অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো মইও বিচাৰিছো : মুখ্যমন্ত্ৰী
ডিব্ৰুগড়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় ক'লে যে তেওঁ অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱা বিচাৰে ?

Published : July 24, 2025 at 7:29 PM IST
ডিব্ৰুগড় : শেহতীয়াকৈ ৰাজ্য চৰকাৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ আৰম্ভ কৰিছে চৰকাৰে । ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবেও অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ দৰে সিদ্ধান্ত লৈছে । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে পৰ্টেল মুকলি কৰিব বুলি বুধবাৰে কেবিনেটত ঘোষণা কৰা পাছতে সমগ্ৰ বিষয়টোক লৈ বিভিন্নজনে তীব্ৰ সমালোচনা কৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰই অসমৰ পৰিস্থিতি ভয়ংকৰ কৰি বুলি দাবী কৰিছে ।
তাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "পৰিস্থিতি বিস্ফোৰক হোৱাটো মইও বিচাৰিছোঁ । অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই । বিস্ফোৰক হ'লে আমাৰ মানুহ বিলাক কেনেকৈ জীয়াই থাকিব ? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্সড আৰ্মছ । সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব । আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব । কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো, জিকি অহাৰ পিছত আৰু লম । ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো । যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই । কিন্তু মোৰ এটা লক্ষ্য আছে, সংবিধানৰ নীতি-নিয়মৰ জৰিয়তে সেই লক্ষ্যত উপনীত হ'ব লাগিব অতি কম সময়ৰ ভিতৰত ।"
চৰকাৰক চেলেঞ্জ হিচাপে ল'লে হ'ব বিপদ
ৰাজ্য চৰকাৰে উচ্ছেদ কৰা স্থানসমূহৰ ল'ৰা-ছোৱালীৰ পঢ়াৰ দায়িত্ব মেঘালয়ৰ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে লোৱাৰ এক ঘোষণা কৰিছে । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "ল'ৰা-ছোৱালীক পঢ়োৱাততো মই আপত্তি নকৰো । এটাই কথা ভালকৈ পঢ়োৱাওক । চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে । ল'ৰা-ছোৱালীক পঢ়োৱাতো ভাল কথা । মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে মইও পঢ়াৰ সুবিধা কৰি দিম । পঢ়া-শুনাত বাচ্চাক লৈ আমি পলিটিক্স নকৰোঁ । এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চেলেঞ্জ হিচাপে লৈ কৰিছোঁ বুলি যদি ভাবে তেতিয়াহ'লে তেওঁ যোৱা তিনিমাহৰ পুৰণা কথাবোৰ মনত পেলাই থাকিব লাগিব ।"
স্মাৰ্ট মিটাৰ লৈ সকলোৱে ফূৰ্তিত আছে
ইফালে স্মাৰ্ট মিটাৰকলৈ ৰাজ্যত শেহতীয়াকৈ পুনৰ এক বিতৰ্ক আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক খবৰ বিয়পি পৰিছে যে স্মাৰ্ট মিটাৰ নহয়, নতুন গ্ৰাহকে পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব । এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়, " এতিয়া সকলোৱে স্মাৰ্ট মিটাৰ লৈ ফূৰ্তিত আছে, সকলোৰে বিল কমি আছে ।"

