গুৱাহাটী: ৰাজ্যৰ ২৪ খন জিলাত অহা ২৪ ঘন্টাৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে । গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘন্টাত ৰাজ্যৰ ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট(Orange alert) আৰু ১৬ খন জিলাত ইয়েল্ল' এলাৰ্ট (Yellow alert) জাৰি কৰিছে । অৰেঞ্জ এলাৰ্ট (Orange alert) জাৰি কৰা জিলাকেইখন ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বাক্সা, চিৰাং, তামুলপুৰ, বৰপেটা আৰু বঙাইগাঁও ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, এই জিলাকেইখনত অহা ২৪ ঘন্টাত অতি প্ৰৱল বৰষুণ হ'ব । বিজুলী-ঢেৰেকনিৰে ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগত বতাহ বলিব ।

ইয়েল্ল' এলাৰ্ট (Yellow alert) জাৰি কৰা জিলাকেইখন ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, বিশ্বনাথ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাছাও, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, হোজাই, মৰিগাঁও, নগাঁও, কামৰূপ, কামৰূপ মহানগৰ আৰু গোলাঘাট জিলা । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, এই জিলাকেইখনত অহা ২৪ ঘন্টাত বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ লগতে ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলিব ।
আনহাতে অহা দুদিনলৈ কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত ঠায়ে ঠায়ে অতি প্ৰৱল বৰষুণ অব্যাহত থাকিব । একেদৰে অহা দুদিনলৈ ১৩ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, বিশ্বনাথ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাছাও, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, কামৰূপ, কামৰূপ মহানগৰ আৰু গোলাঘাট জিলাত ঠায়ে ঠায়ে বিজুলী ঢেৰেকনিৰে বৰষুণ অব্যাহত থাকিব ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণ আৰু তাপমাত্ৰাৰ অন্য পর্যবেক্ষণ অনুসৰি যোৱা ২৪ ঘন্টাত ৰাজ্যখনৰ দিনৰ তাপমাত্ৰাৰ উল্লেখনীয়ভাৱে কম আছিল ।