ETV Bharat / state

ডিফুত উদ্ধাৰ গোপন অস্ত্ৰ ভাণ্ডাৰ

Arms recovered : কাৰ্বি আংলং জিলাত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । মেগজিনসহ এটা একে ছিৰিজৰ ৰাইফল আৰু তিনিটা পইন্ট ৩২ পিষ্টলৰ লগতে তিনিটা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে ।

Secret Weapons Store
গোপন অস্ত্ৰ ভাণ্ডাৰ
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 1:10 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ২৫ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিৱেশৰ অৱসান ঘটাই স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰা বুলি বিভিন্ন সময়ত চৰকাৰে দাবী কৰি আহিছে যদিও বিগত সময়ছোৱাত আৰক্ষীয়ে অব্যাহত আছে চোৰাংভাৱে সৰবৰাহ বা মজুত ৰখা অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে অভিযান । এইবাৰ জিলাখনত আৰক্ষীয়ে পুনৰ অভিযান চলাই বৃহৎ পৰিমাণৰ গোপন অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, এক খবৰৰ আধাৰতে শনিবাৰে বিয়লি কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) নয়নমণি বৰ্মন, ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ সহযোগত মাইবঙৰ মহকুমা আৰক্ষী বিষয়া, বিৰলাস্থিত চি আৰ পি এফৰ সৈতে আৰক্ষী আৰু চি আৰ পি এফৰ এক যুটীয়া বাহিনী চলায় অভিযান ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে তিনি যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত যুৱককেইজন ক্ৰমে বৰলাংফেৰ থানাৰ অন্তৰ্গত এক নং ডিলাংগীৰ বাসিন্দা তথা বৰ্তমান নাগালেণ্ডৰ ধনশিৰি পাৰ নিবাসী নিজেশ লাংথাছা, ধনশিৰি ডিমাইদিৰ মাণিক হাফলংবাৰ আৰু ধনশিৰি আদৰ্শৰ কুমুদ ওৰফে ৰথাই ফংলো বুলি চিনাক্ত কৰা হৈছে ।

ধৃত তিনি যুৱকে আৰক্ষীৰ জেৰাত নিজেশ লাংথাছাৰ ঘৰৰ চৌহদৰ বাঁহৰ জোপোহাত পলিথিনৰে মেৰিয়াই অস্ত্ৰ লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে । উক্ত স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নিজেশ লাংথাছাৰ ঘৰৰ চৌহদৰ পৰা মেগজিনসহ এটা এ কে ছিৰিজৰ ৰাইফল, মেগজিনসহ তিনিটা পইন্ট ৩২ পিষ্টল, তিনিটা সক্ৰিয় হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে ।

ইয়াৰ লগতে আৰক্ষীয়ে দুটা ম’বাইল ফোনো জব্দ কৰিছে । আনহাতে, ধনশিৰি উপ-আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এটা বন্দুক উদ্ধাৰ কৰে । এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰটো কি উদ্দেশ্যে এনেদৰে লুকুৱাই ৰখা হৈছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত ডিফু থানাত ১০/২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মাতাল পিতৃয়ে হত্য়া কৰি পুতি থলে ডেৰমহীয়া শিশুক