ETV Bharat / state

চাপৰ হোৱাটোৱেই দোষ, ৬ দিন পিছত গঁতিয়াই উলিয়ালে নৱবিবাহিতাক

উচ্চতা কম হোৱাৰ বাবে লাগিল অথন্তৰ । বিয়াৰ ৬ দিন পিছতেই চাপৰ হোৱাৰ বাবেই উলিয়াই দিলে নৱবিবাহিতা পত্নীক ।

Husband and his family tortured newly married wife is due to her short stature at Udalbakra
উচ্চতা কম হোৱাৰ বাবে লাগিল অথন্তৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 11:21 AM IST

|

Updated : June 10, 2025 at 1:30 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: কি নঘটে এইখন মহানগৰীত, মহানগৰীৰ ওদালবাক্ৰাত আজৱ ঘটনা । চাপৰ হোৱা বাবে ঘৰৰ পৰা উলিয়াই দিলে নিজ পত্নীক । বিবাহৰ মাত্ৰ ৬ দিন পাৰ হোৱাৰ পাছতে স্বামী ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে নৱবিবাহিত পত্নীক । এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ ওদালবাক্ৰা নিজৰা পথত ।

জানিব পৰা মতে মহানগৰীৰ ওদালবাক্ৰা নিজৰা পথৰ স্বপনা দাস আৰু ৰাণা দাসৰ দ্বিতীয় সন্তান ৰাজকুমাৰ দাসে ২ জুন তাৰিখে মায়ঙৰ পৰা সামাজিকভাৱে বিয়া পাতি আনিছিল এজনী যুৱতীক । বিবাহৰ ছটা দিন নৌযাওতেই ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে নৱবিবাহিত বোৱাৰীগৰাকীক । সোমবাৰৰ দিনটোত আঠমঙলা আছিল যদিও দৰা পক্ষ নগ'ল আঠমঙলা খাবলৈ ।

উচ্চতা কম হোৱাৰ বাবে লাগিল অথন্তৰ (ETV Bharat Assam)

ইফালে নিশা বোৱাৰীগৰাকীক শাৰীৰিক অত্যাচাৰ চলাই ঘৰৰ পৰা গঁতিয়াই উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালটোৰ বিৰুদ্ধে । উক্ত ঘটনাৰ পিছতে স্থানীয় ৰাইজে সকলো কথা গম পোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । পিছত ঘটনাস্থলীত উপস্থিত হয় ওদালবাক্ৰা আৰক্ষী । স্থানীয় লোকৰ অভিযোগ অনুসৰি ৰাজকুমাৰ দাসৰ জ্যেষ্ঠ ভাতৃ ৰাজেন দাসেও পূৰ্বেও দুবাৰকৈ বিয়া কৰাইছিল যদিও দুয়ো পত্নীকে ঘৰৰ পৰা উলিয়াই দিছিল ।

অসম চৰকাৰৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত ৰাজকুমাৰ দাসৰ বিৰুদ্ধে নৱবিবাহিতা মহিলাগৰাকীয়ে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ । ভুক্তভোগী মহিলাগৰাকীয়ে কয়,"বিয়াৰ দুদিন পিছৰ পৰাই কৈ আছে যে নাৰাখোঁ । মোৰ সৰু ভণ্টী ওখ, গতিকে কৈছে যে, মোক পঠিয়াই দি সৰুভণ্টীক আনিব । নাৰাখোঁ বুলি কৈয়ো মোক শাৰিৰীক নিৰ্যাতন চলাইছে । সি মোক নাৰাখে, তাৰ ডাঙৰ ককায়েকৰ পত্নী নাই । সেয়ে মোক ডাঙৰ ককায়েকৰ কাৰণে ৰাখিব ।"

তেওঁ লগতে কয়, "গাঁৱৰ মানুহে কৈছে তাৰ ককায়েকেও আগতে এনে কৰিছে । দুগৰাকীক বিয়া কৰাইছিল, কিন্তু দুগৰাকীৰ এগৰাকীও নাই । মোক ঘৰৰ পৰা উলিয়াই দিছে । আৰক্ষী আহি বুজাপৰা কৰি ঘৰত থোৱাৰ পাছত মাকে মোক আকৌ উলিয়াই দিছে । মোক কথাই কথাই তই চাপৰ বুলি কৈ থাকে । ল'ৰাটোৱে কৈছে তই এটা ৰাতি ইয়াত থাকিলে তোৰ ডিঙিটো কাটি দিম ।"

লগতে পঢ়ক: গাড়ী ভাৰালৈ দিওতে সাৱধান ! নতুন জাল পেলাইছে চুৰি চক্ৰই - CAR THEFT IN GUWAHATI

তিনি মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰঙানদীৰ পাৰ - PROTEST AGAINST RIVER DAM

Last Updated : June 10, 2025 at 1:30 PM IST