ETV Bharat / state

সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে এগৰাকী দুৰ্ভগীয়া মহিলাৰ ভাগ্য

বিধায়ক মৃণাল শইকীয়াৰ মহানুভৱতা । হাঁহি বিৰিঙালে দুই কণমানিৰ লগতে দুৰ্ভগীয়া মাতৃৰ মুখত ।

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
নতুন আৰু পুৰণি ঘৰটোৰ সৈতে মৃণাল শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 6, 2025 at 2:26 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট : দুই কণমানিক বুকুত সাৱটি এগৰাকী মাতৃৰ বেদনাদায়ক জীৱন পৰিক্ৰমা । জীৱন যুঁজৰ সংগ্ৰামত দিকবিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম মহিলাগৰাকীৰ । চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মহিলাগৰাকীয়ে অতিবাহিত কৰিছিল এক দুৰ্দশাময় জীৱন । ঘৰৰ চালে তৰা দেখা এটি জুপুৰীত দুই কণমানিক বুকুত সাবটি গোলাঘাট জিলাৰ নৱ গঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙি মৌজাৰ মুৰফুলনী গাঁও পঞ্চায়তৰ লেটেকুবস্তিৰ অসমী ফুকন নামৰ মহিলাগৰাকীয়ে দেখিছিল দুই সন্তানক মানুহ কৰাৰ সপোন ।

কিন্তু ক'ৰবাত যেন থমকি ৰ'ব লগা হৈছিল মহিলাগৰাকী । দুবেলা-দুমুঠি খোৱাৰ যোগাৰ কৰিব নে, কণমানি দুটিক পানী নপৰাকৈ ৰাখিব পৰাকৈ এটি কোঠালিৰ ব্যৱস্থা কৰিব ! অৱশেষত সমষ্টি পুনৰ নিৰ্ধাৰণে যেন সলনি কৰিলে মহিলাগৰাকীৰ জীৱনৰ গতিপথ । পূৰ্বৰ পানী পৰা জুপুৰীৰ সলনি এটি পকী কোঠালিৰ ব্যৱস্থা হ'ল দুই কণমানিসহ মাক থাকিব পৰাকৈ ।

বিধায়ক মৃণাল শইকীয়াৰ মহানুভৱতা (ETV Bharat Assam)

আচবাবকে ধৰি ঘৰৰ যাৱতীয় দুই-চাৰিপদ সামগ্ৰীৰো সু-ব্যৱস্থা কৰা হ'ল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৃহত্তৰ মৰঙি মৌজাটো সৰুপথাৰ সমষ্টিৰ পৰা খুমটাই সমষ্টিত অন্তৰ্ভুক্ত হোৱাত সমষ্টিৰ চুক-কোন পৰিদৰ্শন কৰোঁতে ছবিখন দৃষ্টিগোচৰ হৈছিল বিধায়ক মৃণাল শইকীয়াৰ । চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি তৎকালীনভাৱে নিজা ব্যয়েৰে অসমী ফুকন নামৰ মহিলাগৰাকীৰ ঘৰখন নিৰ্মাণ কৰি দিলে । যাৰ ফলত মৰঙি মৌজাত বিধায়ক মৃণাল শইকীয়াৰ মহানুভৱতাক সকলোৱে শলাগ লৈছে ।

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
অসমী ফুকনৰ পুৰণি ঘৰটো (ETV Bharat Assam)

চৰ্চা চলিছে প্ৰকৃত জনপ্ৰতিনিধিৰ সঁচা কামৰ নিদৰ্শন এয়া । এই সম্পৰ্কে দুৰ্ভগীয়া স্বামীহাৰা অসমী ফুকনে কয়, "ঘৰটো দিয়াৰ বাবে বহুত সুখী । এতিয়া ল'ৰা-ছোৱালী লৈ ধুনীয়াকৈ থাকিব পাৰিম । বিধায়ক মৃণাল শইকীয়াই ভগবান হিচাপে আহি আহি আমাৰ ওচৰৰ দেখা দিলে । আগতে থাকিবলৈ ঘৰটো একেবাৰে বেয়া আছিল য'তে ত'তে পানী পৰে, যেনে তেনে আছিলো । পূৰ্বতে শুবলৈ বিছনা নাছিল এতিয়া এখন বিছনা দিছে । মোক ঘৰটো দিয়াৰ বাবে কি বুলি ধন্যবাদ জ্ঞাপন কৰিম মোৰ ভাষা নাই । মই কেঁচা ঘৰ দিবলৈ অনুৰোধ কৰিছিলো, কিন্তু তেখেতে পকী ঘৰ সাজি দিলে ।"

