ETV Bharat / state

অসম চৰকাৰে ক’ত কিমানজনক দিলে চাকৰি, কিমান প্ৰকাশ পালে বিজ্ঞাপন ?

২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহলৈ ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰিছে চৰকাৰে ।

Assam finance minister Ajanta neog
অসম চৰকাৰে ক’ত কিমানজনক দিলে চাকৰি, কিমান প্ৰকাশ পালে বিজ্ঞাপন ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 6:03 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: এবছৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহু পলমকে হ'লেও প্ৰতিশ্ৰুতি পূৰণ কৰিলে । সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰা চৰকাৰখনৰ অন্তিমখন পূৰ্ণাংগ বাজেটত ইয়াৰ সবিশেষ উল্লেখ কৰা হয় ।

বাজেটত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা উল্লেখ কৰাৰ উপৰিও আগন্তুক সময়ত আৰু অধিক নিযুক্তি দিয়াৰ বিষয়েও সদৰী কৰা হয় । এক লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্য চৰকাৰে ৪০ হাজাৰৰো অধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথাও বাজেটত উল্লেখ কৰা হয় ।

Assam finance minister Ajanta neog
অসম বাজেটৰ বিজ্ঞাপনৰ তথ্য (ETV Bharat)

বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে অসম চৰকাৰে যুৱক-যুৱতীসকলক দিয়া এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হৈছে । বাজেটত কোৱা হয় যে ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰা হৈছে ।

Assam finance minister Ajanta neog
অসম বাজেটৰ নিযুক্তিৰ তথ্য (ETV Bharat)

সেইদৰে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰা চৰকাৰখনে অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ৪০,৬৯৭ টা পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে । তাৰ লগত সামঞ্জস্য ৰাখি অসম চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা ১,৬০,৫৯৬ লৈ বৃদ্ধি হ’বলৈ আগবাঢ়িছে ।

  • ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈ ক'ত কিমান নিযুক্তি দিয়া হ'ল :

বাজেটত উল্লেখ কৰা অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহলৈ ১,১৯,৮৯৯ গৰাকী যুৱক-যুৱতীৰ নিযুক্তি সম্পূৰ্ণ কৰা হৈছে । সেই অনুসৰি প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগত ৩৭ টা, কৃষি বিভাগত ১৫৩ টা, পশু পালন আৰু পশু চিকিৎসা বিভাগত ১৯১১ টা, বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদত ৩৮৮২ টা, সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগত ৬ টা, সমবায় বিভাগত ৩৭১ টা, সাংস্কৃতিক পৰিক্ৰমা বিভাগত ১০৩ টা নিযুক্তি দিয়া হৈছে ৷

Assam finance minister Ajanta neog
কোন বিভাগত কিমান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে (ETV Bharat)

লগতে নিৰ্বাচন বিভাগত ১২ টা, পৰিৱেশ আৰু বন বিভাগত ৩৩৯৫ টা, আবকাৰী বিভাগত ৩৩৭ টা, বিত্ত বিভাগত ১৫৬১ টা, মীন বিভাগত ১৫৫ টা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ২৯৭ টা, সাধাৰণ প্ৰশাসন বিভাগত ১৫০৩ টা, ৰাজ্যপালৰ সচিবালয় বিভাগত ১০ টা, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগত ৬২০ টা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ৫৫২২ টা, উচ্চ শিক্ষা বিভাগত ৪১১২ ট‍া নিযুক্তি দিয়া হৈছে ৷

লগতে পঢ়ক : অসমে স্থাপন কৰিব প্ৰথমটো নিজা কৃত্রিম উপগ্রহ: মুখ্যমন্ত্ৰীৰ ঘোষণা

লগতে পঢ়ক : ২০২৫-২৬ৰ মুঠ বাজেট ১৫৫৪২৮ কোটি, ঘাটি ৬২০.২৭ কোটি: ক’ৰ পৰা আহিব বাজেটৰ টকা ?

