ETV Bharat / state

বৰপেটা দৌল মহোৎসৱৰ সৈতে ফানুচৰ সম্পৰ্ক কি ?

বৰপেটা দৌল মহোৎসৱৰ এক অপৰিহাৰ্য অংশ ফানুচ । জানো আহক ইয়াৰ গুৰুত্ব ।

Fanush used at Barpeta Doul Utsav
বৰপেটা দৌল মহোৎসৱৰ সৈতে ফানুচৰ সম্পৰ্ক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 10, 2025 at 1:34 PM IST

|

Updated : March 10, 2025 at 2:12 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : বৰপেটাৰ ঐতিহাসিক দৌল মহোৎসৱ সমাগত ।‌ ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ বৰপেটা সত্ৰত পালন কৰা হ'ব দৌল মহোৎসৱ ৷ দৌল উদযাপনক লৈ ইয়াৰ লগত জড়িত সকলোৰে মাজত ব্যস্ততা বাঢ়িছে । একেই ব্যস্ততা বাঢ়িছে বৰপেটাৰ এক মৌলিক পৰিচয় বহন কৰা ফানুচ তৈয়াৰ কৰা শিল্পীসকলৰ মাজতো ।

কেনেদৰে প্ৰস্তুত কৰা হয় ফানুচ ?

উল্লেখ্য যে বৰপেটাৰ দৌলৰ এক এৰাব নোৱৰা অংশ হ'ল ফানুচ । কিয়নো কেৱল দৌলৰ সময়তহে ইয়াক তৈয়াৰ কৰা হয় ।‌ ৰং বিৰঙী কাগজ, বাঁহ, গুণা, আঠা আৰু শলিতাৰে ইয়াক তৈয়াৰ কৰা হয় । প্ৰথমে বাঁহৰ এডাল পাতলীয়া কামিৰে এটা চকৰি সজা হয় ।

বৰপেটা দৌল মহোৎসৱৰ সৈতে ফানুচৰ সম্পৰ্ক (ETV Bharat)

সেই চকৰিটোত ধান থোৱা ডুলিৰ আকাৰত নানাৰঙী কাগজ আঠা লগোৱা হয় । তাৰ পিছত চকৰিটোত গুণা গাঁঠি মাজত শলিতা ওলোমাই দিয়া হয় ।‌ সেই শলিতা মিঠাতেলত জুবুৰিয়াই তাত জুই লগাই দিলে ফানুচটো উৰি যায় ।

Fanush used at Barpeta Doul Utsav
বৰপেটা দৌল মহোৎসৱৰ সৈতে ফানুচৰ সম্পৰ্ক (ETV Bharat)

কোনে তৈয়াৰ কৰে ফানুচ ?

বৰপেটাৰ এই ফানুচ তৈয়াৰ কৰাৰ লগত মুষ্টিমেয় কিছুসংখ্যক লোকহে জড়িত হৈ আছে ।‌ তেওঁলোকে দৌলৰ সময়ত ইয়াক তৈয়াৰ কৰে । ইয়াৰ বাবে বৰপেটা সত্ৰৰ পৰা তেওঁলোকক দায়িত্ব দিয়া হয় ।

Fanush used at Barpeta Doul Utsav
ফানুচ তৈয়াৰ কৰাত ব্যস্ত শিল্পী (ETV Bharat)

বিগত ২৪ বছৰ ধৰি বৰপেটা সত্ৰৰ হৈ দৌলত ফানুচ তৈয়াৰ কৰি অহা বিলৰতাৰী হাটীৰ লীলাধৰ দাসে কয় যে এক বিজ্ঞানসন্মত পদ্ধতিৰে পৰম্পৰাগত এই ফানুচ তৈয়াৰ কৰা হয় ।‌ যেনে- মিঠাতেলত জুবুৰিয়াই দিয়া শলিতাত জুই জ্বলাই দিলে হাইড্ৰ'জেন গেছ উৎপন্ন হয় আৰু সেই গেছে ফানুচটো ওপৰলৈ উৰুৱাই লৈ যায় ।

Fanush used at Barpeta Doul Utsav
ফানুচ তৈয়াৰ কৰাত ব্যস্ত শিল্পী (ETV Bharat)

দাসে কয়, "এইবাৰৰ দৌল মহোৎসৱৰ বাবে আমাক উৰুৱাবলৈ ১৪ টা ফানুচ তৈয়াৰ কৰাৰ দায়িত্ব দিছে । তাৰে ৫ টা গোন্ধযাত্ৰাৰ দিনা আৰু ৫ টা ভৰদৌলৰ দুদিনত উৰুওৱা হ'ব ।‌ উৰি যোৱাৰ পাছত শলিতা প্ৰায় এঘণ্টা ধৰি জ্বলি থাকে আৰু তেতিয়ালৈকে আকাশৰ বহু ওপৰত ফানুচটোত উৰি থাকে । চকুৰে নেদেখালৈ এই ফানুচটো উৰি যায় । ফানুচ উৰুওৱা পৰ্ব চাবলৈ বহু লোকৰ ভিৰ হয় ।"

লগতে পঢ়ক :পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু - NATURAL HOLI COLORS

Last Updated : March 10, 2025 at 2:12 PM IST