ETV Bharat / state

চিকিৎসা সঁজুলিৰ উদ্ভাৱনৰ পদক্ষেপ IIT গুৱাহাটীৰ

চিকিৎসাখণ্ডৰ বাবে আই আই টি গুৱাহাটীৰ বিশেষ পদক্ষেপ । অর্থপেডিকখণ্ডৰ সামগ্ৰী নিৰ্মাতা মিৰাক্লাচ অৰ্থটেকৰ মাজত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ IIT গুৱাহাটীৰ ।

IIT Guwahati takes steps to invent medical equipment
চিকিৎসা সঁজুলিৰ উদ্ভাৱনৰ পদক্ষেপ আই আই টি গুৱাহাটীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 31, 2025 at 1:33 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: জৈৱ চিকিৎসা অভিযান্ত্রিক ব্যৱস্থাপনা সন্দৰ্ভত গৱেষণা আৰু নতুন নতুন উদ্ভাৱনৰ দিশ উন্মোচিত কৰাৰ বাবে আই আই টি গুৱাহাটীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । জৈৱ চিকিৎসা অভিযান্ত্রিক ব্যৱস্থাপনাক আগুৱাই লৈ যোৱাৰ লগতে চিকিৎসা সঁজুলিৰ জটিল প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আই আই টি গুৱাহাটীয়ে প্ৰস্তুত কৰিছে পৰিকল্পনা ।

এই পৰিপ্ৰেক্ষিতত দেশৰ আগশাৰীৰ অর্থপেডিকখণ্ডৰ সামগ্ৰী নিৰ্মাতা মিৰাক্লাচ অৰ্থটেকৰ সৈতে কাম কৰাৰ বাবে গুৱাহাটী আই আই টিয়ে এক পৰিকল্পনা প্ৰস্তুত কৰিছে । জৈৱ চিকিৎসা অভিযান্ত্রিক ব্যৱস্থাপনা আগুৱাই লৈ যোৱাৰ লগতে চিকিৎসা সঁজুলিখণ্ডৰ জটিল প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে আই আই টি গুৱাহাটী আৰু দেশৰ আগশাৰীৰ অর্থপেডিকখণ্ডৰ সামগ্ৰী নিৰ্মাতা মিৰাক্লাচ অৰ্থটেকৰ মাজত বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে ।

এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আই আই টি গুৱাহাটীৰ আৰ এণ্ড ডিৰ ডীন অধ্যাপক ৰোহিত সিনহা আৰু মিৰাক্লাছ অৰ্থটেক প্রাইভেট লিমিটেডৰ সঞ্চালক প্ৰণৱ ঠাকে । এই সন্দৰ্ভত আই আই টি গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জলিহালে কয়, "আই আই টি গুৱাহাটীয়ে সমাজ তথা দেশৰ প্রযুক্তিগত উন্নয়নৰ বাবে সদায় প্রস্তুত থকাৰ লগতে কাম কৰি আহিছে । মিৰাক্লাছ অৰ্থটেকৰ সৈতে গৱেষণাক ব্যৱহাৰিক উদ্ভাৱনলৈ ৰূপান্তৰিত কৰি স্বাস্থ্যসেৱাত উচ্চমান প্ৰদানত ফলপ্ৰসু হ'ব পাৰিম বুলি আশাবাদী ।"

তেওঁ লগতে কয়, "এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে গৱেষণা আৰু উন্নয়ন, পণ্য পৰীক্ষণ আৰু বৈধকৰণ, দক্ষতা বিকাশৰ লগতে বৌদ্ধিক উৎকৰ্ষত গুৰুত্ব প্ৰদান কৰা হ'ব । মিৰাক্লাছ অৰ্থটেকৰ পৰিচালন সঞ্চালক প্ৰণৱ ঠাকেৰে উল্লেখ কৰে যে প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে ধাৰাবাহিকভাৱে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে ।"

ইয়াৰোপৰি তেওঁ কয়, "আই আই টি গুৱাহাটীৰ লগত এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে মিৰাক্লাছৰ স্থান আৰু অধিক শক্তিশালী হ'ব । ‘‘মেক ইন ইণ্ডিয়া’’ আঁচনিৰ অংশ হিচাপে চিকিৎসা সঁজুলিখণ্ডত উদ্ভাৱন ত্বৰান্বিত কৰা, আমদানি হ্ৰাস কৰা আৰু সুলভ মূল্যৰ উচ্চমানৰ স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ'ব । শৈক্ষিক বিনিময় কাৰ্যসূচীৰ জৰিয়তে গৱেষক আৰু ছাত্র-ছাত্রীসকলে উদ্যোগ খণ্ডত ঘনিষ্ঠভাৱে কাম কৰি তাত্ত্বিক গৱেষণা আৰু ব্যৱহাৰিক দিশত সফলতা লাভ কৰিব পাৰিব ।"

তেওঁ প্ৰকাশ কৰে যে গৱেষণাগাৰৰপৰা বজাৰলৈ উদ্ভাৱনমূলক চিকিৎসা সঁজুলিৰ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ বাবে অনুমোদন আৰু বাণিজ্যিকীকৰণৰ বাবেও এক ৰোডমেপ প্রস্তুত কৰিব ।

লগতে পঢ়ক: স্তনৰ কৰ্কট ৰোগ চিকিৎসাৰ বাবে নতুন খবৰ দিলে আই আই টি গুৱাহাটীয়ে - NEW INJECTION FOR BREAST CANCER

আই আই টি গুৱাহাটীৰ জিলা পৰ্যায়ৰ জলবায়ু বিপদাশংকা মূল্যায়ন প্ৰতিবেদন প্ৰকাশ - CLIMATE RISK ASSESSMENT REPORT