ETV Bharat / state

পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু

বজাৰত উপলব্ধ ফাকুৱাৰ ৰঙত থাকে ৰাসায়নিক পদাৰ্থ । কিন্তু ছালৰ ক্ষতি নহ'বৰ বাবে ঘৰুৱাভাৱেও প্ৰস্তুত কৰিব পাৰি ফাকু ।

Workshop on color making in Barpeta
পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 5:41 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ কেইদিনমান বাকী ৷ বসন্তৰ আগমনৰ বতৰা লৈ অহা ফাকুৱা উৎসৱত পৰিৱেশ হৈ পৰে ৰঙীন ৷ ৰঙীন হৈ পৰে আকাশ-বতাহ ৷ ফাকুৱা উদযাপনৰ সময়ত যদি সাৱধনতা অৱলম্বন কৰা নহয় তেন্তে ইয়াৰ পিছতেই ৰুগীয়া হৈ পৰাৰ আশংকা থাকে ৷ কাৰণ বজাৰত উপলব্ধ কেমিকেলযুক্ত ৰঙে ক্ষতি কৰে শৰীৰত । সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই শিশুসকলক এনে ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক উপাদনেৰে হোলী প্ৰস্তুত কৰাৰ বাবে উৎসাহিত কৰিছে বৰপেটাৰ কাহিনী পুথিভঁৰালে ।

বৰপেটাত শিশুসকলৰ বাবে স্থাপন কৰা কাহিনী পুথিভঁৰালৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় শিশুসকলৰ মাজত প্ৰাকৃতিকভাৱে ৰং প্ৰস্তুতৰ কৰ্মশালা । বৰপেটা চহৰৰ মাজৰহাটীৰ হাটীয়াৰ ঘৰত অনুষ্ঠিত 'মনে বনে আবিৰ' শীৰ্ষক প্ৰাকৃতিক ফাকু আৰু ৰং প্ৰস্তুত কৰা অনুষ্ঠানটোত অৰ্ধশতাধিক শিশু-কিশোৰে অংশগ্ৰহণ কৰে ।

পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু (ETV Bharat Assam)

প্ৰাকৃতিক উপায়েৰে কিদৰে ৰঙৰ লগতে ফাকু প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে শিশুসকলক কৌশল শিকোৱা হয় । বিশেষকৈ পলাশ, মদাৰ, শিমলু আদিকে ধৰি ভিন ভিন ফুল আৰু বিভিন্ন গছৰ পাত, হালধি, নেমু আদিৰ পৰা কিদৰে ৰং আৰু ফাকু প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে শিশুসকলক হাতে-কামে শিকোৱা হয় ।

স্বাভাৱিকতে হোলী খেলোতে ব্যৱহাৰ কৰা ফাকুৱা বা বিভিন্ন ৰঙত থকা ৰাসায়নিক পদাৰ্থৰ ফলত মানুহৰ ছালৰ ক্ষতি হয় । সেয়ে কেনেকৈ প্ৰাকৃতিকভাৱে ফাকুৱা প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিশু আৰু কিশোৰসকলক শিক্ষা প্ৰদান কৰা হয় । ইপিনে, প্রাকৃতিক ৰং প্ৰস্তুত কৰ্মশালাখনৰ সমান্তৰালভাৱে প্ৰাকৃতিক ৰঙেৰে হোলী বিষয়ক ছবি অংকন আৰু হোলীগীতৰ কৰ্মশালাও অনুষ্ঠিত হয় ।

লগতে পঢ়ক:বৰপেটাৰ দৌল মহোৎসৱৰ শোভাযাত্ৰাত অংশ ল'ব ৮০ টাৰো অধিক হোলীগীতৰ দলে - HOLI MAHOTSAV PROCESSION IN BARPETA

বজাৰৰ কেমিকেলযুক্ত ৰং বাদ দি ঘৰতে এনেদৰে প্ৰস্তুত কৰক ফাকুৱাৰ ৰং - HOLI COLORS