যোৰহাট : অসমৰ বান সমস্যা আজিৰ নহয় । বছৰ বছৰ ধৰি লাখ লাখ লোক বানত প্ৰভাৱিত হৈ আহিছে । একাংশ লোকৰ বাবে বান এতিয়া কেৱল সমস্যাই হৈ থকা নাই এয়া অভিশাপ হৈ পৰিছে । বছৰি বানে ঘৰ-বাৰী উটুৱাই লৈ যায় । পুনৰ নতুন স্থানত ঘৰ-বাৰী সাজি থিতাপি লয় । কিন্তু সেই ঠিকনাও স্থায়ী নহয় । আকৌ এবছৰ নৌহওঁতেই বান আহে । এনে পৰিস্থিতিত ঘৰৰ আন সম্পদৰ প্ৰতি মোহ নাই তেওঁলোকৰ ।
জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পদ হৈছে নাও ! নাওখনকে সাৰথি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । এই দৃশ্য এতিয়া সুলভ যোৰহাট জিলাত ।
এইবাৰো ব্ৰহ্মপুত্ৰৰ বলীয়া বানে উত্তৰ-পশ্চিম যোৰহাটৰ লগতে কাষৰীয়া দেৰগাঁৱৰ বহু অঞ্চলক প্ৰভাৱিত কৰিলে । বানে শেষ কৰি পেলালে বহু হেক্টৰ কৃষিভূমি, ধ্বংস কৰিলে ঘৰ-দুৱাৰ । দুৰ্দশাৰ অন্ত নাই এতিয়া বৃহত্তৰ অঞ্চলটোৰ কৃষক তথা সাধাৰণ ৰাইজৰ ।
উত্তৰ-পশ্চিম যোৰহাটৰ বেলগুৰি, চিনাইচুক, বকোৰা, বামুণীবিলকে আদি কৰি বহু গাঁও এতিয়াও পানীৰ তলত আছে । অঞ্চলটোৰ কৃষকৰ বহু কষ্টৰে কৰা শস্যখিনিও নষ্ট হৈছে । শ শ বিঘাৰ বৰো ধানৰ খেতি এতিয়া পানীৰ তলত । যাৰ বাবে এবুকু পানীত নামি ধানবোৰ কাটিছে কৃষকসকলে ।
তাতকৈও দুখৰ কথাটো হ'ল যে বানে ডুবাই পেলোৱা পুৰঠ নোহোৱা ধানকে কাটিবলৈ বাধ্য হৈছে কৃষকসকল । এনে পৰিস্থিতিত দুৰ্ভগীয়া কৃষকসকলে চৰকাৰৰ পৰা সহায় বিচাৰিছে ।
আনহাতে বান প্ৰভাৱিত অঞ্চলটোত যাতায়াত সেৱা ব্যাহত হৈ পৰিছে । মূল পথবোৰ বানে বুৰাই পেলাইছে । ক'ৰবাত আকৌ বাঢ়নী পানীয়ে ছিঙি পেলাইছে পথ । এনে পৰিস্থিতিত লোকসকলে যাতায়াতৰ মূল চালিকা শক্তি হিচাপে বাছি লৈছে নাওখনক ।
নাওখনকে সাৰথি কৰি জীৱন যুঁজত ব্ৰতী হৈ পৰা পৰিলক্ষিত হৈছে বানাক্ৰান্ত ৰাইজ । কণমানি সন্তানক নাৱত বহুৱাই বানে ধোৱা কৃষিপথাৰখন চাইছে কৃষকে । এনে দুৰ্দশাৰ ছবিয়ে সকলোৰে মন মগজু আকৰ্ষণ কৰিছে ।
উল্লেখ্য যে উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ উভতনি বানে বছৰি ক্ষতিগ্ৰস্ত কৰিছে । ৰঙাগড়া খুটিয়াপতিয়া মথাউৰিৰ বহিখোৱা বাৰগুৰি ধেমাজি অংশ ছিঙি পেলোৱাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে । বৃহৎ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত কৃষকসকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে । সেয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক ৰাইজে সহায়ৰ বাবে অনুৰোধ জনাইছে ।

এগৰাকী বানাক্ৰান্তই কয়, "যোৱা ২ জুনৰ পৰা কৃষিপথাৰ জলমগ্ন হৈ পৰিছে । জনজীৱন ক্ষতিগ্ৰস্ত হৈছে । উভতনি বানে ১৯৯৮ চনৰ পৰাই সমগ্ৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে । মুখ্যমন্ত্ৰীক ইয়াৰ পৰাই আহ্বান জনাইছো এই অঞ্চলটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত উক্ত মথাউৰিটোৰ ছিগা অংশ পুনৰ মেৰামতি কৰি দিয়ক । টীয়ক সমষ্টিৰ বিধায়ক ডাঙৰীয়া আপুনি যদি ক'ৰবাত শুইও আছে, আহি এবাৰ এই অঞ্চলটো পৰিদৰ্শন কৰক ।"
লগতে পঢ়ক :ৰঙানদীৰ সংহাৰৰ নেপথ্যত বাৰে বাৰে নীপকো কিয় ? ৰহস্য ফাদিল - RANGANADI DAM DOWNSTREAM IMPACTS