অসম গৌৰৱ বিশ্বজিৎ বৰাই শীঘ্ৰে ৰাইজক উপহাৰ দিব গ্ৰাম্য বৰ্ষাৰণ্য
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৰহাটৰ ঔষধযুক্ত ৰঙা বাও ধানৰ সমাদৰ ৷ বিভিন্ন প্ৰজাতিৰ অৰ্কিড, ঔষধযুক্ত উদ্ভিদ, বাঁহৰ উদ্যান গঢ়ি জিলিকিল যোৰহাট কৃষক এজন আদৰ্শ কৃষক...

Published : March 11, 2025 at 12:17 PM IST
যোৰহাট : এজন আদর্শ কৃষক ৷ দিনৰ দিনটো তেওঁ ব্যস্ত থাকে খেতিপথাৰ নাইবা বাৰীখনত ৷ ২০১০ চনত মাত্ৰ চাৰি বিঘা মাটিত প্ৰথমে তেওঁ ড্ৰেগন খেতিৰ জৰিয়তে আৰম্ভ কৰিছিল কৃষি ৷ বৰ্তমান এই পৰিসৰ বৃদ্ধি হৈ প্ৰায় এশ বিঘাতকৈ অধিক হৈছে ৷
সংহত কৃষি পামৰ পৰিকল্পনা জৰিয়তে তেওঁ কৃষিকৰ্ম আগবঢ়াই নিছে । কৃষি ক্ষেত্ৰখনলৈ আদর্শ কৃষকগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে অসম কেবিনেটৰ সিদ্ধান্তমৰ্মে অসম চৰকাৰে কৃষকগৰাকীক ২০২৪ বৰ্ষৰ ''অসম গৌৰৱ বঁটা’’ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আমি উল্লেখ কৰি থকা এই আদর্শ কৃষক নাম বিশ্বজিৎ বৰা ৷ যোৰহাটৰ বাহনা কৃষি চক্ৰৰ অধীনৰ ৰংদৈ কৃষি এলেকাৰ ভগনীয়া গাঁৱৰ নিবাসী তেওঁ ৷ পূৰ্বে উল্লেখ কৰা মতে, ২০১০ চনত হাতীশাল বৰমুকলি পথাৰৰ চাৰি বিঘা মাটিত প্ৰথমে ড্ৰেগন খেতি জৰিয়তে আৰম্ভ কৰিছিল কৃষি ৷ বৰ্তমান প্ৰায় এশ বিঘাতকৈ অধিক মাটিত তেওঁ কৃষিকৰ্ম কৰি আছে ৷
অসম চৰকাৰে কৃষকগৰাকীক ''অসম গৌৰৱ বঁটা’’ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে ৷ সংবাদ মাধ্যমৰ আগত আদৰ্শ কৃষকগৰাকীয়ে কয়, ‘‘মোৰ সংহত কৃষি পামত ৫০০ টা প্ৰজাতিৰ দুৰ্লভ অৰ্কিড, ৫০০ টা প্ৰজাতিৰ ঔষধিযুক্ত উদ্ভিদ, ১০০ টা প্ৰজাতিৰ বাঁহ, আমাৰ মাজত অচিনাকি ১০ টা প্ৰজাতিৰ বেতৰ উদ্যান আছে ।’’

কৃষক বিশ্বজিৎ বৰাই কয়, ‘‘মোক ৰাজ্য চৰকাৰে ড্ৰেগন ফলৰ বাবে অসম গৌৰৱ বঁটা দিছে আৰু মই অতি শীঘ্ৰে এখন গ্ৰাম্য বৰ্ষাৰণ্য গঢ়ি তোলাৰ দিশে আগবাঢ়িছো আৰু অতি সোনকালে ৰাইজৰ বাবে এইখন মুকলি কৰি দিম ।’’
লগতে পঢ়ক : উন্নত প্ৰজাতি আৰু পদ্ধতিৰে কৃষি জাগৰণ; আমগুৰিৰ এজন শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ লগতে পঢ়ক : ৰাজপথৰ সংগ্ৰামৰ সমানে কৃষি বিপ্লৱো আনিছে গোলাঘাটৰ দিগন্তই |
উল্লেখ্য যে, কেইবা বছৰৰ পৰা বিশ্বজিৎ বৰাই বিশেষভাৱে ড্ৰেগন ফলৰ খেতি কৰি আহিছে ৷ ব্যৱসায়িকভাৱে কৃষকগৰাকী সাফল্যও অৰ্জন কৰিছে ৷ ইয়াৰ লগতে তেওঁ এই কৃষি পামত মীন পাম, বিভিন্ন শাক-পাচলি খেতিও কৰে ৷ এই কৃষি পামৰ জৰিয়তে বৰাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহস্ৰাধিক লোকক সংস্থাপনো দি আহিছে ।

ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতো জড়িত বৰাৰ কৃষি পামত ইনচুলিন প্লাণ্ট, গিলয়, শতমূল, আদাৰ আদি লগতে সততে প্ৰাপ্ত নোহোৱা বিবিধ প্ৰজাতিৰ বিশেষকৈ ক'লা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকোৰা, মচলাজাতীয় উদ্ভিদ, ভেনিলা, কাঠফুলা ইত্যাদিও উৎপাদিত হয় ।
তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভিয়েটনাম, ব্ৰিটেইন আদিকে কৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰলৈ ৰঙা বাও ধানৰ চাউল ৰপ্তানি কৰি আহিছে ৷ ফলত বিদেশতো প্ৰচুৰ পৰিমাণে সমাদৰ লাভ কৰিছে তেওঁৰ ৰঙা বাও ধানে ।

মীন পালনৰ লগতো জড়িত কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্ৰজাতিৰ ম'হ পালন কৰিছে আৰু উক্ত কৃষি পামত দুগ্ধ বিপ্লৱো গঢ়ি তুলিছে । ‘‘সংহত কৃষি পাম’’ৰ বাবে অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ ‘‘অসম গৌৰৱ বঁটা’’ লাভ কৰা বিশ্বজিৎ বৰা নতুন প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ ৷
ইতিমধ্যে বৰা সংহত কৃষি পাম পৰিদৰ্শন কৰিবলৈ বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এইজনা আদৰ্শ কৃষক বিশ্বজিৎ বৰাই ।

