ধুমুহাই প্ৰাণ ল’লে শ শ বগলী পোৱালিৰ : বোকাখাতত হৃদয়বিদাৰক ঘটনা - Cyclone Remal impact in Assam
Baby egret dies in Bokakhat : প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল শ শ বগলী পোৱালিৰ ৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে বোকাখাতত ৷

Published : May 28, 2024 at 8:00 PM IST
|Updated : May 28, 2024 at 8:12 PM IST
বোকাখাত, 28 মে’ : বংগোপসাগৰত উৎপত্তি হোৱা ঘূৰ্ণিবতাহ ৰেমলৰ তাণ্ডৱত পশ্চিমবংগ আৰু বাংলাদেশৰ কেবাগৰাকী লোকৰ মৃত্যু হোৱাৰ পিচত অসমতো এই বতাহে লৈছে কালৰূপ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-ধুমুহাই জনজীৱন স্তব্ধ কৰাৰ লগতে বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে ৷ আহত আৰু নিহতৰ খবৰো লাভ কৰা হৈছে ৷
ৰেমলে জনজীৱন স্তব্ধ কৰি ৰখাৰ সময়তে বোকাখাতত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত বোকাখাতত হোৱা প্ৰচণ্ড বতাহ-বৰষুণত শ শ বগলীৰ পোৱালিৰ মৃত্যু হৈছে ৷ বোকাখাতৰ মিলনপুৰত সংঘটিত হৈছে এই ঘটনা ।
উল্লেখ্য যে প্ৰতি বছৰে মিলনপুৰ অঞ্চললৈ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বগলী আহি বাঁহ গছত আশ্ৰয় লৈ বংশ বিস্তাৰ কৰে । এইবাৰো তাৰ ব্যতিক্ৰম নাছিল ৷ কিন্তু, প্ৰকৃতিৰ কি দুৰ্বিপাক ! মঙলবাৰৰ বতাহ-ধুমুহাত আশ্ৰয় লৈ থকা বাঁহগছৰ পৰা সৰি পৰে বগলী পোৱালিসমূহ ৷ ফলত, শ শ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ পৰিভ্ৰমী বগলীৰ মৃত্যু হয় ৷
এই শোকাৱহ ঘটনাত স্থানীয় লোকসকলে যথেষ্ট দুখ প্ৰকাশ কৰে ৷ ইফালে বাহৰ পৰা বগলী পোৱালিবোৰ সৰি পৰাৰ পিচতে এগৰাকী মহিলাই দুখ প্ৰকাশ কৰি কয় যে তেওঁ নিজ হাতেৰে প্ৰায় 150টা মৃত পোৱালি একগোট কৰে ৷
আনহাতে বাহৰ পৰা সৰি পৰা অৰ্দ্ধ শতাধিক বগলীক বোকাখাতৰ সাংবাদিক ধ্ৰুৱ ৰাজখোৱা, প্ৰণৱ শইকীয়া, ত্ৰিনয়ন বৰা, সন্দ্বীপ পানীকা, বিশ্ব দত্ত আৰু আনসকল সাংবাদিকৰ তৎপৰতাত পাণবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷ লক্ষ্যণীয়ভাৱে এইক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰে নিজকে প্ৰকৃতিপ্ৰেমী বুলি দাবী কৰা বিভিন্নজনে ৷ নীৰব হৈ ৰয় বিভিন্ন মুধাফুটা প্ৰকৃতিপ্ৰেমী সংগঠনো ৷

