়াৰ পৰা এজনক, শদিয়াৰ পৰা এজনক, ডিব্ৰুগড়ৰ পৰ‍া তিনিজনক, যোৰহাটৰ পৰা দুজনক, লখিমপুৰৰ পৰা তিনিজনক, গুৱাহাটীৰ পৰা দুজনক, নগাঁৱৰ পৰা এজনক, নলবাৰীৰ পৰা এজনক আৰু তামুলপুৰৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে । মুঠ ১৫ গৰাকী লোকৰ ভিতৰত তিনিগৰাকী মহিলা আছে । তেওঁলোকক অধিক জেৰা আৰু বোমা সংস্থাপনৰ আঁৰৰ ষড়যন্ত্ৰ উদঘাটনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আলফা স্বাধীনৰ বোমা সংস্থাপন

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনা গুৱাহাটী মহানগৰীৰ ৮ টা স্থানৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত ২৫ টা বোমা সংস্থাপন কৰাৰ কথা সংবাদ মাধ্যমত বিবৃতিযোগে সদৰী কৰিছিল আলফা স্বাধীনে । কাৰিকৰী কাৰণত বোমাকেইটা বিস্ফোৰিত নোহোৱাৰ কথা সদৰী কৰি আলফা স্বাধীনে বোমা সংস্থাপনৰ স্থানসমূহ নিৰ্দিষ্ট কৰি দিছিল । আলফা স্বাধীনে বোমা সংস্থাপনৰ কথা ৰাজহুৱা কৰাৰ লগে লগে সংশ্লিষ্ট স্থানসমূহত অভিযান চলাইছিল অসম আৰক্ষীয়ে ।

আৰক্ষীৰ অভিযানত কেতবোৰ স্থানত বোমা সদৃশ সন্দেহজনক সামগ্ৰী উদ্ধাৰ হৈছিল । কিন্তু আলফা স্বাধীনে নিৰ্দিষ্ট কৰি দিয়া সকলো স্থানতে বোমা নাইবা বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হোৱা নাছিল । বোমা সংস্থাপনৰ ঘটনাটো তদন্ত কৰাৰ বাবে এছ আই টি গঠন কৰা হৈছিল । আনহাতে অসম আৰক্ষীয়ে সেই সময়ত আলফা স্বাধীনে সংস্থাপন কৰা বোমা সন্দৰ্ভত তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল ।

লখিমপুৰত ৩ জনক গ্ৰেপ্তাৰ

ইফালে লখিমপুৰত গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে হেমন্ত মাধৱ গগৈ আৰু অবিনাশ বৰগোঁহাইৰ লগতে জয়ন্ত শইকীয়া । জানিব পৰা মতে হেমন্ত মাধৱ গগৈ উত্তৰ লখিমপুৰৰ ৰাইজৰ দলৰ প্ৰচাৰ সম্পাদক ।

লগতে পঢ়ক :ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma