গোলাঘাট/ ডিফু : এটা শিহৰণকাৰী ঘটনাই আকৌ কঁপাইছে সমগ্ৰ ৰাজ্য ৷ শনিবাৰে নিশা কাৰ্বি আংলং জিলাৰ বোকাজান নামবৰ নদী চাহ বাগিচাত থকা নিজৰ ঘৰত ঘোৰ টোপনিত লালকাল জুৰলো মুণ্ডা আৰু তেওঁৰ পৰিয়ালে এই কথা কল্পনাই কৰা নাছিল যে তেওঁলোকৰ বাবে কি বিপদে বাট চাই আছে ৷
টোপনিত শুই থকা অৱস্থাতে মুণ্ডা পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ ওপৰত হঠাৎ এদল অচিনাকী দুৰ্বৃত্তৰ দলে চলালে আক্ৰমণ ৷ কেৱল জুৰলো মুণ্ডা আৰু পত্নী পঞ্চমীয়ে নহয় এই অতৰ্কিতে চলা আক্ৰমণৰ পৰা সাৰি নগ’ল তেওঁলোকৰ তিনি সন্তানো ৷ কিবা এটা বুজি উঠাৰ আগতেই তিনি সন্তানৰ চকুৰ সমুখতে প্ৰহৃত হ’ল মুণ্ডা দম্পতী ৷ পৰিস্থিতি তাতেই শাম নাকাটিল ৷ তাৰ পিছত তেওঁলোকক টানি চোঁচৰাই লৈ যোৱা হ’ল আন ঠাইলৈ ৷
দুৰ্বৃত্তৰ আক্ৰোশৰ পৰা নিস্তাৰ নোপোৱা মুণ্ডাৰ দুই কন্যা ভয়তে মূৰ্ছা গৈ পৰি ৰ’ল ঘৰটোতে ৷ কেৱল নবছৰীয়া পুত্ৰই কোনোমতে প্ৰাণৰক্ষা কৰি পলাই গৈ ওচৰ চুবৰীয়াক কথাখিনি ক’বলৈ পালে কাৰণেহে পোহৰলৈ আহিল সমস্ত ঘটনা ৷ ইতিমধ্যে সন্ধানহীন হৈ পৰা জুৰলো মুণ্ডা আৰু পত্নী পঞ্চমীৰ সন্ধানত নামিল স্থানীয় ৰাইজ ৷ খবৰ পাই আৰক্ষীয়ো নামিল অভিযানত ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে দেওবাৰে দিনৰ পোহৰত এটা দ পুখুৰীত ৰছীৰে বান্ধি থোৱা অৱস্থাত পোৱা গ’ল দম্পতীহালৰ নিথৰ দেহ ৷ কি কাৰণে প্ৰাণ গ‘ল মুণ্ডা আৰু তেওঁৰ পত্নীৰ সেই কথা এই পৰ্যন্ত এক অজান ৰহস্য ৷ থানবান হৈ গ’ল এটা পৰিয়াল ৷
অভিশপ্ত শনিবাৰৰ নিশা
ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে নিশা প্ৰায় ১২-৩০ বজাত জুৰলো মুণ্ডাৰ ঘৰত দুই অচিনাক্ত দুৰ্বৃত্তই প্ৰবেশ কৰি প্ৰথমে জুৰলো আৰু তেওঁৰ পত্নী পঞ্চমী মুণ্ডাক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । পাছত দুৰ্বৃত্তৰ দলটোৱে জুৰলোৰ তিনি সন্তানৰ দুই কন্যা ক্ৰমে সীতা মুণ্ডা(১৩), মিৰা মুণ্ডা (১১) আৰু পুত্ৰ শংকৰ মুণ্ডা (৯)ক বেয়াকৈ প্ৰহাৰ কৰে । সুযোগ বুজি ৯ বছৰীয়া পুত্ৰ শংকৰ পলাই যাবলৈ সক্ষম হয় যদিও দুই কন্যা ঠাইতে মূৰ্চা যায় । ইফালেদি দুই দুৰ্বৃত্তই জুৰলো মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমী মুণ্ডাক ঘৰৰ পৰা উঠাই লৈ যায় ।
পাছত কণমানি শংকৰ মুণ্ডাৰ মুখেৰে সমগ্ৰ ঘটনা জানিব পাৰি দেওবাৰে পুৱা স্থানীয় ৰাইজে দুই কন্যা সন্তানক ঘৰৰ পৰা উদ্ধাৰ কৰি তিনিওকে প্ৰথমে সৰুপথাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গুৰুতৰভাৱে আহত কিশোৰকেইটাক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে প্ৰথমে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আৰু পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । কিশোৰকেইটাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে ৷
ইয়াৰ সমান্তৰালকৈ স্থানীয় ৰাইজে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাত আৰক্ষীয়ে জুৰলো মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমী মুণ্ডাৰ উদ্ধাৰ অভিযানৰ লগতে দুর্বৃত্তৰ দলটোৰ সন্ধানত তদন্ত আৰম্ভ কৰে ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ লগতে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসহ এটা আৰক্ষী জোৱানৰ দলে নামবৰ নদী চাহ বাগিচাত অভিযান চলায় ।
আৰক্ষীৰ তদন্তৰ মাজতে ৰাইজে স্থানীয় এটা দ পুখুৰীৰ পৰা জুৰলো আৰু তেওঁৰ পত্নীক একেডাল ৰছীৰে মৃত অৱস্থাত বান্ধি থোৱা প্ৰত্যক্ষ কৰে । পাছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।
অচিনাক্ত দুর্বৃত্তৰ দলটোৱে কি কাৰণত পৰিয়ালটোৰ ওপৰত আক্রমণ চলাই তিনিটি শিশুক গুৰুতৰভাৱে আহত কৰাৰ লগতে পিতৃ-মাতৃক অতি নৃশংসভাৱে হত্যা কৰিলে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে এই ৰহস্যজনক ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে এই ঘটনাৰ লগত জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ।
এই ঘটনা সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰৱন তেলেংগাই কয়, "ঘটনাৰ খবৰ মই ৰাতিপুৱা পাইছোঁ । উক্ত ঘটনাৰ বিষয়ে জানিবলৈ পাই মই আৰক্ষীৰ সৈতে উক্ত স্থানত উপস্থিত হৈ তিনিওটি শিশুক সৰুপথাৰ চিকিৎসালয়ত লৈ যাওঁ । ল’ৰা-ছোৱালীহালক সোধাত আমাক কৈছে যে তেওঁলোকৰ পিতৃ-মাতৃক চোঁচৰাই লৈ গৈছে ।"
ইফালে স্থানীয় এজন লোকে এই ঘটনাত আশ্চৰ্যপ্ৰকাশ কৰি কয়, "তেখেতসকলৰ গাঁৱৰ কাৰোৰ লগত কাজিয়া পেচাল নাই । নিশা প্ৰায় ১২ টাৰ পৰা ১ টা বজাত এই ঘটনা সংঘটিত হৈছে । অৱশ্যে কোনে এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে কোনোৱে গম নাপায় ।"
আনহাতে এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে জুৰলো মুণ্ডাৰ পুত্ৰই কয়, "নিশা আহি মোৰ মা আৰু বাবাক মাৰপিট কৰিছে । দুজন লোকে মাৰপিট কৰিছিল আৰু লগতে আমাক মাৰপিট কৰি মা আৰু বাবাক লগত লৈ গ'ল ৷ কেনেকৈ লৈ গ'ল আমি দেখা নাই । হাতত লাঠি লৈ আহিছিল ।"