Bihar Election Results 2025

ETV Bharat / state

কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে-জুবিন গাৰ্গ মন্তব্য উদ্ধৃতি দি গ্ৰন্থ উন্মোচন সোণোৱালৰ

গ্ৰন্থ উন্মোচনী সভাত জুবিন গাৰ্গৰ প্ৰসংগ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । উল্লেখ কৰিলে তদন্তৰ সন্দৰ্ভতো ।

Hrishikesh Goswami's book unveiled by Union Minister Sarbananda Sonowal
বিশিষ্ট ব্যক্তিসকলৰ সৈতে গ্ৰন্থ উন্মোচনী সভাত সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 1:04 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: "আমাৰ সকলোৰে মৰমৰ, অসমীয়া জাতিৰ হৃদস্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই এটি কথা কৈ গৈছিল যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে ।"-তেজপুৰৰ কে আৰ চি পেলেচত বিশিষ্ট লেখক ঋষিকেশ গোস্বামীৰ গ্ৰন্থ 'পোষ্টমাষ্টৰৰ সাধু' উন্মোচন কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ সেই মন্তব্যৰ আঁত ধৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "অধ্যয়নৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক তেখেতে আগ্ৰহী হ'বৰ বাবে আহ্বান জনাই গৈছে । এইটো এটা আমাৰ সাহিত্যজগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য । মই ভাবো যে আগন্তুক দিনত উঠি অহা প্ৰজন্মই আদৰ্শ হিচাপে গ্ৰহণ কৰিব আৰু অধ্যয়নৰ যোগেদি নিজক পাকৈত কৰিব । অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত সফলতা অৰ্জন কৰিব ।"

গ্ৰন্থ উন্মোচনী সভাত জুবিন গাৰ্গৰ প্ৰসংগ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,"ইতিমধ্যে তদন্তৰ কাম আগুৱাইছে আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কৈছে যে কাকোৱেই ৰেহাই দিয়া নহ'ব, সকলোকে তদন্তৰ আওতালৈ অনা হ'ব । গতিকে মই ভাবো যে নিশ্চিতভাৱে তদন্তৰ যোগেদি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব । অসমৰ ৰাইজে বিচাৰিছে এইটো । অসমৰ ৰাইজৰ যি মনৰ কথা সেই মনৰ কথাক নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব ।"

উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালৰ প্ৰতিনিধিৰ উপস্থিতিত শনিবাৰে সন্ধিয়া ৭ বজাত তেজপুৰত বিশিষ্ট লেখক ঋষিকেশ গোস্বামীৰ গ্ৰন্থ 'পোষ্টমাষ্টৰৰ সাধু' উন্মোচন কৰা হয় । বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা ,ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে দায়ৱদ্ধতাৰে জড়িত হৈ থকা হৃষীকেশ গোস্বামীৰ তৃতীয়খন গ্ৰন্থ প্ৰবন্ধ সংকলন 'পোষ্ট মাষ্টৰৰ সাধু' উন্মোচিত হয় ।

Hrishikesh Goswami's book unveiled by Union Minister Sarbananda Sonowal
ঋষিকেশ গোস্বামীৰ গ্ৰন্থ উন্মোচন কৰে সোণোৱালে (ETV Bharat Assam)

ইয়াৰ পূৰ্বে ' নেতৃত্ব এক কলা' আৰু 'মানুহৰ মৃত্যুত' শীৰ্ষক প্ৰবন্ধ সংকলন ৰাইজে আদৰি লৈছে । এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশেষ অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৰূপকোঁৱৰৰ কন্যা জ্ঞানশ্ৰী পাঠক, কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু নটসূৰ্য্য ফণী শৰ্মাৰ পুত্ৰ বিশিষ্ট অভিনেতা সুজিত শৰ্মাই ।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ইয়াৰ পিছতে তেজপুৰ প'ল ফিল্ডত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা ৰাজেন বৰঠাকুৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা উন্মোচন কৰে । সুধাকণ্ঠক ড৹ ভূপেন হাজৰিকাৰ গীত এই পৃথিৱীৰ এক ক্ৰীড়াংগণ আৰু অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কেবাটাও গীতৰ সমাহাৰৰে মুকলি হোৱা এই ফুটবল খেলৰ বল কীক কৰি মুকলি কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

লগতে পঢ়ক: স্ব-গৃহলৈ ঝাৰখণ্ডত নিহত জোৱানৰ নশ্বৰদেহ, মুখ্যমন্ত্ৰী-চি আৰ পি এফৰ সঞ্চালকপ্ৰধানৰ শোক

২০২৬ ত বিজেপি চৰকাৰ নহ'লে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব: দিলীপ শইকীয়া