নিৰ্বাচনত সংখ্যালঘুৰ ভোট কিদৰে আদায় কৰে কংগ্ৰেছে ?
পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়, বিজেপিৰ উত্থানৰ কাৰণ কি ? ব্য়াখ্য়া কৰিলে বিধায়ক ৰূপক শৰ্মাই ।

Published : May 14, 2025 at 3:39 PM IST
নগাঁও: আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে বিবেচিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত সমগ্ৰ ৰাজ্যতে একপ্ৰকাৰ বিধ্বস্ত হৈছে বিৰোধী দল কংগ্ৰেছ । ইয়াৰ বিপৰীতে শাসকীয় দল বিজেপিৰ চমকপ্ৰদ উত্থানক লৈ চিন্তিত কংগ্ৰেছ মহল ।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ তুলনাত সংখ্যালঘু অধ্যুষিত নগাঁৱৰ এলেকাসমূহত যথেষ্ট উত্থান ঘটিছে কংগ্ৰেছৰ । কিন্তু ইয়াৰ মাজতেই সংখ্যালঘু ভোটাৰ থকা নগাঁৱৰ এখন জিলা পৰিষদ আসনত কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে বিজয় সাব্যস্ত কৰা বুলি দাবী কৰিছে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ই টিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু আগন্তুক ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰণকৌশল সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।
পঞ্চায়তত বিজেপিৰ উত্থানৰ কাৰণ:
পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উত্থানৰ কাৰণ ব্যাখ্যা কৰিলে বিধায়ক ৰূপক শৰ্মাই । তেওঁ কয়, “হৈ যোৱা পঞ্চায়ত নিৰ্বাচন ছেমি ফাইনেল বুলি নহয়, সৰু-বৰ প্ৰতিটো নিৰ্বাচনেই আমাৰ বাবে ফাইনেল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গ্ৰাম্য উন্নয়ন, গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সফল হোৱা বাবে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈয়ো অধিক আসন দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি প্ৰতিটো আঁচনিৰ সমবিতৰণৰ ক্ষেত্ৰতো সফল হোৱাত বিজেপিক আঁকোৱালি লৈছে ভোটাৰ ৰাইজে । ইয়াৰ ফল আমি পঞ্চায়ত নিৰ্বাচনত লাভ কৰিছো । পূৰ্বৰ তুলনাত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ফলাফল যথেষ্ট উন্নত হৈছে।”
পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ:
বিধানসভা নিৰ্বাচনৰ মাত্ৰ এবছৰ পূৰ্বে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় দল বিজেপিৰ উত্থানৰ বিপৰীতে কংগ্ৰেছ একপ্ৰকাৰ বিধস্ত হৈ পৰিছে । কংগ্ৰেছৰ বিপৰ্যয় আৰু বিজেপিৰ উত্থান সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয়, “ৰাজ্যত কংগ্ৰেছৰ শাসনকালত পঞ্চায়তৰাজ ব্যৱস্থাৰ নামত কংগ্ৰেছে সংঘটিত কৰিছিল কেৱল দুৰ্নীতি । চৰকাৰী আঁচনি বিতৰণৰ নামত ধনৰ ব্যাপক লেনদেন হৈছিল । আনকি বিধৱা অথৱা বৃদ্ধা মহিলাগৰাকীয়েও ধন নিদিয়াকৈ লাভ কৰা নাছিল চৰকাৰী বিধৱা অথবা মহিলা পেঞ্চন; কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে প্ৰতিটো আঁচনি অনিয়ম, দুৰ্নীতিমুক্তভাৱে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।” এনে একাধিক কাৰণত ভোটাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰি বিজেপিক আদৰি লোৱা বুলি দাবী কৰে বিধায়ক ৰূপক শৰ্মাই ।
সংখ্যালঘু ভোট লাভত কিয় সফল নহ’ল বিজেপি ?
পঞ্চায়ত নিৰ্বাচনত সংখ্যাগুৰু অধ্যুষিত এলেকাত বিজেপিয়ে চমকপ্ৰদ সফলতা লাভ কৰাৰ বিপৰীতে সংখ্যালঘু অধ্যুষিত এলেকাত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল বিৰোধী কংগ্ৰেছ । সংখ্যালঘু এলেকাত বিজেপিৰ বিফলতা সন্দৰ্ভতো মন্তব্য কৰে ৰূপক শৰ্মাই । সংখ্যলঘু ভোটাৰ থকা নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ ভোটাই পাঠৰী জিলা পৰিষদৰ সদস্য বিজেপি দলৰ পৰাই জয়লাভ কৰাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, “বহু সংখ্যালঘু অধ্যুষিত এলেকাৰ লোকৰ শিক্ষাগত অৰ্হতাৰ হাৰ কম থকা ভোটাৰক নানা ভয়-ভীতি প্ৰদৰ্শনেৰে আতংকিত কৰি কংগ্ৰেছে সংখ্যালঘুৰ ভোট আদায় কৰি আহিছে । বিজেপিৰ বিৰুদ্ধে মছজিদ ভাঙি দিয়া, আজান দিব নিদিয়া দল আদি বিভিন্ন অপপ্ৰচাৰ চলাই সংখ্যালঘুৰ ভোট আদায় কৰি আহিছে কংগ্ৰেছে । অৱশ্যে কংগ্ৰেছৰ এই ফৰ্মূলা এতিয়া লাহে লাহে বুজি পোৱা হৈছে বহু সংখ্যলঘু লোকেও । যাৰ বাবে নিৰ্দিষ্ট এলেকাসমূহতো ভোটাৰে এতিয়া বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ আৰম্ভ কৰিছে । ফলত সংখ্যাঘু অধ্যুষিত এলেকাতো কেইবাগৰাকী প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হৈছে । আনকি বহুকেইগৰাকী প্ৰাৰ্থী পৰাজিত হৈছে যদিও সন্তোষজনক ভোট লাভ কৰিবলৈ সক্ষম হৈছে ।”
কোন হ’ব নগাঁও জিলা পৰিষদৰ সভাপতি ?
মুঠ ২৭ খন আসনেৰে গঠিত নগাঁও জিলা পৰিষদ গঠনৰ বাবে প্ৰয়োজন ১৪ খন আসনৰ । জিলাখনৰ ২৭ খন আসনৰ ১৪ খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে ১৩ খন । এনেক্ষেত্ৰত মাত্ৰ এখন আসনৰ বাবে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত থমকিৰ’বলগীয়া হ’ল কংগ্ৰেছ । ইয়াৰ বিপৰীতে ১৪ খন আসন লাভ কৰা বিজেপি মিত্ৰজোঁটে নগাঁও জিলা পৰিষদ গঠন কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ কিন্তু কোন হ’ব নগাঁও জিলা পৰিষদৰ সভাপতি ? ইয়াকে লৈ এতিয়া চৰ্চা চলিছে বিভিন্ন মহলত ।
জিলাখনত পঞ্চায়ত নিৰ্বাচনত যথেষ্ট শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা অগপ দলেও বিচাৰিব পাৰে জিলা পৰিষদৰ সভাপতি । এনেক্ষেত্ৰত বিজেপিৰ ভূমিকা কি হ’ব তাক লৈয়ো মন্তব্য কৰিছে বিধায়কগৰাকীয়ে । নগাঁও জিলা পৰিষদৰ সভাপতি পদৰ বাবে সংৰক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত জিলাখনৰ বিধায়কসকলে এক আলোচনাত মিলিত হোৱাৰ উপৰি দলৰ শীৰ্ষ মহলৰ সৈতে আলোচনা মৰ্মে সভাপতি বাচনি কৰা হ’ব বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই ।

