গুৱাহাটী : গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্য়া নতুন নহয় । বিগত সময়ত মহানগৰবাসীয়ে এই বানত ককবকাই থাকিবলগীয়া হৈছে । বিভিন্ন সময়ত মহানগৰীক বানমুক্ত কৰিবলৈ বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও আজিলৈকে সফল হোৱা নাই ।
কি কাৰণে এই সমস্য়াৰ সমাধান হোৱা নাই ? বিজ্ঞানসন্মতভাৱে মহানগৰীৰ পানীখিনি কিয় উলিয়াই দিব পৰা নাই ? এই সন্দৰ্ভত মন্তব্য় আগবঢ়াইছে বিশেষজ্ঞ অভিযন্তাই ।

এইগৰাকী বিশেষজ্ঞ অভিযন্তাই প্ৰস্তুত কৰিছে এক বিশেষ আঁচনি । এক আছুতীয়া সাক্ষাৎকাৰত ইটিভি ভাৰতৰ আগত এই সকলোবোৰ বিষয় ব্য়াখ্য়া কৰিলে বিশেষজ্ঞ অভিযন্তা জে এন খাটনিয়াৰে । বিজ্ঞানসন্মতভাৱে মহানগৰীৰ পানিখিনি উলিয়াই নিয়াৰ ব্যৱস্থা নথকাৰ ফলত বাৰিষা এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় ।

দিনে দিনে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হৈ পৰিছে । এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ বাবে চৰকাৰক বিশেষজ্ঞগৰাকীয়ে আগবঢ়াইছে পৰামৰ্শ ।
মহানগৰীৰ কৃত্ৰিম বান কিদৰে কৰিব নিয়ন্ত্ৰণ ?
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত বিশেষজ্ঞ অভিযন্তা জে এন খাটনিয়াৰে চৰকাৰক কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় । এই সন্দৰ্ভত তেওঁ কয়, "গুৱাহাটীৰ কৃত্ৰিম বান ১০০% নোহোৱা কৰিব নোৱাৰি যদিও কম কৰিব পৰা যায় । সেয়েহে মই চৰকাৰলৈ কেইবাটাও পৰামৰ্শ আগবঢ়াইছো । প্ৰথমতে, মেঘালয়ৰ পাহাৰবোৰত খনন হোৱা বাবে মেঘালয়ৰ পানী সমতললৈ নামি আহে । সেই পানীখিনি বাহিনী নৈৰে মহানগৰীৰ ভিতৰলৈ আহে আৰু ৰুক্মিণীগাঁৱকে ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰি পেলায় । সেই পানীখিনি চহৰৰ ভিতৰত যাতে নোসোমাই তাৰ বাবে খানাপাৰাত এটা পুখুৰী বনাব লাগে । কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্য়া সমাধানৰ বাবে ৫০টা ডাঙৰ পুখুৰী বনাব দিছে । প্ৰথম পুখুৰীটো গ্ৰীণউড ৰিজ'ৰ্ট আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্য়ালয়ৰ শেষ পইন্টকেইটাত কৰিব পাৰি । তাত এটা দীঘলী পুখুৰীৰ নিচিনা ডাঙৰ পুখুৰী কৰিব লাগে । তাতেই পানীখিনি জমা কৰক ।"

তেওঁ পুনৰ কয়, "জমা কৰাৰ আগতে ছীলট্ৰেপ বনাব লাগিব । ছীলট্ৰেপ কৰি পৰিস্কাৰ পানীখিনি তাত জমা কৰিব লাগিব । এইটোক আমি ৰেইন হাৰ্ভেষ্টিং টেংক বুলিও ক'ব পাৰো । ইয়াৰ কাষত পাৰ্ক বনাই দিয়ক । ইয়াতো কেতিয়াবা পানী উপচি পৰিব পাৰে । এনেহ'লে খানাপাৰাত কৃত্ৰিম বান হ'ব । সেয়েহে খানাপাৰাৰ পৰা দুয়োখন ৰাজ্য়ৰ পাহাৰৰ নামনিত আমাৰ মাটিত এটা কৃত্ৰিম নদীয়েই কওক বা নলা এটা বনাওক । সেইটোৰ দীপৰ বিলত পেলাওক । যেতিয়া পানী বেছি হ'ব তেতিয়া ইয়াত অট'মেটিক পাম্পৰে পাম্পিং কৰিব । এই নলাটো বিজ্ঞানসন্মত হ'ব লাগিব । দুয়োফালে দুটা পদপথ বনাওক । জগিং ট্ৰেক কৰক । ইয়াত ছ'লাৰ পেনেল বহাওক । তাত বিদ্য়ুৎ উৎপাদন হ'ব । প্ৰথমতে ব্য়য় হ'ব । তাৰ পিচত বিদ্য়ুৎ উৎপাদন হ'লে সেয়া এপিডিচিএলক দিয়ক । এপিডিচিএল আমাক ৰেহাই দিলে সেই পইচাৰে মেৰামতি কৰিব পাৰিম ।"

