ETV Bharat / state

নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি কৌশলেৰে কণ্ডেনচেট চুৰি, আটক এক

নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি অব্যাহত তেল চুৰি । তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰি নিয়ে চক্ৰটোৱে ।

Oil Smuggling in Assam
তেল চুৰিকাৰ্য অব্যাহত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2024 at 2:54 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি এতিয়াও অব্যাহত আছে তেল চুৰিকাৰ্য । তাৰ মাজতে মঙলবাৰে নিশা আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয় তেনে এক বৃহৎ তেল চুৰিৰ ঘাটি । ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত অসমীয়া বালিজান গাঁৱত বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট জব্দ কৰে আৰক্ষীয়ে ।

ঘটনাৰ বিৱৰণি অনুসৰি,মঙলবাৰে নিশা মাকুম থানাৰ আৰক্ষীৰ এটা দ’লে তেল চুৰি চক্ৰৰ বিৰুদ্ধে এক অভিযান চলায় । এই অভিযানত অসমীয়া বালিজান গাঁৱৰ এখন ধাননি পথাৰত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপত চোৰাংভাৱে পাইপ ফুটা কৰি ভাল্ভ সংযোগ কৰি প্ৰায় আধা কিলোমিটাৰ দূৰত্বলৈ মাটিৰ তলেৰে চোৰৰ দলটোৱে পাইপৰ জৰিয়তে কণ্ডেনচেট নি আছিল । এই চক্ৰটোৱে নিজা বাৰীত এক যন্ত্ৰ প্ৰস্তুত কৰি দীৰ্ঘদিনৰ পৰা অইলৰ তেল চুৰি কৰি স্থানীয় অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আহিছিল ।

আৰক্ষীৰ দলটোৱে চলোৱা অভিযানৰ সময়ত চোৰৰ দলটোৱে কণ্ডেনচেট চুৰি কৰি থকা অৱস্থাত আছিল যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় । এই অভিযানত ৫০ লিটাৰৰ ২৫ টা গেলন, ১২৫০ লিটাৰ কণ্ডেনচেটসহ চুৰিকাণ্ডত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত মাকুম আৰক্ষীয়ে জব্দ কৰা কণ্ডেনচেটখিনি অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত ডিগবৈ আৰক্ষীক গতাই দিয়ে আৰু নিশাই উক্ত চোৰাং খাৰুৱা তেল চুৰিকাণ্ডৰ স’তে জড়িতৰ অভিযোগত আৰক্ষীয়ে এজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:নুমলীগড় আৰক্ষী থানাৰ সমীপতেই সক্ৰিয় তেলচুৰি চক্ৰ - Oil theft racket

তেলচুৰি কাণ্ডত বিধায়ক নুৰুল হুদা জড়িত থকাৰ অভিযোগ দুলু আহমেদৰ - Nagaon oil theft racket