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
পুৰণি ঘৰটো পৰিদৰ্শন কৰিছিল মৃণাল শইকীয়া (ETV Bharat Assam)

আনহাতে এই সম্পৰ্কে স্থানীয় এজন যুৱকে কয়, "আমাৰ সৌভাগ্য বুলি ক'ব লাগিব কাৰণ এনে এজন জনপ্ৰতিনিধি পাইছো, তেখেতক মানৱদৰদী বুলি ক'ব লাগিব । ২০২৫ বৰ্ষৰ ১৮ মাৰ্চত বিধায়ক মৃণাল শইকীয়াই আমাৰ এই অঞ্চললৈ আহোতে তেখেতে নিজে এই জুপুৰী ঘৰটো প্ৰত্যক্ষ কৰিছিল । আমাৰ গাঁৱৰ অসমী ফুকনে ইমান জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছিল যে তেখেতে ৰাতি ইয়াত শুব নোৱাৰে, বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় ।"

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
মৃণাল শইকীয়াৰ ফেচবুক প'ষ্ট (ETV Bharat Assam)

যুৱকজনে কয়, "তাৰ পাছত বিধায়ক মৃণাল শইকীয়াই মানুহগৰাকীৰ দুৰ্দশা দেখি ঘৰ এটা দিম বুলি আশ্বাস প্ৰদান কৰিছিল । সেই অনুসৰি এই নতুন ঘৰ সাজি দিছে । ইয়াৰ পাছত দুদিন পূৰ্বে পুনৰ এই অঞ্চলত আহোতে অসমী ফুকনে পকী ঘৰৰ মজিয়াত শোৱা দেখি কিয় ইয়াত শোৱে বুলি প্ৰশ্ন কৰে । মহিলাগৰাকীয়ে বিছনা নাই বুলি কোৱাত বিধায়কগৰাকীয়ে নিজৰ মানুহ পঠিয়াই বিছনা, টেবুল আৰু কিতাপ আদিৰ ব্যৱস্থা কৰি দিছে ।"

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
মৃণাল শইকীয়াৰ ফেচবুক প'ষ্ট (ETV Bharat Assam)

যুৱকজনে লগতে কয়, "আমি এনে এজন বিধায়ক পাইছো যাৰ বাবে এতিয়া মৰঙি মৌজাৰ সামগ্ৰীক বিকাশ হ'ব । আগৰ জনপ্ৰতিনিধিয়ে আমাক কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু উন্নয়ন একো নকৰিলে । বিধায়ক মৃণাল শইকীয়াক আমাৰ জনপ্ৰতিনিধি হিচাপে লাভ কৰাটো বৃহত্তৰ মৰঙি মৌজাৰ বাবে সৌভাগ্য । ইয়াৰ উপৰিও এই অঞ্চলৰ আৰু এগৰাকী আৰ্থিকভাৱে জুৰুলা মহিলাক আৰ্থিকভাৱে সহায় কৰি স্বাৱলম্বী হ’বলৈ সাহস দিছে ।"

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
নতুন ঘৰটো পৰিদৰ্শন কৰে মৃণাল শইকীয়াই (ETV Bharat Assam)

উল্লেখযোগ্য যে, সদায় সামাজিক মাধ্যমত হওঁক বা বাতৰিকাকত, টিভিত চৰ্চাত থকা বিধায়ক মৃণাল শইকীয়া । অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৰি মন্ত্ৰী বিধায়ক আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ ভুল দেখিলে সৰৱ হৈ পৰে বিধায়ক মৃণাল শইকীয়া । ইয়াৰ উপৰিও সমষ্টিত দৰিদ্ৰ জনসাধাৰণৰ বাবে নিস্বাৰ্থভাৱে সেৱাৰ মনোভাৱ প্ৰকাশ কৰি অহাৰ বাবেই সমষ্টিত অতিকৈ জনপ্ৰিয় তেওঁ ।

Humanity of MLA Mrinal Saikia, woman was given a house by him in Golaghat
নতুন ঘৰত অসমী ফুকন (ETV Bharat Assam)

লগতে পঢ়ক: মিত্ৰতা নহ’লেও ১০-১৫ খন আসন পাব ৰাইজৰ দলে, সাজু অখিল গগৈ - MLA AKHIL GOGOI

জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ : স্বাস্থ্য বিভাগক বিশেষ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ - JAPANESE ENCEPHALITIS CASES