ETV Bharat / state

আই আই টি গুৱাহাটীত পঢ়িব পাৰিব জৈৱ চিকিৎসা বিজ্ঞান-অভিযান্ত্ৰিকৰ স্নাতক

উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকললৈ সুখবৰ ৷ এই সুখবৰ আনিছে আই আই টি গুৱাহাটী, এইমছ গুৱাহাটী আৰু নাইপাৰ গুৱাহাটীয়ে ৷

IIT Guwahati
আই আই টি গুৱাহাটী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 10:57 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক অধ্যয়নক নতুন গতি দিয়াৰ উদ্দেশ্যে অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটী, এইমছ গুৱাহাটী আৰু নাইপাৰ গুৱাহাটীয়ে যৌথভাৱে আগবাঢ়ি আহিছে ।

শেহতীয়াকৈ আই আই টি গুৱাহাটীয়ে এইমছ গুৱাহাটী আৰু নাইপাৰ গুৱাহাটীৰ সহযোগিতাৰে চাৰিবছৰীয়া জৈৱ চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্রিক স্নাতক [Bachelor of Science, (BS) Program in Biomedical Science and Engineering] পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ।

আই আই টি গুৱাহাটীত স্থাপন কৰা জ্যোতি এণ্ড ভূপাত মেহতা স্কুল অৱ হেলথ ছায়েন্স এণ্ড টেকন'লজী (জে বি এম এছ এইচ এছ টি) ত চাৰিবছৰীয়া বিজ্ঞান স্নাতক পাঠ্যক্ৰমত এই বৰ্ষৰপৰাই নামভৰ্তি কৰা সুবিধা গ্ৰহণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে ৷

আবেদনৰ বাবে যোগ্যতা

২৫ এপ্ৰিলৰপৰা এই পাঠ্যক্ৰমৰ বাবে আবেদন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । ২৫ মে' হৈছে আবেদন দাখিলৰ অন্তিমটো দিন । ২০২৪ অথবা ২০২৫ চনত পদার্থ বিদ্যা, ৰসায়ন বিজ্ঞান, গণিত আৰু জীৱ বিজ্ঞানসহ ন্যূনতম ৭৫ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকত উত্তীর্ণ শিক্ষার্থীসকলে কৰিব পাৰিব আবেদন ৷ ২০২৫ চনৰ আই আই এছ ই আৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণসকলেও আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে ।

IIT Guwahati
আই আই টি গুৱাহাটী (ETV Bharat Assam)

পাঠ্যক্ৰমত কি কি থাকিব

এই পাঠ্যক্ৰমত মেকানিক্‌ছ, ইলেক্ট্রিকেল আৰু ইলেক্ট্ৰ'নিক ছিষ্টেম, মেথমেটিকেল মডেলিং, ডিজাইন এণ্ড প্রট টাইপিং, বায়’ ইনফর্মেটিক্‌ছ, বায়’মেডিকেল ডিভাইচ, ফাৰ্মাক'লজী, ইনফর্মেটিক্‌ছ এণ্ড এ আই ইন মেডিচিন, বায় ইনষ্ট্ৰুমেণ্টেছন, ছেন্স এণ্ড ৱেৰে ডিভাইচ আদি বিষয় থাকিব ।

নতুন পাঠ্যক্ৰম সন্দৰ্ভত বিশেষজ্ঞৰ মত

আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেবেন্দ্র জালিহাল, এইমছ গুৱাহাটীৰ সঞ্চালক অধ্যাপক অশোক পুৰাণিক, নাইপাৰ গুৱাহাটীৰ সঞ্চালক অধ্যাপক ইউ এছ এন মূৰ্তি আদিৰ উপস্থিতিত আয়োজিত এটা অনুষ্ঠানত এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰা হয় ৷

এই পাঠ্যক্ৰমৰ সন্দৰ্ভত আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে কয়, "এই আন্তঃবিষয়ক কাৰ্যসূচীয়ে অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান আৰু ঔষধ বিজ্ঞানক একত্ৰিত কৰিব । এই পদক্ষেপে গৱেষকসকলক বিভিন্ন শাখাত ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰি গৱেষণামূলক কাম কৰাত সহায় কৰিব । আমি আত্মবিশ্বাসী যে এই কাৰ্যসূচীয়ে পৰৱৰ্তী প্ৰজন্মৰ জৈৱ-চিকিৎসা অভিযন্তাসকলক উৎসাহিত কৰিব আৰু তেওঁলোকক স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেল উদ্যোগত উদ্ভাৱন আৰু নেতৃত্ব দিবলৈ প্ৰস্তুত কৰিব তুলিব ।’’

তেওঁ লগতে কয় - ‘‘জৈৱ চিকিৎসা বিজ্ঞান হ'ল বিজ্ঞানৰ এনে এখন ক্ষেত্র, য'ত প্রাকৃতিক বিজ্ঞান বা আনুষ্ঠানিক বিজ্ঞানৰ যিকোনো এটাৰ বা উভয়ৰে জ্ঞান বা প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে বিকশিত হয় । জৈৱ চিকিৎসা বিজ্ঞানে মূলতঃ স্বাস্থ্যসেৱা বা জনস্বাস্থ্যক বেছি গুৰুত্ব দিয়ে ।’’

এইমছ গুৱাহাটীৰ সঞ্চালক অধ্যাপক অশোক পুৰাণিকে এই পাঠ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠানত ভাষণ কৰি কয়, "এই পদক্ষেপৰ জৰিয়তে আমি অভিযান্ত্ৰিক, জৈৱ প্ৰযুক্তি আৰু ঔষধৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্য লৈছো । এইমছ গুৱাহাটী, আই আই টি গুৱাহাটী আৰু এন আই পি ই আৰ গুৱাহাটীৰ শক্তি একত্ৰিত কৰি আমি এনে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব বিচাৰিছো, যিয়ে অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা প্ৰযুক্তিৰ ভৱিষ্যতক পৰিচালিত কৰিব ।’’

লগতে পঢ়ক: সমৰ্থ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ ক্ষেত্রত এছ অ’ পি উচ্চ শিক্ষা বিভাগৰ