ETV Bharat / state

হঠাৎ অহা বানত আবদ্ধ তিনিচুকীয়াৰ ১৩ যুৱকক উদ্ধাৰ

অসম আৰু অৰুণাচল প্ৰদেশ প্ৰশাসনে অৱগত কৰাৰ লগে লগে বায়ুসেনা বাহিনীয়ে যুৱককেইজনক উদ্ধাৰ কৰে ।

IAF rescue operation
নৈৰ মাজত আবদ্ধ তিনিচুকীয়াৰ ১৩ যুৱকক উদ্ধাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 10:38 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : উত্তৰ-পূবত প্ৰকৃতিয়ে যেন কালৰূপহে ধাৰণ কৰিছে ! ধাৰাসাৰ বৰষুণৰ পিছতে বান আৰু ভূমিস্খলনৰ কবলত পৰিছে অসমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্য । অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্ততো ভূমিস্খলনে ভয়ংকৰ ৰূপ লৈছে । পাহাৰীয়া ৰাজ্যখনত ভূমিস্খলনৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছে ।

ইয়াৰ মাজতে ৰাজ্যখনৰ নামনি দিবাং ভেলীত আবদ্ধ হৈ থকা ১৪ গৰাকী লোকক বায়ুসেনা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দেওবাৰে বমজিৰ নদীৰ বাঢ়নি পানীত আবদ্ধ লোককেইজনক বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় । প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই এই বিষয়ে সদৰী কৰিছে ।

দিবাং ভেলীত বায়ুসেনাৰ উদ্ধাৰ অভিযান (ETV Bharat)

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত ভূমিস্খলন আৰু বানে জনজীৱন ব্যাহত কৰি তুলিছে । ইয়াৰ মাজতে ৰাজ্যখনৰ নামনি দিবাং ভেলীৰ এটা অংশ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে । অঞ্চলটোৰ সৈতে যোগাযোগ ব্যৱস্থাও নোহোৱা হয় । ফলত সেই ঠাইত ১৪ গৰাকীকৈ লোক আবদ্ধ হৈ পৰে । অৱশ্যে ভাৰতীয় বায়ুসেনা বাহিনীয়ে সঠিক সময়ত তেওঁলোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ যায় ।

জানিব পৰা মতে নামনি দিবাং ভেলীৰ বমজিৰ নদীত পাহাৰীয়া পানী প্ৰৱেশ কৰে আৰু নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি হয় । নদীৰ মাজত লোককেইজন আবদ্ধ হৈ পৰে । বায়ুসেনা বাহিনীয়ে অসম আৰু অৰুণাচল প্ৰদেশ প্ৰশাসনৰ দ্বাৰা ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰ হোৱা ১৪ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী অসমৰ তিনিচুকীয়া জিলাৰ । তিনিচুকীয়া জিলা প্ৰশাসনে বায়ুসেনাক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছতে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ ফলত দিবাং ভেলীৰ বমজিৰ নদীৰ সমীপৰ এখন দলং উটি যায় । ফলত নদীৰ বাঢ়নি পানীৰ মাজত এই লোককেইজন আবদ্ধ হৈ পৰে । আনহাতে অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চলত ভূমিস্খলনৰ ফলত বহুতো যান-বাহন আবদ্ধ হৈ পৰে । আনিনি অঞ্চলতো কেইবা ঠাইতো ভূমিস্খলন হৈ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে ।

লগতে পঢ়ক :উত্তৰ-পূবত বানৰ সংহাৰ, ভূমিস্খলনত কমেও ৩০ জন লোকৰ মৃত্যু - HEAVY RAINFALL IN NORTH EAST

লগতে পঢ়ক :ভূমিস্খলনৰ ভয়ংকৰ ৰূপ, ২৪ ঘণ্টাত প্ৰাণ হেৰুৱালে চাৰিজনে - LANDSLIDE IN MIZORAM