ধেমাজি গ্ৰন্থ উৎসৱ : মুঠ ৬৫ টা প্ৰকাশন প্ৰতিষ্ঠান-পুথি বিক্ৰেতাই অংশ ল’ব
তুংগত উঠিছে ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱৰ প্ৰস্তুতি ৷ এই উৎসৱত কলকাতা, মহাৰাষ্ট্ৰকে ধৰি মুঠ ৬৫ টা প্ৰকাশন প্ৰতিষ্ঠান আৰু পুথি বিক্ৰেতাই অংশগ্ৰহণ কৰিব ৷

Published : October 23, 2024 at 4:59 PM IST
ধেমাজি : অহা ২৬ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ বৰ্ণিল কাৰ্যসূচীৰে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হ'ব তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ সহযোগত আয়োজিত হ’ব এই গ্ৰন্থ উৎসৱটি ৷
ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে বুলি ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ উদ্যানত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷
ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে জনোৱা মতে, ২৬ অক্টোবৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি গ্ৰন্থ উৎসৱৰ দ্বাৰ উদঘাটনেৰে পাতনি মেলা হ'ব ৷ ইয়াৰ পিছতে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ পৰা হ'ব ৷ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠানৰ বিপৰীতে দিনৰ ১ বজাত উলিওৱা হ'ব বৰ্ণাঢ্য গ্ৰন্থ শোভাযাত্ৰা ৷
সংবাদমেলত অংশ লৈ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি তথা আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দীপক শৰ্মাই কয় যে ৯ দিনীয়া গ্ৰন্থ উৎসৱত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, প্ৰাচীৰ পত্ৰিকা, বিজ্ঞান প্ৰদৰ্শনী, সাধু কোৱা, কুইজ, তৰ্ক, হাতৰ আখৰ লিখা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হ'ব ৷
গ্ৰন্থ উৎসৱত কবি সন্মিলন, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, স্বাৱলম্বন আৰু উদ্যমিতা বিষয়ক কৰ্মশালাৰ উপৰিও আটাইকেইদিনতে একোখনকৈ ভাওনা প্ৰদৰ্শনৰ লগতে সন্ধিয়ালৈ অনুষ্ঠিত হ'ব বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি এখনি বৃহৎ কলেবৰৰ স্মৰণিকাৰ উপৰিও ধেমাজিৰ প্ৰবীণ সাহিত্যিক নিবেদিতা বৰাৰ সম্পাদনাত ‘মহাশ্বেতা’ শীৰ্ষক অসমৰ লব্ধপ্ৰতিষ্ঠ সাহিত্যিক নলিনীবালা দেৱীৰ সাহিত্য কৰ্ম বিষয়ক এখনি তত্ত্বগধুৰ গ্ৰন্থও প্ৰকাশ পাব ৷
উল্লেখ্য যে, আছুৰ এই তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱত কলকাতাৰ লগতে অসমৰ মুঠ ৬৫ টা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী আৰু পুথি বিক্ৰেতা অনুষ্ঠানে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে সংবাদমেলত সদৰী কৰে ৷
লক্ষ্যণীয় যে গ্ৰন্থ উৎসৱৰ বিভিন্ন কাৰ্যসূচীত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, ভাৰপ্ৰাপ্ত সম্পাদক চৰ্জুন হাঞ্চে উপস্থিত থাকিব ৷ লগতে বিশিষ্ট কবি প্ৰণয় ফুকন, উজ্জ্বল পাওগাম, সাহিত্য একাডেমী বঁটাপ্ৰাপক ডক্টৰ জয়ন্ত মাধৱ বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল, অধ্যাপক ডক্টৰ সুৰজিৎ বৰকটকী, শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোঁহাই, বিশিষ্ট পৰিৱেশবিদ দেৱজিৎ ফুকন আদিয়ে অংশ ল’ব ৷

