তিনিচুকীয়া: তিনিচুকীয়া আৰক্ষীয়ে আজি পুনৰ আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । শনিবাৰে পুৱতি নিশা আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰ অপাৰেচন কমাণ্ডাৰ ৰূপম অসমক আটক কৰাৰ পাছত তিনিচুকীয়া সদৰ আৰক্ষীৰ থানাত বহুকেইগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াই চলায় মাৰাথন জেৰা ৷ ৰূপম অসমৰ ভাষ্যৰ ভিত্তিত অৰুণাচল প্ৰদেশৰ নামচাইত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই বিষয়ে সদৰী কৰিছে তিনিচুকীয়াৰ জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ৷ উক্ত অভিযানৰ সময়ত এটা এম কিউ ৰাইফল, তিনিটা মেগজিন, ১২০ সজীৱ গুলী উদ্ধাৰ কৰে । এই অভিযানত তিনিচুকীয়া আৰক্ষীক ভাৰতীয় সেনাৰ লগতে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে সহযোগ কৰে বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে । উল্লেখ্য় যে বিগত বছৰসমূহত আৰক্ষীৰ মূৰৰ কামোৰণি হিচাপে পৰিগণিত হোৱা সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ দুধৰ্ষ কেডাৰ অপাৰেচন কমাণ্ডাৰ বিনোদ বৰা (কান্ত) ওৰফে ৰূপম অসমক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পাছতে আলফা স্বাধীনৰ মোক্ষম আঘাত পৰিছে ৷
ৰূপম অসমৰ ঘৰ গোলাঘাট জিলাৰ শগুনপথাৰত । ৰূপম অসমে ২০০৭ চনত যোগদান কৰিছিল উগ্ৰপন্থী সংগঠনটোত । ৰূপম অসমক আটক কৰাৰ পাছতে তিনিচুকীয়া সদৰ আৰক্ষী থানাত পুৱাৰে পৰা কেইবাঘণ্টাযোৰা মাৰাথন জেৰা চলাই আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দিনেশ প্ৰতাপ সিং ৰাথোৰৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াই ৷
তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ ভাষ্য অনুসৰি বিগত ৪-৫ মাহে অসম-অৰুণাচল সীমান্তত ৰূপম অসমৰ নেতৃত্বত এটা দলে শিৱিৰ পাতি তিনিচুকীয়া জিলা আৰু নামচাইত বহুকেইটা ধনদাবী কৰাৰ খবৰ আছিল । সেই খবৰৰ ভিত্তিতে তিনিচুকীয়া আৰক্ষীয়ে আসাম ৰাইফলছৰ সহযোগত অভিযান অব্যাহত ৰাখে । সেই অভিযানৰ সময়তে শনিবাৰে পুৱতিনিশা অসম-অৰুণাচলৰ সীমান্তৰ বনাঞ্চলত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰূপম অসমক । আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিঙে এই সন্দৰ্ভত কয়, "অভিযান সফল হৈছে । আৰক্ষীৰ লগতে সশস্ত্ৰ বাহিনীয়ে অভিযান অব্য়াহত ৰাখিছে ।"

আলফা স্বাধীনৰ বহু বোমা বিস্ফোৰণ, সেনা জোৱানক হত্যা, অপহৰণ,ধনদাবীৰ লগতে সামৰিক অভিযানৰ নেতৃত্ব দিছিল ৰূপম অসমে । ৰূপম অসমৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে ভালেসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । সমান্তৰালভাৱে সীমান্তৰ বনাঞ্চলত সহযোগী কেডাৰসকলৰ সন্ধানত অভিযান চলাই থকা হৈছে বুলিও সদৰী কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।