ETV Bharat / state

'মেডাম'ৰ নেতৃত্বত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল ! কেনেকৈ চলায় অভিযান ? জানিবলৈ পঢ়ক...

উজনি অসমত ভয়ংকৰ ৰূপত মানৱ সৰবৰাহকাৰী ৷ আৰক্ষীৰ জালত মহিলাসহ ৯ মানৱ সৰবৰাহকাৰী ৷

Child abduction
অসমত ভয়ংকৰ ৰূপত মানৱ সৰবৰাহকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2025 at 8:05 PM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া: উজনি অসমত ভয়ংকৰ ৰূপত শিপাইছে মানৱ সৰবৰাহকাৰী ৷ দীৰ্ঘদিনৰ পৰা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন কৌশলেৰে সৰবৰাহ কৰি আহিছে শিশু । বিশেষকৈ 'মেডাম' নামেৰে পৰিচিত এগৰাকী মহিলাই এক বৃহৎ জাল তৰি এই শিশু সৰবৰাহ অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ পৰা ধেমাজি, জোনাই, বান্দৰদোৱা, দুলীয়াজান, মাজুলীলৈ ব্যাপী থকা তেনে এটি দলক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে পোহৰলৈ আহে এই কুখ্যাত চক্ৰটোৰ অপৰাধৰ কথা ৷ ইতিমধ্যে তিনিচুকীয়া জিলাখনৰ এনে কেইবাটিও শিশুক এক লাখৰ পৰা ডেৰলাখ টকালৈ অৰুণাচলৰ ইটানগৰকে ধৰি বিভিন্ন প্ৰান্তত বিক্ৰী কৰিছে ৷

অসমত ভয়ংকৰ ৰূপত মানৱ সৰবৰাহকাৰী (ETV Bharat Assam)

কেনেকৈ কৰিছিল অপহৰণ ?

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নখৰাই গাঁৱৰ পৰা দুগৰাকী ৯ আৰু ১৩ বছৰীয়া কণমানিক অপহৰণ কৰাৰ পাছতে সমগ্ৰ বিষয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহে ৷ আৰক্ষীৰ তথ্য মৰ্মে বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে দুয়োগৰাকী শিশুৰ ঘৰৰ ওচৰৰে দুগৰাকী মহিলাই দুয়োকে এখন ই-ৰিক্সাত উঠাই অজ্ঞাত স্থানলৈ লৈ যায় মেডাম নামে পৰিচিত শিশু অপহৰণৰ মূল অভিযুক্তৰ ওচৰলৈ আৰু তাৰে পৰা এটিক অৰুণাচলৰ ইটানগৰ আৰু আনটিক নাহৰলগুনৰ অৰুণাচলী ব্যক্তিৰ ঘৰত এক লাখকৈ টকাত বিক্ৰী কৰে ।

মেডামৰ নেতৃত্বত মানৱ সৰবৰাহ :

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাৰ প্ৰভাৰী আৰু গুইজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই লগত এটি বৃহৎ আৰক্ষী দল লৈ মাজুলীকে ধৰি দুলিয়াজান, বান্দৰদোৱা আৰু নখৰাই অঞ্চলৰ পৰা মুঠ ৯ গৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰে ভিতৰত জনৈক টায়ে নামৰ মহিলা গৰাকীয়ে এই শিশু অপহৰণৰ মূল অভিযুক্ত ৷ শিশু চক্ৰটোত সকলোৱে উক্ত মহিলা গৰাকীক বিভিন্ন নামৰ উপৰি 'মেডাম' বুলিহে চিনি পায় ৷

তথ্য মৰ্মে এই মেডামেই তিনিচুকীয়াৰ অসামৰিক চিকিৎসালৰ পৰা এটি শিশু অপহৰণ জড়িত আছিল কেইবছৰমান পূৰ্বে ৷ আৰক্ষীয়ে ইতিমধ্যে এই অপহৰণ বা সমগ্ৰ অপহৰণত এজেণ্ট হিচাবে কাম কৰা নখৰাই গাঁৱৰ মহিলা জনৈক ভূমিজ, জনৈক বৰ্মনৰ লগতে দুয়োগৰাকীৰ স্বামী, মেডামৰ লগত যোগাযোগ ৰখাৰ মধ্যমণি পংকজ দলে, অপহৰণত ব্যৱহাৰ কৰা গাড়ীখনৰ চালক তথা মেডামৰ প্ৰাক্তন স্বামী বীৰেণ টাইড, দুলীয়াজানৰ দ্বীপ শৰ্মাকে ধৰি ৯ গৰাকীক জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ধৃত সূৰজ ভূমিজ, বিশাল বৰ্মন, জনৈক বৰ্মন, জনৈক ভূমিজ, জনৈক গোৱালা, বিৰেণ টাইড, ঢকুৱাখনাৰ পংকজ দলে, ৰাজু টাইড, দুলীয়াজানৰ উদীপ শৰ্মা ৷ এই শিশু অপহৰণৰ সৈতে জড়িত আন কেবাজনো পলাতক হৈ আছে ৷ তিনিচুকীয়া জিলা আৰক্ষীয়ে ইতিমধ্যে জিলাখনত এনেদৰে নিখোজ হৈ থকা কেইবাটিও শিশুৰ তথ্য লাভ কৰিছে । লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তত শিশু শ্ৰমিক হিচাপে কাম কৰি থকাৰ তথ্যও লাভ কৰিছে যদিও সমান্তৰালকৈ এনে শিশুক অবৈধ ভাৱে লোৱা লোক সকলে আৰক্ষীৰ চকূত ধুলি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ আৰক্ষীয়ে ইতিমধ্যে অবৈধ শিশু সৰবৰাহৰ সমগ্ৰ বিষয়টিত আৰু অধিক তথ্য উদ্ধাৰ তথা অভিযানত নামি পৰিছে ৷ সূত্ৰ মৰ্মে এই শিশু অপহৰণকাৰীসকলে জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা অতি দুখীয়া, কেও কিছু নথকা, পিতৃ বা মাতৃহীনা লোকৰ শিশুসকলকে লক্ষ্য কৰি অপহৰণৰ নাটক ৰচে ৷ কাৰণ এনে লোক সকলে সততে আৰক্ষীৰ ওচৰ চাপিব নিবিচাৰে আৰু ইয়াৰে সুযোগ লয় অপহৰণকাৰী সকলে ৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিশিতা জগতাপেই এই সন্দৰ্ভত কয়," আমি মানৱ সৰবৰাহৰ বিষয়ে ২৯ ডিচেম্বৰত অভিযোগ পাইছিলো আৰু এই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় । দুটি শিশুক অপহৰণ কৰাৰ বিষয়ে অভিযোগ লাভ কৰিছিলো । যোৱা ২৬ ডিচেম্বৰত বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে শিশু দুটিক অপহৰণ কৰে যদিও ২৯ ডিচেম্বৰত এজাহাৰ দাখিল কৰা হয় ।"

লগতে পঢ়ক:হোজাইৰ পৰা ওমানলৈ সৰবৰাহ কৰে যুৱতী; আৰক্ষীৰ জালত এজন - HUMAN TRAFFICKING RACKET

মানৱ সৰবৰাহ অব্যাহত : বঙাইগাঁৱত ৰে’লৰ পৰা উদ্ধাৰ দুই বাংলাদেশী কিশোৰী - Human trafficking - HUMAN TRAFFICKING