ETV Bharat / state

পুৰুষৰ সমানে ছোৱালী হুঁচৰি দলো সাজু হৈছে বিহুৰ মঞ্চ কঁপাবলৈ - BOHAG BIHU 2025

সাধাৰণতে হুঁচৰি পৰিৱেশন কৰে পুৰুষে । এই পৰম্পৰাৰ বিপৰীতে পুৰুষৰ সমানে আগুৱাইছে এদল যুৱতী ।

Female Husori Team in Dibrugarh
মৰাণৰ সমন্বয় ছোৱালী হুঁচৰি দলৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 1:48 PM IST

3 Min Read

মৰাণ : অসমীয়াৰ পদূলিত হেঁপাহৰ ব'হাগ । প্ৰকৃতিয়ে ন-সাজেৰে দিলেহি ব’হাগৰ বতৰা । ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে ৰাজ্য । অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰিবলৈ এতিয়া সকলোতে চলিছে ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত কপৌ-কেতেকী, মাধৈমালতী ফুলে ব’হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে । তাঁতশালত শিপিনীৰ ব্যস্ততাৰ অন্ত নোহোৱাৰ লগতে ঢুলীয়াই বতৰ চাই টানিছে ঢোলৰ বৰটি ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ আখৰা :

মৰাণৰ সমন্বয় ছোৱালী হুঁচৰি দলৰ প্ৰস্তুতি (ETV Bharat Assam)

ব'হাগত বিহু নাচিবলৈ আখৰাত ব্যস্ত মৰাণৰ সমন্বয় ছোৱালী হুঁচৰি দল । পুৰুষৰ হুঁচৰি দলক ফেৰ মাৰিব সমন্বয় ছোৱালী হুঁচৰি দলে । এই দলটোৱে প্ৰতি বছৰে ৰাইজৰ চোতালত হুঁচৰি গাই আহিছে । ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ ছোৱালীৰে গঠিত এই ছোৱালী হুঁচৰি দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হুঁচৰি গাই ৰাইজৰ সমাদৰ লাভ কৰি আহিছে । এইবাৰো পূৰ্ণোদ্য়মে আৰম্ভ কৰিছে আখৰা । উল্লেখ্য় যে এই সমন্বয় ছোৱালী হুঁচৰি দলত ঢোল, পেঁপাকে ধৰি সকলো বিহুৰ বাদ্যযন্ত্ৰ ছোৱালীয়ে বজায় ।

যুৰীয়া পেঁপা লৈ সাজু হুঁচৰি দল:

Female Husori Team in Dibrugarh
মৰাণৰ সমন্বয় ছোৱালী হুঁচৰি দলৰ প্ৰস্তুতি (ETV Bharat Assam)

নাৰীয়ে হুঁচৰি পৰিৱেশন কৰাৰ বিষয়ে উল্লেখ নাই যদিও বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে নাৰীয়েও অসমীয়া সাংস্কৃতিটো আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তাৰে উদাহৰণ দাঙি ধৰিছে মৰাণৰ এটি ছোৱালী হুঁচৰি দলে । ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২১ গৰাকী ছোৱালীয়ে ২০১৯ চনত গঠন কৰিছিল সমন্বয় ছোৱালী হুঁচৰি দল । এই দলটোৱেই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে । ঢোল, পেঁপাকে ধৰি সকলো বিহুৰ বাদ্যযন্ত্ৰ যুৱতীকেইগৰাকীয়ে অতি সুন্দৰকৈ বজাই ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এইবাৰ যুৰীয়া পেঁপা দেখিবলৈ পোৱা যাব সমন্বয় ছোৱালী হুঁচৰি দলত ।

গৃহস্থৰ চোতালৰ লগতে মঞ্চতো কৰিব পৰিবেশন :

ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ প্ৰতিভাৱান যুৱতীসকলে মৰাণৰ আখৰাত ব্যস্ত থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত কয়, "সমন্বয় ছোৱালী হুঁচৰি দলে প্ৰায় ১৩ দিনমানৰ পৰা প্ৰস্তুতি চলাই আছে । সমগ্ৰ অসমতে বিহু পৰিৱেশন কৰা হ'ব । ইতিমধ্যে বিভিন্ন অনুষ্ঠানসমূহৰ পৰা যোগাযোগ কৰিছে। বিহুৰ সময়ছোৱা আমাৰ বাবে ভাল লগা সময় । সকলোৱে এটা ভাৰাঘৰত একেলগে থাকি এটা পৰিয়ালৰ দৰে বিহুত ব্যস্ত হৈ থাকো । এইবাৰো আখৰা প্ৰায় সম্পূৰ্ণ হৈছে । এইবাৰ গৃহস্থৰ চোতালৰ লগতে মঞ্চৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰা হ'ব । "

লগতে পঢ়ক:গ্ৰাম্য সমাজ জীৱনে আজিও ধৰি ৰাখিছে জেতুকা বোলোৱাৰ পৰম্পৰা - RANGALI BIHU MEHNDI TRADITION

ঢোলৰ মূল্য়বৃদ্ধি পালেও দিগ্বিজয় বাদ্য ভাণ্ডাৰত বাঢ়িছে চাহিদা - MAKING FOLK INSTRUMENTS FOR BIHU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.