ETV Bharat / state

পৰম্পৰাগত মুখাশিল্পত মুখা কেনেদৰে তৈয়াৰ হয় জানেনে ?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ’ল এই মুখাশিল্পৰ জনক ৷ প্ৰাক শংকৰী যুগৰ পৰাই অসমত মুখাৰ প্ৰচলন আছিল যদিও পৰম্পৰাগত মুখাশিল্পৰ জনক হিচাপে মহাপুৰুষগৰাকীক জনা যায় ৷

TRADITIONAL MASKMAKING PROCESS
পৰম্পৰাগত মুখাশিল্পই সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰ লাভ কৰিছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 24, 2025 at 6:22 PM IST

5 Min Read
Choose ETV Bharat

কাজিৰঙা: মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ কথা কোনেনো নাজানে ৷ অসমৰ সমানে সমানে বহিঃৰাজ্যৰ উপৰিও বিদেশতো সমাদৃত মুখাশিল্প ৷ গুৰুজনাৰ অন্যতম প্ৰয়াস চিহ্নযাত্ৰাৰ যোগেদি ঠন ধৰি পৰম্পৰাগত মুখাশিল্পই সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰ লাভ কৰিছে ৷

সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা মুখাশিল্পৰ আৰম্ভণি আৰু প্ৰস্তুত প্ৰণালী সম্পৰ্কে ইটিভি ভাৰতৰ আগত সম্যক বিৱৰণ দাঙি ধৰে দুগৰাকী মুখাশিল্পী চি চি আৰ টি ফেল’শ্বিপ প্ৰাপক, সুকুমাৰ কলা পীঠ, মাজুলীৰ দিব্যজ্যোতি গোস্বামী আৰু বি এফ এ ডিগ্ৰীধাৰী বিজয় কৃষ্ণ হাজৰিকাই ৷

কিদৰে প্ৰস্তুত কৰা হয় একোখন মুখা (ETV Bharat Assam)

কেনেকৈ আৰম্ভ হৈছিল পৰম্পৰাগত মুখাশিল্পৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ’ল এই মুখাশিল্পৰ জনক ৷ প্ৰাক শংকৰী যুগৰ পৰাই অসমত মুখাৰ প্ৰচলন আছিল যদিও পৰম্পৰাগত মুখাশিল্পৰ জনক হিচাপে মহাপুৰুষগৰাকীক জনা যায় বুলি মুখাশিল্পী দিব্যজ্যোতি গোস্বামীয়ে কয় ৷ প্ৰাক শংকৰী যুগত বিশেষকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত যদিও এই মুখাশিল্পৰ চৰ্চ্চা আছিল; কিন্তু পৰৱৰ্তী সময়ত অসমত গুৰুজনাৰ ভক্তি আন্দোলনৰ যোগেদি মুখাশিল্পৰ প্ৰচলন ঘটে বুলি প্ৰকাশ কৰি গোস্বামীয়ে কয়, ‘‘ভাওনাৰ এক সাহায্য হিচাপে, এক অংগ হিচাপে ইয়াৰ প্ৰচলন হৈছিল ৷ ইয়াৰ পিছত অসমৰ বিভিন্ন সত্ৰত গুৰুজনাৰ এই পৰম্পৰাৰ চৰ্চ্চা অব্যাহত ৰাখিছে ৷’’

বিশেষকৈ মাজুলীৰ চামগুৰি সত্ৰই ১৬৬৩ চনৰ প্ৰতিষ্ঠাকালৰে পৰা মুখাশিল্পৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে গোস্বামীয়ে ৷ গোস্বামীয়ে লগতে কয়, ‘‘এনে পদক্ষেপৰ বাবেই অসম, ভাৰতকে ধৰি বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে মাজুলীৰ চামগুৰি সত্ৰ দৰ্শন কৰিছে, প্ৰশিক্ষণ লৈছে আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷’’

TRADITIONAL MASKMAKING PROCESS
বিদেশতো সমাদৃত অসমৰ মুখাশিল্প (ETV Bharat Assam)

মুখাশিল্পী গোস্বামীৰ পিতৃগুৰু হেমচন্দ্ৰ গোস্বামী বুলি জানিব দি তেওঁ কয়, ‘‘হেমচন্দ্ৰ গোস্বামীয়ে ২০১৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰাৰ লগতে ২০২৩ বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰে ৷’’ এই পৰম্পৰাগত মুখাশিল্পৰ প্ৰতি শ্ৰদ্ধা আৰু সহযোগিতা প্ৰদৰ্শন কৰাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা আগবঢ়াই গোস্বামীয়ে মুখাশিল্প দৰ্শন কৰিবলৈ সকলোকে আহ্বান জনায় ৷

তেওঁ পুনৰ কয়, ‘‘মুখাশিল্পৰ সংৰক্ষণৰ ব্যৱস্থা সত্ৰসমূহত অতীতৰে পৰা আছে ৷ বৰ্তমান সময়ত সত্ৰসমূহে এই মুখাশিল্প সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বিশেষকৈ বিভিন্ন কৰ্মশালা, প্ৰশিক্ষণ শিবিৰ আদিৰ জৰিয়তে কৰি আহিছে ৷ চামগুৰি সত্ৰও ইয়াৰ ব্যতিক্ৰম নহয় ৷ নতুন প্ৰজন্মই যাতে এই মুখাশিল্পৰ সংৰক্ষণৰ লগতে আগুৱাই নিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে ৷’’

