ডিব্ৰুগড় : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে সন্ধানহীন হোৱা ঘটনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৰুষ, মহিলা, যুৱতী সন্ধানহীন হোৱা ঘটনাই সচেতন ৰাইজৰ মাজত উদ্বেগ সৃষ্টি কৰিছে ।
বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা প্ৰতিদিনে সন্ধানহীন হৈছে যুৱতী-মহিলা । তেনে সময়তে ডিব্রুগড় জিলাৰ লাহোৱালৰ চামনি নতুন গাঁৱৰ ৰূপাংকৰ শইকীয়া নামৰ ছাত্ৰজন সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
কলেজলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা লাহোৱালৰ চামনি নতুন গাঁৱৰ ৰূপাংকৰ শইকীয়া সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰা অনুসৰি, ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ চামনি নতুন গাঁৱৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ৰূপাংকৰ শইকীয়াই যোৱা ১৩ মে'ত লাহোৱালৰ কলেজলৈ ঘৰৰ পৰা ওলাই গৈছিল । ইয়াৰ পাছৰে পৰা কোনো সন্ধান নাই ছাত্ৰজনৰ ।

ইফালে পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত লাহোৱাল আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । আনহাতে, ছাত্ৰজনৰ সন্ধান পালে 60017-90305 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে ।
ছাত্ৰজন সন্ধানহীন হোৱাৰ পাছতে পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে পৰিয়ালটোক ছাত্ৰজনৰ কোনো সন্ধান দিবলৈ সক্ষম নোহোৱাত শনিবাৰে পৰিয়ালৰ লগতে অঞ্চলৰ একাংশ ৰাইজ উপস্থিত হয় লাহোৱাল আৰক্ষী থানাত । ছাত্ৰজনৰ সন্ধান উলিয়াই দিবলৈ পিতৃ-মাতৃয়ে কান্দি কান্দি আৰক্ষীক আহ্বান জনায় ।
মাতৃৰ ফোনলৈ আহিছে দুটা ৰহস্যজনক মেছেজ
আৰক্ষীৰ সহায় বিচাৰি লাহোৱাল থানাত উপস্থিত হৈ সন্ধানহীন ছাত্ৰজনৰ মাতৃয়ে কয়, "সকলোৱে মিলি ল'ৰাটো আনি দিয়ক । দেউতাকৰ লগত কলেজলৈ ওলাই আহিছিল । কৈ আহিছিল মা আজি কম্পিউটাৰ ক্লাছ কৰিম, অহাত দেৰি হ'ব । গধুলি ঘূৰি নোযোৱাত আমি কলেজতো বিচাৰিছিলোঁ । নাপাই থানাত এজাহাৰ দাখিল কৰিছিলোঁ । কিন্তু আজিও সন্ধান নাই ল'ৰাটোৰ । লৰাটোৱে দুবাৰ মেছেজ কৰিছে দুটা বেলেগ নম্বৰৰ পৰা । জখলাবন্ধা পোৱা বুলি মেছেজত লিখি কৈছে, 'মা মই জীয়াই আছোঁ মোক নিবিচাৰিবা' । পাছদিনা জলপাইগুৰি পোৱা বুলি কৈ মেছেজ লিখিছে, 'মোক নিবিচাৰিবা মই সময়ত ঘূৰি আহিম' ।
এতিয়া ছাত্ৰজন হঠাৎ নিৰুদ্দেশ হোৱা আৰু পৰৱৰ্তী সময়ত মেছেজ দুটা অহাৰ লগতে আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।