ETV Bharat / state

চেনেহীয়ে দিয়া গামোচাখন হাতেবোৱা নে পাৱাৰলুমৰ ! কেনেকৈ কৰিব চিনাক্ত ?

বিহু পালেহিয়েই । আপুনিও হয়তো লাভ কৰিব বিহুৱান । পিছে আপুনি পোৱা বিহুৱানখন থলুৱা শিপিনীয়ে বোৱা নে পাৱাৰলুমৰ কেনেকৈ কৰিব চিনাক্ত ?

How to Recognize Gamosa Made By Powerloom or Indigenous Weavers
চেনেহীয়ে দিয়া গামোচাখন হাতেবোৱা নে পাৱাৰলুমৰ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 10:39 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । বাপতি সাহোন ৰঙালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ।

ৰঙালী বিহুৰ সময়ত আপোনজনক এখন বিহুৱান দিবলৈ সকলোৱে বজাৰলৈ ঢাপলি মেলে । কিন্তু বিহুৰ বজাৰ বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচাই দখল কৰে । যাৰ ফলত বহু লোকে থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা কোনখন আৰু পাৱাৰলুমৰ গামোচা কোনখন, তাক চিনাক্তকৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় ।

চেনেহীয়ে দিয়া গামোচাখন হাতেবোৱা নে পাৱাৰলুমৰ ! (ETV Bharat Assam)

সেয়েহে কেনেকৈ চিনিব আপুনি থলুৱা শিপিনীয়ে তৈয়াৰ কৰা গামোচা আৰু বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচা ৷

কেনেকৈ চিনিব পাৱাৰলুম আৰু থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা

এই সম্পৰ্কে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ বিষয়া গিৰেণ সৰকাৰে কয়, "গামোচা এখন প্ৰথম অৱস্থাত চুলেই ধৰিব পাৰি যে থলুৱা শিপিনীৰ গামোচা নে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচা । থলুৱা শিপিনীয়ে তৈয়াৰ কৰা গামোচাবোৰ কপাহী আৰু লাহী হয় । আনহাতে, পাৱাৰলুমৰ গামোচাবোৰ পলিষ্টাৰ সূতাৰ বাবে খহটা হয়" ৷

তেওঁ কয়, "দ্বিতীয়তে গামোচা এখনৰ তলৰ ফালে ওলাই থকা সূতা যদি পুৰি চোৱা যায়, তেতিয়া গামোচাখন থলুৱা নে পাৱাৰলুমৰ তাক সহজতে চিনাক্ত কৰিব পাৰি । কিয়নো থলুৱা গামোচাৰ সূতা এডাল পুৰি চালে কপাহৰ গোন্ধ পোৱা যায় আৰু চাই হৈ যায় । কিন্তু পাৱাৰলুমৰ হ'লে সূতাডাল গোট মাৰি ধৰে" ৷

How to Recognize Gamosa Made By Powerloom or Indigenous Weavers
থলুৱা শিপিনীয়ে বোৱা গামোচা (ETV Bharat Assam)

বিষয়াগৰাকীয়ে লগতে কয়, "তৃতীয়তে গামোচাৰ কাষৰ পাৰি দুটাত চিনাক্ত কৰিব পাৰি । থলুৱা শিপিনীয়ে তৈয়াৰ কৰা গামোচাবোৰত পুতলৰ দাগ থাকে । পাৱাৰলুমৰ গামোচাত পুতলৰ দাগ নাথাকে । চতুৰ্থতে থলুৱা শিপিনীৰ গামোচাবোৰ পোহৰত চালে গম পোৱা যায় যে, গামোচাখন সমান নহয় কিন্তু পাৱাৰলুমৰ গামোচাবোৰ সমান আৰু খহটা হয় । পঞ্চমতে পাৱাৰলুমৰ গামোচাবোৰত পানী পৰিলে সৰকি নাযায় কিন্তু থলুৱা শিপিনীৰ কপাহী গামোচা বোৰে পানী শুহি লয়" ৷

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ বঁটা নে অসম বৈভৱ বঁটা ? ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ? - ASSAM JATIYA PARISHAD

ব'হাগৰ বতৰত মাধুৰী আঁহতৰ তলত মুখ্যমন্ত্ৰী: সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন - ASSAM CM VISIT JAMUGURIHAT