যোৰাবাটত খান্দক পুখুৰী :
যোৰাবাটৰ পানীখিনি নোহোৱা কৰিবলৈ যোৰাবাটত এটা পুখুৰী খান্দি পানীখিনি সংগ্ৰহ কৰিব লাগে আৰু পুখুৰীটোত পানী বাঢ়িলে পাম্পৰ জৰিয়তে পানীখিনি উমট্ৰু নদীত পেলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞ অভিযন্তাগৰাকীয়ে ।
তেওঁ পুনৰ কয়, "আন এটা ৰিজাৰ্ভাৰ টেংকী দূৰদৰ্শন কেন্দ্ৰ চৌহদত বনাওক । জু-ৰোডৰ পানীখিনি নোহোৱা কৰিবলৈ এটা পুখুৰী দূৰদৰ্শনৰ কাৰ্যালয়টো অন্য ঠাইলৈ স্থানান্তৰ কৰি সেই ঠাইতে নির্মাণ কৰিব লাগিব । পুখুৰীটোৰ পাৰত উদ্যান বনাই দিব লাগে ।"
বিশেষজ্ঞ অভিযন্তাগৰাকীয়ে পুনৰ কয়, "ভৰলু নদীৰ গাৰ্ডৱালৰ ওপৰেৰে পাইপ স্থাপন কৰিব লাগিব । এই পাইপেৰে বৰষুণৰ অতিৰিক্ত পানী ভৰলুমুখত ভৰলু নদীৰ শ্লুইছ গেট বন্ধ থাকিলেও ব্রহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ।"
বোন্দাজানলৈকে ডাঙৰ নলা নিৰ্মাণ কৰক :
আনহাতে, ৰে'লৱেৰ বহুতো মাটি এনেয়ে আছে বুলি উল্লেখ কৰি বিশেষজ্ঞ অভিযন্তাগৰাকীয়ে কয়, "ৰে'ল লাইনৰ দক্ষিণ ফালে বহুত খালি মাটি আছে । ৰে'ল ট্ৰেকৰ ক্ষতি নকৰাকৈ বোন্দাজানলৈকে এটা ডাঙৰ নলা নিৰ্মাণ কৰক । এই নলাত শিলপুখুৰী, চানমাৰি, দূৰদৰ্শন কেন্দ্ৰ চৌহদৰ টেংকীৰ পানী পাম্পেৰে সেই নলাত পেলাওক । এই নলাবোৰ সদায় V আকৃতিৰ হোৱা উচিত ।"

ড্ৰেইন মেপ নাই গুৱাহাটীৰ :
গুৱাহাটীৰ ড্ৰেইন মেপ নাই বুলি উল্লেখ কৰি তেওঁ কয়, "গুৱাহাটীৰ কোনটো নলাৰ পানী কলৈ যায় কোনেও নাজানে । ৰাস্তাৰ কাষত নলা থাকিব লাগে কাৰণে বনাইছে । গুৱাহাটীৰ ড্ৰেইন মেপ এখনো নাই । বাৰিষা বৰষুণত মহানগৰীৰ নলাৰ পানী ৰাস্তালৈ আহি পাথবোৰ 'মাষ্টাৰ ড্ৰেইন' হৈ পৰে। বাৰিষাৰ সময়ত নলাৰে পানীবোৰ কোন ফালে যায় তাক অধ্যয়ণ কৰিব লাগে । আন্তঃগাথঁনিৰ কামবোৰ খাৰালি সময়ত কৰিব লাগে; কিন্তু খৰালিত কামবোৰ নকৰি বাৰিষাত কৰে ইয়ো এটা সমস্যা ।"

কিয় বৃদ্ধি হৈছে কৃত্ৰিম বান ?
মহানগৰীত কিয় কৃত্ৰিম বানৰ সৃষ্টি হৈছে সেই সন্দৰ্ভতো খাটনিয়াৰে মন্তব্য় আগবঢ়াই কয়, "গুৱাহাটী চহৰখন অপৰিকল্পিতভাৱে গঢ়ি উঠাৰ ফলত আজিৰ এই অৱস্থা হৈছে । শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানীখন স্থানান্তৰ হোৱাৰ পিছতেই দীৰ্ঘম্যাদী আঁচনি ল'ব লাগিছিল । বিভাগীয় কৰ্তৃপক্ষ আছিল যদিও কথাবোৰত কোনেও গুৰুত্ব নিদিলে । আনহাতে মেঘালয়ত পাহাৰ খনন হোৱাৰ ফলতো গুৱাহাটীত কৃত্ৰিম বান হোৱাটো আন এটা কাৰণ । মহানগৰীৰ পাহাৰবোৰত অবৈধভাৱে মানুহৰ বসতি স্থাপন হৈছে । অবিজ্ঞানসন্মতভাৱে পাহাৰ খনন কৰাৰ ফলত পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে কৃত্ৰিম বানৰ সমস্যা জটিল কৰিছে । ২০১৪ তে মহানগৰীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে জিএমডিএই কৰা এক্সন প্লেন সঠিকভাৱে কাৰ্যকৰী হ'লে বৰ্তমান মহানগৰবাসীয়ে নুভুগিলেহেঁতেন ।"