ETV Bharat / state

ডিমা হাছাও জিলাত শতাধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান - Lok Sabha Election 2024

ডিমা হাছাও জিলাত অব্যাহত আছে বিজেপিত যোগদান কাৰ্যসূচী । বৃহস্পতিবাৰে পাহাৰীয়া জিলাখনত প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই যোগদান কৰে বিজেপিত । মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু ডিমা হাছাও জিলা বিজেপিৰ সভাপতি গোলঞ্জ থাওচেনৰ লগতে ভালেসংখ্যক বিজেপি কৰ্মকৰ্তাৰ উপস্থিতিত বিজেপিত যোগদান কৰে কেইবাটাও দলৰ নেতা-কৰ্মীয়ে ।

Hundreds of men and women join BJP in Dima Hasao
ডিমা হাছাও জিলাত শতাধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান
author img

By ETV Bharat Assamese Team

Published : April 11, 2024 at 10:44 PM IST

2 Min Read
Choose ETV Bharat

হাফলং,১১ এপ্ৰিল: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । সমানে অব্য়াহত আছে দল বাগৰা ৰাজনীতি । ডিমা হাছাও জিলাত বিজেপি দলত যোগদান কাৰ্যসূচী অব্যাহত আছে । পাহাৰীয়া জিলাখনত বৃহস্পতিবাৰে দুই শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে । বৃহস্পতিবাৰে হাফলঙৰ বাজপেয়ী ভৱন আৰু দিয়ুংমুখত দুই শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে ।

Hundreds of men and women join BJP in Dima Hasao
Hundreds of men and women join BJP in Dima Hasao

হাফলং বাজপেয়ী ভৱনত ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু ডিমা হাছাও জিলা বিজেপিৰ সভাপতি গোলঞ্জ থাওচেনৰ বিজেপিৰ সাধাৰণ সম্পাদক লিটন চক্ৰৱৰ্তী, জয়চৰাজ গাৰ্লোচা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দেৱজিৎ বাথাৰি, প্ৰজিত হোজাই ডিমা হাছাও জিলা বিজেপিৰ বিস্তাৰক নন্দলাল চৌহানৰ উপস্থিতিত শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত হেমন্ত কেম্প্ৰাই পৰিষদৰ হাতীখলি সমষ্টি আৰু পাওঁৰামডিঙ জেমি লাইচং সমষ্টিৰ পৰা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । বৃহস্পতিবাৰে তেওঁলোকে বিজেপি দলত যোগদান কৰে । ইপিনে দিয়ুংমুখত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ উপস্থিতিত শতাধিক পুৰুষ মহিলাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

Hundreds of men and women join BJP in Dima Hasao
Hundreds of men and women join BJP in Dima Hasao

উল্লেখযোগ্য অহা ২৬ এপ্ৰিল পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা মিলি একমাত্ৰ ৬ নম্বৰ ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনৰ পূৰ্বে পাহাৰীয়া জিলাখনত বিজেপি দলত যোগদান কাৰ্যসূচী অব্যাহত থকা কাৰ্যই বিজেপিৰ ভেটি শক্তিশালী কৰাৰ ইংগিত প্ৰদান কৰে বুলি উল্লেখ কৰে বিজেপি কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: কলিয়াবৰত কংগ্ৰেছৰ বেলি মাৰ গ’ল: কলিতা-মহন্তই এজাউৰি দিলে কংগ্ৰেছক - Lok Sabha Election 2024