ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভস্ম, জুবিনময় লুইতৰ বুকু
জুবিনৰ সপোন পূৰণ কৰি ব্ৰহ্মপুত্ৰত বিলীন কৰিলে চিতাভস্ম । ৰাজ্যত প্ৰথমবাৰৰ বাবে চিতাভস্ম বিসৰ্জন দিয়া হ'ল ব্ৰহ্মপুত্ৰত । নেহৰুবালিত ৰোপণ 'জুবিন বৃক্ষ' ।

Published : September 25, 2025 at 6:41 PM IST
নগাঁও: বিভিন্ন মঞ্চত জুবিন গাৰ্গেই কৈছিল মৃত্যুৰ পাছত তেওঁক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ । প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছত বৃহস্পতিবাৰে জুবিনময় হৈ পৰে লুইতৰ বুকু । নগাঁৱৰ ধিঙৰ মোৱামাৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত গঢ়ি উঠে এক অনন্য পৰিবেশ ।
ছয়খনকৈ নাৱত জুবিন গাৰ্গৰ ফটোৰে সজ্জিত কৰি লুইতৰ বুকুত প্রিয় শিল্পীগৰাকীৰ চিতাভস্ম । উদ্দেশ্য বিসৰ্জন দিয়া । জুবিন গাৰ্গৰ এক ইচ্ছা পূৰণৰ উদ্দেশ্যেই প্রিয় শিল্পীগৰাকীৰ চিতাভস্ম বৃহস্পতিবাৰে বিসৰ্জন দিয়া হয় লুইতৰ বুকুত ।
নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ নগাঁৱৰ ৰাইজে বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে প্রিয় শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম । জুবিনৰ প্রিয় গীত মায়াবিনীৰে মুখৰিত হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকু ।
ইয়াৰ পূৰ্বে নগাঁৱৰ কলঙতো পৰিলক্ষিত হয় আন এক অনন্য পৰিবেশ । এখন পুষ্পসজ্জিত নাও । নাওখনত আছে অসমৰ প্রিয় শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিতাভস্ম । নাৱত আছে ভকত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । এয়া নগাঁৱৰ নেহৰুবালিৰ পাৰৰ কলঙৰ দৃশ্য ।

মঙলবাৰে পঞ্চভূতত বিলীন হোৱা জনতাৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা নগাঁও জিলাত বুধবাৰে দিনৰ পৰা মাজনিশালৈকে নগঞা ৰাইজে প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত বুধবাৰে চিতাভস্মৰ কিছু অংশ কলঙৰ বুকুত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হয় । এখন পুষ্পসজ্জিত নাৱেৰে কলঙৰ বুকুত বিলীন কৰি দিয়া হয় শিল্পী জুবিন গাৰ্গৰ চিতাভস্মৰ কিছু অংশ ।

নেহৰুবালিত ৰোপণ কৰা হয় এটি নাহৰৰ পুলি । যিটো পৰৱৰ্তী সময়ত 'জুবিন গাৰ্গ বৃক্ষ' নামেৰে নামকৰণ কৰা হ'ব । সমান্তৰালকৈ চিতাভস্মৰ কিছু অংশ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত জুবিন গাৰ্গৰ নামত নামকৰণ কৰিবলগীয়া নিৰ্মীয়মাণ উদ্যানত সংস্থাপন কৰা হয় ।

ইয়াৰ পাছতেই জুবিন গাৰ্গে কৈ যোৱাৰ দৰেই ব্ৰহ্মপুত্ৰতো প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়া হয় । বৃহস্পতিবাৰে লুইতৰ বুকুত প্রিয় শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জন দি শিল্পীগৰাকীৰ এটা ইচ্ছা পূৰণ হৈছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । কলঙৰ লগতে ধিঙৰ লুইতৰ বুকুত প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্ম বিসৰ্জনৰ সময়ত স্থানীয় চৰ-চাপৰিৰ লোকসকলেও ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ।

চিতাভস্ম বিসৰ্জনৰ পিছত বিধায়ক ৰূপক শৰ্মাই কয়, "এটাই মনটো ভাল লাগিছে, যদিও সকলোবিলাকৰ লগতে আমিও দুখত আছোঁ । কিন্তু তেওঁৰ ইচ্ছা আছিল লুইতৰ বুকুত তেওঁক উটুৱাই দিয়াৰ কথা কৈছিল । আজি তেওঁৰ চিতাভস্ম লুইতৰ বুকুত জিলা আয়ুক্ত, মই আৰু আৰক্ষী অধীক্ষক সকলোৱে মিলি আজি আমি ইয়াত বিসৰ্জন দিলোঁ । কলঙৰ বুকুত প্ৰথমতে দিছিলোঁ, তাৰ পিছত লুইতৰ বুকুত । গতিকে মনটো অলপ হ'লেও ভাল লাগিছে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ ইচ্ছা আমি পূৰণ কৰিব পাৰিছোঁ ।"

