ETV Bharat / state

শিক্ষা মন্ত্ৰী আৰু আৰ চি জৈনৰ পদত্যাগৰ দাবী এছ এফ আইৰ

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল ৰাজ্য ।

SFI Press Conference
শিক্ষা মন্ত্ৰী আৰু আৰ চি জৈনৰ পদত্যাগৰ দাবী এছ এফ আইৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 10:37 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : "শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্বেচ্ছাচাৰীভাৱে শিক্ষা বিভাগ চলাব বিচাৰিছে । গতিকে অপদাৰ্থ শিক্ষা মন্ত্ৰীয়ে পদত্যাগ ঘোষণা কৰিব লাগে ।" এই দাবী এছ এফ আইৰ ৰাজ্যিক কমিটীৰ সম্পাদক সংগীতা দাসৰ । প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ সোমবাৰে এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

প্ৰশ্নকাকত ফাদিল প্ৰসংগ

শিক্ষা মন্ত্ৰী আৰু আৰ চি জৈনৰ পদত্যাগৰ দাবী এছ এফ আইৰ (ETV Bharat)

সংগীতা দাসে কয়, "২০১৬ চনৰ পৰা ২০২৫ লৈ যদি ক্ৰণল'জিকেল ঘটনাসমূহ চাওঁ, তেতিয়া লক্ষ‍্য কৰিব যে প্ৰত্যেক বছৰে হোৱা প্ৰশ্নকাকত ফাদিল, প্ৰশ্নকাকত ভাইৰেল, প্ৰশ্নকাকত জুয়ে পোৰা ঘটনা পোহৰলৈ আহিছে । এই ঘটনাসমূহ চলি থকা এই দশকটোত ছেবাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বৰ্তমানৰ ৰাজ‍্যিক ব'ৰ্ডৰ অধ‍্যক্ষ আৰ চি জৈনে । কিন্তু আজি পৰ্যন্ত আৰ চি জৈনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । আনকি ২০২৩ত চিআইডিয়ে প্ৰশ্নকাকত ফাদিলৰ তদন্ত কৰি থকাৰ সময়ত "ছেবাৰ বিশেষ চক্ৰ"ৰ কথা উল্লেখ কৰিছিল । কিন্তু এইবোৰ পাহৰণিৰ গৰ্ভত সোমাল । কাৰ স্বাৰ্থত গাপ দি থকা হৈছে এই সমগ্ৰ ঘটনাবোৰ ? প্ৰশ্নকাকত ফাদিলৰ ঘটনা হ'লেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিম, দোষীক কৰায়ত্ত কৰিম বুলি কেইটামান কেন্দ্ৰৰ বিষয়াক শাস্তি প্ৰদান কৰিলে কথা শেষ হৈ নাযায় । উচ্চপদস্থ বিষয়াসকলৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া প্ৰত্যেক বছৰে এই ধৰণৰ ঘটনা হৈয়ে থাকিব ।"

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সংস্কাৰৰ দাবী

তেওঁ লগতে কয়, "এছ এফ আই-এ ২০২৩ চনতে প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত অনশন কাৰ্যসূচী কৰি সংস্কাৰৰ বিষয়টো তুলি ধৰাৰ লগতে অধ্যক্ষ আৰ চি জৈনৰ পদত্যাগৰ দাবী তুলিছিল । সংস্কাৰ দূৰৰ কথা, ছেবা আৰু কাউন্সিল ভাঙি এটা ব'ৰ্ড গঠন কৰিলে, কিন্তু অধ্যক্ষ আৰ চি জৈনৰ বিৰুদ্ধে কোনো তদন্ত নহ'ল । দুৰ্নীতিগ্ৰস্ত বিষয়াই পুনৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) অধ্যক্ষ হ'ল । প্ৰায় এটা দশক জুৰি প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাত জড়িত বিষয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো চৰকাৰ আৰু শিক্ষা বিভাগৰ এক মইমতালি আৰু স্বেচ্ছাচাৰীতাৰ নিদৰ্শন । শ্ৰীনাথ বৰুৱা কমিটীৰ নিৰ্দেশনা ৰূপায়ণ কৰাৰ সম্পৰ্কত বিজেপিৰ ভিজন ডকুমেণ্টকত স্পষ্টভাৱে উল্লেখ আছিল । কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । কাৰণ মন্ত্ৰী বিষয়াৰ সন্তানে চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ নকৰে । সেয়েহে চৰকাৰী খণ্ডৰ বিদ্যালয় ধ্বংস উঠি গ'লেও তেওঁলোকৰ কোনো অসুবিধা নহয় ।"

ছেবা তথা শিক্ষা পৰিষদৰ সংস্কাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, "শ্ৰীনাথ বৰুৱা কমিটীৰ ৰিপ'ৰ্ট অনুসৰি 'Anti malpractices act' গঠন কৰি পৰীক্ষা পদ্ধতি আৰু কেৰোণবোৰৰ এক সমাধান পাব পৰা যায় । কিন্তু আজি পৰ্যন্ত এনেকুৱা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । সন্দেহজনক কেন্দ্ৰসমূহৰ লাইচেন্স বাতিল কৰাৰ ক্ষেত্ৰতো আছে বহু শিথিলতা । ইয়াৰ অৰ্থ এয়াই যে ছেবাই হওঁক অথবা অসম মাধ্যমিক শিক্ষা পৰিষদ বা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদেই হওঁক, কোনো এটা বিভাগত সঁচা অৰ্থত সংস্কাৰ সাধন কৰাত এই চৰকাৰখন আগ্ৰহী নহয় । জাতীয় শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি ৰাইজৰ অনাস্থাৰ সৃষ্টি কৰি সমগ্ৰ শৈক্ষিক দিশটো কেন্দ্ৰীয়ভাৱে পৰিচালনা কৰাৰ বাবে উঠি পৰি লাগিছে এই চৰকাৰখন । সেয়েহে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৰাই শিক্ষাৰ ব্যৱসায়ীকৰণ আৰম্ভ হৈছে ।"

শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবী

এছ এফ আইৰ সম্পাদকগৰাকীয়ে কয়,"আমাৰ স্পষ্ট দাবী প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ বিষয়টো এক উচ্চস্তৰীয় কমিটী গঠন কৰি তদন্ত কৰিব লাগে আৰু তেতিয়ালৈ আৰ চি জৈনক অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু অপদাৰ্থ শিক্ষা মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ।"

গুৱাহাটীস্থিত এছ এফ আইৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক কমিটীৰ সম্পাদক সংগীতা দাসৰ লগতে সদস্য ৰাজদ্বীপ মহন্ত আৰু অৰুণ গুৰিয়া উপস্থিত থাকে ।

লগতে পঢ়ক :উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকতৰ ছীল পূৰ্বেই খোলাৰ অভিযোগ - HS FIRST YEAR EXAM PAPER LEAK