শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান, উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতি: আই জি পি অখিলেশ কুমাৰ সিং
ৰেংমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰৰ পৰাই মঙলবাৰে পুৱা আৰম্ভ হৈছে উচ্ছেদৰ কাৰ্যসূচী ৷

Published : July 29, 2025 at 4:06 PM IST
সৰুপথাৰ: উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত উপস্থিত অসম আৰক্ষীৰ শান্তি-শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং । মঙলবাৰে পুৱাৰে পৰা উৰিয়ামঘাটত চলি আছে অসম চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ৷
পৰিস্থিতি পৰিদৰ্শন কৰি এই উচ্ছেদ অভিযান সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ শান্তি-শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে । শীৰ্ষ আৰক্ষী বিষয়া সিঙে কয়, ‘‘শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান । উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতিৰ ৷’’
তেওঁ লগতে কয়, ‘‘উচ্ছেদ অভিযান চলি আছে । আজি যিমান এলেকা লোৱা হৈছে প্ৰায় সম্পূৰ্ণ হৈছে । বন বিভাগে জৰীপ কৰি প্ৰস্তুত কৰা পৰিসৰৰ ভিতৰত ভাঙি দিয়া হৈছে । পুলিচে নিৰাপত্তা দি আছে । এতিয়ালৈকে শান্তিপূৰ্ণভাৱে চলিছে উচ্ছেদ । স্থানীয় ৰাইজৰ সমৰ্থন পাইছো । ইতিমধ্যে জাননী পোৱাৰ পিছতেই বহু লোক আঁতৰি গৈছে । বাকী যিখিনি আছে সেইখিনি বেদখলমুক্ত কৰা হ’ব ।’’
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰৰ পৰাই মঙলবাৰে পুৱা আৰম্ভ কৰা হৈছে উচ্ছেদৰ কাৰ্যসূচী ৷ বেদখলকাৰীসকলে চহৰকে ধৰি যি জনবসতিপূৰ্ণ অঞ্চল গঢ়ি তুলিছিল, সেয়া সম্পূৰ্ণ ধ্বংসস্তুপত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে । বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চলিছে প্ৰশাসনৰ বুলড’জাৰ ।

অসমৰ ইতিহাসত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ২৯ জুলাইৰ দিনটো । কিয়নো উজনি অসমৰ বেদখলকাৰীৰ অভিকেন্দ্ৰ উৰিয়ামঘাট সীমান্তত অৱশেষত পৰিছে চৰকাৰ-প্ৰশাসনৰ হাতোৰা ৷ উচ্ছেদস্থলীত হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷
লগতে পঢ়ক: এক্সকেভেটৰে এফালৰ পৰা মহতিয়াই নিছে ঘৰ-বাৰী, আৰম্ভ চৰকাৰৰ উচ্ছেদ অভিযান - URIAMGHAT EVICTION

