ETV Bharat / state

সোধা-পোছাৰ নামত মহিলাক প্ৰহাৰ; ভোগদৈ থানাৰ আই চিৰ বিৰুদ্ধে এজাহাৰ

এইবাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মহিলা আৰু শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ ভোগদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ভুক্তভোগীয়ে দাখিল কৰিলে গোচৰ ৷

ASSAM POLICE CONTROVERSY
সোধা-পোছাৰ নামত মহিলাক প্ৰহাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 17, 2024 at 8:08 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: অতি শেহতীয়াভাৱে অসমত আটাতকৈ চৰ্চাত থকা বিষয়টো হ’ল ‘‘আৰক্ষীৰ অত্যাচাৰ’’ ৷ ভাৰ্গৱ বৰবৰা নামৰ গুৱাহাটীৰ পানবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এজন খাদ্য ডেলিভাৰী এজেন্টক প্ৰহাৰ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন দুটাকৈ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰিছে ৷ গুৱাহাটীৰ পাচত যোৰহাট আৰু নাজিৰাতো সংঘটিত হৈছে দুটাকৈ অনুৰূপ ঘটনা ৷

শিৱসাগৰ জিলাৰ নাজিৰাস্থিত ONGC ৰ প্ৰৱেশদ্বাৰত সাংবাদিকক প্ৰৱেশত বাধা দিয়াকলৈ সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ ৷ তাৰ মাজতেই অসম আৰক্ষী বেটেলিয়নৰ জোৱান ভাস্কৰ গগৈয়ে সাংবাদিকক গুলীয়াবলৈ নিজৰ ৰাইফল সাজু কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাজিৰা ONGC ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৷ আৰক্ষী জোৱানজনে অশ্লীল শব্দ প্ৰয়োগ কৰা বুলিও অভিযোগ উঠিছিল ৷ অৱশ্যে আটক কৰা হৈছে জোৱানজনক ৷

সোধা-পোছাৰ নামত মহিলাক প্ৰহাৰ (ETV Bharat)

ইফালে যোৰহাট জিলাৰ ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলা আৰু এটি কণমানি শিশুক শাৰীৰিকভাৱে আক্ৰমণ আৰু দুৰ্ব্যৱহাৰ কৰাৰ গুৰত্ব অভিযোগ উত্থাপিত হৈছে ৷ ভুক্তভোগীয়ে ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক: নিৰীহৰ ওপৰত বীৰত্ব ! ইখনৰ পিছত সিখন এজাহাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে

বৰিগাঁৱৰ দাস উপাধিৰ এগৰাকী মহিলাই দিয়া এজাহাৰত উল্লেখ কৰা অনুসৰি শনিবাৰে দিনৰ ভাগত ভোগদৈ আৰক্ষীৰ এটা দল আহি তেওঁক বাসগৃহত এজন যুৱকক লৈ বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে । অৱশেষত মহিলাগৰাকীৰ পৰা কোনো সুদুত্তৰ নাপায় আৰক্ষীয়ে মহিলাগৰাকীক প্ৰহাৰ কৰে ৷ তেওঁ কোলাত নিজ সন্তানক লৈ থকাৰ অৱস্থাতে মাৰপিট কৰাত সন্তানটোৱে মূৰত আঘাত পায় । তাৰ পাচতেই শিশুটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰে বুলি ভুক্তভোগীয়ে উল্লেখ কৰে ।

মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বৰিগাঁও অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শনিবাৰে আৰক্ষীয়ে অভিযান চলাইছিল ৷ এই অভিযানৰ মাজতেই এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা অভিযোগ উঠিছে । এই ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ভোগদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী বিৰুদ্ধে । অৱশ্যে অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষী বিষয়াগৰাকীয়ে মুখ খোলা নাই ।

লগতে পঢ়ক: সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে; অ’চি ভাৰ্গৱৰ কাণ্ড দেখি এইদৰে ক’লে আই পি এছ ভায়’লেট বৰুৱাই