ইয়াৰ উপৰিও পাৰ্বত্য অঞ্চল বিভাগত ৫ টা, গৃহ আৰু ৰাজনৈতিক বিভাগত ১৭৯৮০ টা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ৪০৪ টা, খিলঞ্জীয়া তথা জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগত ৫০ টা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগত ২৭৮ টা, তথ্য প্ৰযুক্তি বিভাগত ৬ টা, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত ১০০ টা, জলসিঞ্চন বিভাগত ১৬৯৪ টা নিযুক্তি দিয়া হৈছে ৷

Assam finance minister Ajanta neog
২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈ ক'ত কিমান নিযুক্তি দিয়া হ'ল (ETV Bharat)

আনহাতে, ন্যায়িক বিভাগত ১২ টা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ৮৪২ টা, শ্ৰমিক কল্যাণ বিভাগত ২৫১ টা, বিধায়িনী বিভাগত ২৩ টা, চিকিৎসা বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগত ৩২৭৯ টা, খনি আৰু খনিজ সম্পদ বিভাগত ৯৯ টা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ৭৬৭টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২,১৫৯ টা নিযুক্তি দিয়া হৈছে ৷

ইফালে কৰ্মচাৰী বিভাগত ২৭১ টা, শক্তি বিভাগত ৪৯৮ টা, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৮২২ টা, লোক নিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগত ১,৭৯১ টা, লোক নির্মাণ (পথ) বিভাগত ২,৭৩০ টা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৮৭৫ টা, বিদ্যালয় শিক্ষা বিভাগত ৫৫,৮৫৬ টা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগত ৬ টা, দক্ষতা নিযুক্তি দিয়‍া হৈছে ৷

Assam finance minister Ajanta neog
২০২১ চনৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈ ক'ত কিমান নিযুক্তি দিয়া হ'ল (ETV Bharat)

লগতে নিয়োগ আৰু উদ্যমিতা বিভাগত ৩৯৬ টা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগত ২১ টা, ভূমি সংৰক্ষণ বিভাগত ১৮৮ টা, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত ২৭১ টা, চাহ জনজাতি কল্যাণ বিভাগত ১ টা, পর্যটন বিভাগত ১৩২ টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ৪১৬ টা নিযুক্তি দিয়‍া হৈছে ৷

লগতে পঢ়ক : ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰধান ঘোষণাসমূহ : কোন কিদৰে হ'ব উপকৃত

ইয়াৰ উপৰিও পৰিবহণ বিভাগত ৩২৯ টা, জনজাতি পৰিক্ৰমা বিভাগত ২৮২ টা, জলসম্পদ বিভাগত ২,৬৬৭ টা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত ১ টা আৰু মহিলা আৰু শিশু বিকাশ বিভাগত ৪০১ টা পদত নিযুক্তি দিয়া হৈছে । মুঠতে ১১৯৮৯৯ টা পদত নিযুক্তি দিয়‍া হৈছে ।

  • কোন বিভাগত কিমান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে :

বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ সীমা অতিক্ৰম কৰি অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছে । ইতিমধ্যে ৪০,৬৯৭ টা পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা ১,৬০,৫৯৬ লৈ বৃদ্ধি হ'বলৈ গৈ আছে ।

সেই অনুসৰি তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ ৭৬৫০ টা, চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ ৫০০০ টা, অসম লোকসেৱা আয়োগৰ ১২০৮ টা, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ১০০৫০টা, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৯,৭১৭ টা, অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদৰ ৩৪৩ টা, চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদৰ ৪৯০ টা, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ ৬,২৩৯ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । বিজ্ঞাপন প্ৰকাশ কৰা মুঠ পদৰ সংখ্যা হৈছে ৪০,৬৯৭ টা ।

লগতে পঢ়ক : কৰ্কট ৰোগৰ চিকিৎসা: অসমত স্থাপন হ’ব দেশৰ তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ

লগতে পঢ়ক : অন্তিমখন পূৰ্ণাংগ বাজেটে ৰাইজৰ আশা পূৰণ কৰিবনে ?