লখিমপুৰ, ৫ মাৰ্চ : বুধবাৰে লখিমপুৰত কেইবাশ কোটিটকাৰ ভালেকেইখন আঁচনি উদ্বোধন, শিলান্যাস তথা ভূমিপূজন কৰিব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানৰ প্ৰাকসন্ধ্যা বিধায়ক মানৱ ডেকাৰ উদ্যোগত উদ্বোধন হ'বলগীয়া সন্মিলন কেন্দ্রটোত মুখ্যমন্ত্রীৰ কুশল কামনাৰ্থে প্ৰাৰ্থনা কৰা হয় । লগতে লখিমপুৰৰ অধিক উন্নয়নৰ বাবে শ শ বন্তি প্ৰজ্বলন কৰা হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে বুধবাৰে লখিমপুৰত ১৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এটা সন্মিলন কেন্দ্রকে ধৰি কেইবাশ কোটি টকাৰ বহুকেইখন আঁচনি উদ্বোধন, শিলান্যাস তথা ভূমিপূজন কৰিব মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তাৰ বাবে লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত বিশাল আয়োজন কৰা হৈছে । এই অনুষ্ঠানৰ প্ৰাকসন্ধ্যা বুধবাৰে উদ্বোধন হ'বলগীয়া নৱনিৰ্মিত সন্মিলন কেন্দ্রটোত শ শ বন্তি প্ৰজ্বলন কৰি এক মংগলময় পৰিৱেশৰ সূচনা কৰা হয় ।
লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আয়তীৰ উৰুলি,মংগল ধ্বনি আৰু নাম-কীৰ্তনৰ মাজত কেন্দ্রটোৰ সন্মুখৰ পৰা সমগ্র চৌহদত বন্তি প্ৰজ্বলন কৰা হয় । আনহাতে, বন্তি প্ৰজ্বলন কৰি বিধায়ক মানৱ ডেকাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীৰ কুশল কামনা কৰাৰ লগতে লখিমপুৰৰ যাতে আৰু অধিক উন্নয়ন হয় সেই কামনাৰে এইদৰে বন্তি প্ৰজ্বলন কৰা হৈছে । লখিমপুৰৰ উন্নয়নৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক মানৱ ডেকাই কয় যে প্ৰাক-নিৰ্বাচনী সভা-সমিতিত মুখ্যমন্ত্রীগৰাকীয়ে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰালে সমষ্টিটো জালুকবাৰী সমষ্টিৰ দৰে গঢ়ি তুলিব বুলি কথা দিছিল । সেই কথামতেই এতিয়া লখিমপুৰৰ উন্নয়ন চমকপ্ৰদ হৈছে বুলি তেওঁ কয় ।
তেওঁ কয় যে ঘূণাসুঁতিৰ দলং, আইএছবিটি, ডেৰশ কোটি টকাৰ পানী যোগান আঁচনি আদি অসংখ্য আঁচনিৰে সমৃদ্ধ হৈছে লখিমপুৰ বিধানসভা সমষ্টি । লখিমপুৰ বিধানসভা সমষ্টিৰ উন্নয়ন জালুকবাৰী সমষ্টিতকৈ কোনো গুণে কম নহয় বুলি অভিহিত কৰে মানৱ ডেকাই । এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত দলীয় কার্যকৰ্তাসকলৰ লগতে বহু লোকে অংশগ্রহণ কৰে ।
লগতে পঢ়ক :কৃত্ৰিমতা ভাল নোপোৱা বিজুলী কলিতা মেধিৰ সৈতে বিশেষ সাক্ষাৎকাৰ