কিদৰে প্ৰস্তুত কৰা হয় একোখন মুখা

একেখন সত্ৰৰে আন এগৰাকী মুখাশিল্পী বি এফ এ ডিগ্ৰীধাৰী পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীৰ ছাত্ৰ বিজয় কৃষ্ণ হাজৰিকাই কয়, ‘‘মুখা বনাবলৈ প্ৰয়োজন হোৱা সকলো সামগ্ৰী একোটা প্ৰাকৃতিক উপাদান ৷ যেনে- বাঁহ, কপাহৰ কাপোৰ, মাটি, গোবৰ, মৰাপাট, কুঁহিলা আদি ৷ প্ৰথমতে বাঁহৰ কাঠীৰে সজাটো তৈয়াৰ কৰা হয় ৷ সজাটো তৈয়াৰ কৰাৰ পিছত তাত কাপোৰত মাটি সানি লগোৱা হয় ৷ কাপোৰ লগোৱাৰ পাছত তাত গোবৰ আৰু মাটি দি মুখাখনৰ আকৃতি তৈয়াৰ কৰা হয় ৷ চকু, কাণ, নাক আদি চেহেৰাসমূহ প্ৰস্তুত কৰা হয় ৷ ইয়াৰ পাছত পুনৰ কাপোৰ মাটিৰ সহায়েৰে লগোৱা হয় ৷ এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত মুখাখনত প্ৰাইমাৰ সানি ৰং সনা হয় ৷ গোটেই প্ৰক্ৰিয়াটো ৰ’দৰ ওপৰত নিৰ্ভৰশীল যদিও ভাল ৰ’দ হ’লে এখন মুখা তিনিদিনত সম্পূৰ্ণ হ’ব পাৰে ৷’’

TRADITIONAL MASKMAKING PROCESS
ৰং কৰি থকা অৱস্থাত এখন মুখা (ETV Bharat Assam)

সাধাৰণতে ভাওনাত ব্যৱহাৰ হোৱা চৰিত্ৰসমূহৰ মুখা বেছিকৈ নিৰ্মাণ কৰা হয় বুলি জানিব দি হাজৰিকাই কয়, যিসমূহ চৰিত্ৰ ৰং কৰি অথবা চেহেৰাত অংকন কৰি ফুটাই তুলিব নোৱাৰে, সেইখিনি মুখা তৈয়াৰ কৰা হয় ৷ যেনে- গৰুড় পক্ষী, হনুমানৰ মুখা, ৰাক্ষসৰ মুখা আদি ৷

মুখাশিল্পী হাজৰিকাই লগতে কয়, ‘‘মুখা নিৰ্মাণৰ বাবে জাতি বাঁহ ব্যৱহাৰ কৰা হয় ৷ কিয়নো জাতি বাঁহৰ টঙাল বা কাঠি তুলিবলৈ সুবিধা হয় ৷ একেদৰে মুখাৰ বাবে কলহ, টেকেলী আদি নিৰ্মাণ কৰা কুমাৰৰ মাটি ব্যৱহাৰ কৰা হয় ৷ এই মাটি আঠালেতীয়া হোৱাৰ বাবে মুখা নিৰ্মাণত ব্যৱহাৰ কৰা হয় ৷’’

আনহাতে, মুখাত মাটিৰ লগতে গোবৰৰ ব্যৱহাৰৰ সম্পৰ্কত হাজৰিকাই কয়, ‘‘শুকালে গোবৰ লঘু হয় ৷ ফলত মুখাৰ ওজন কমে ৷ যিহেতু অভিনয় কৰোত এজন শিল্পীয়ে মুখা পিন্ধি লয়, তেনেক্ষেত্ৰত মাটিৰ ওজন থকা মুখাই অসুবিধা কৰে ৷ সেইবাবে গোবৰৰ ব্যৱহাৰ কৰা হয় ৷ ইফালে ৰঙৰ ক্ষেত্ৰত সদ্যহতে আজিকালি ফেব্ৰিক ব্যৱহাৰ কৰা হৈছে যদিও প্ৰাকৃতিক ৰং হেঙুল-হাইতাল আমি ব্যৱহাৰ কৰো ৷ হেঙুল-হাইতাল যথেষ্ট খৰচী আৰু সহজলভ্য নোহোৱাৰ বাবেই কেতিয়াবা ফেব্ৰিক ব্যৱহাৰ কৰিবলগা হয় ৷’’

TRADITIONAL MASKMAKING PROCESS
এখন ৰাক্ষসৰ মুখা (ETV Bharat Assam)

মুখাত চুলি আৰু দাড়ি হিচাপে লগাবলৈ ব্যৱহাৰ কৰা হয় মৰাপাট ৷ মৰাপাটসমূহ দুই-তিনি মাহৰ বাবে ধোঁৱাচাঙত তুলি থোৱা হয় বুলি প্ৰকাশ কৰি হাজৰিকাই কয় যে তেনেদৰে থ’লেই মৰাপাটে ক’লা চুলিৰ দৰে ৰং লয় ৷

উল্লেখ্য যে, মাজুলীৰ চামগুৰি সত্ৰৰ এই দুইগৰাকী মুখাশিল্পীয়ে বোকাখাতৰ জাতীয় বিদ্যালয়ত ভিজুৱেল আৰ্ট একাডেমীৰ উদ্যোগত ছদিনীয়া এক পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ একাডেমীৰ সম্পাদক তথা প্ৰখ্যাত ভাস্কৰ্য-চিত্ৰশিল্পী পাপু ঘোষে জনোৱা মতে, পৰম্পৰাগত মুখাশিল্পৰ জ্ঞান আৰু কৌশলসমূহ সংৰক্ষণ কৰা আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যেই এই কৰ্মশালাৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক: ছবিয়ে কথা কয় এইগৰাকী চিত্ৰশিল্পীৰ; অসাধাৰণ শিল্পকলাৰ বাবে বিখ্যাত দুৰ্লভ ভট্টাচাৰ্যৰ জীৱনৰ দীঘ-বাণি