ETV Bharat / state

নতুন বছৰৰ প্ৰথম দিনটোত ক'ত কিদৰে ব্যস্ত থাকিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বছৰৰ প্ৰথম দিনটোত গুৱাহাটী মহানগৰীত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রীয়ে দিলে বহুকেইটা ভাল খবৰ ।

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : January 1, 2025 at 9:04 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো পুৱাৰ পৰা সন্ধিয়ালৈ কেইবাটাও কাৰ্যসূচীলৈ ব্যস্ত হৈ থাকিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । বছৰৰ প্ৰথম দিনটোত গুৱাহাটী মহানগৰীত বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্রীয়ে দিলে বহুকেইটা ভাল খবৰ । পুৱাৰ ভাগত মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰত পদপথেৰে যাত্ৰা কৰা লোকসকলৰ সুবিধাৰ্থে পল্টন বজাৰৰ জি এছ ৰোডত ১৭.৫০ মিটাৰ দৈঘ্যৰ পদপথ সেতু শুভ উদ্বোধন কৰে ৷

প্ৰায় ১৭ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰে পদপথ সেতুখনৰ নিৰ্মাণ কৰা হৈছে । এই পদপথ সেতুখনৰ নিৰ্মাণৰ ফলত যান-বাহনৰ গতি স্তিমিত নকৰাকৈ পথচাৰীসকলে নিৰাপদে জি এছ ৰোড পাৰ হোৱাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলে ৰে'লৱে ষ্টেচন তথা এ এছ টি চিৰ বাছ আস্থানলৈ সহজতে অহা-যোৱা কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ পাছত মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ শিলপুখুৰীস্থিত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুননিৰ্মিত সমাধিক্ষেত্র মুকলি কৰে । ১.২৬ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা সমাধিক্ষেত্রটোত আছে পুথিভঁৰাল, গ্ৰেনাইটৰ প'ডিয়াম, শিশুৰ খেল-ধেমালি ক্ষেত্র আৰু সংগীত ব্যৱস্থা । ইয়াৰ জডিয়তে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তেখেতৰ সহধৰ্মিণী সুৰবালা বৰদলৈৰ শিলপুখুৰীত অৱস্থিত সমাধিক্ষেত্ৰ ‘শান্তিস্থল’ক পুননিৰ্মাণ তথা আধুনিকীকৰণ কৰি নতুন ৰূপ দিয়া হৈছে ।

পুৱাৰ ভাগতে মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ খানাপাৰাত দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । গুৱাহাটীৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনেৰে ৫৬খন এচি ইলেক্ট্ৰিক বাছ সেৱাৰ শুভাৰম্ভণি কৰাৰ লগতে মুখ্যমন্ত্রীয়ে খানাপাৰাত নৱ-নিৰ্মিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ শুভ উদ্বোধন কৰে । জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখন আগুৱাই নিবলৈ অসম চৰকাৰে লোৱা সংকল্পৰ অংশ হিচাপে এই ইলেক্ট্ৰিক বাছ সেৱা মুকলি কৰা হৈছে । ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ৰাজ্যত চলি থকা ইলেক্ট্ৰিক বাছসমূহৰ লগতে আজি আৰম্ভ কৰা ইলেক্ট্ৰিক বাছ সেৱাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ দিশত ৰাজ্যখন সবলভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে ।

লগতে মুখ্যমন্ত্রীয়ে আহিবলগীয়া দিনবোৰত গুৱাহাটীৰ কেতবোৰ গুৰুত্বপূৰ্ণ পথত কেৱল ইলেক্ট্ৰিক বাছ আৰু চি এন জি বাছহে চলিব আৰু এই পথসমূহ সম্পূৰ্ণৰূপে 'সেউজ পথ' হিচাপে গঢ় লৈ উঠিব বুলি মন্তব্য কৰে । একেটা অনুষ্ঠানতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বাছযাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰি খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰো আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে । ৫.১০ বিঘা এলেকাৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলটো ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ।

দিনৰ ভাগত মুখ্যমন্ত্রীয়ে নৱবৰ্ষ উপলক্ষ্যে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত 'নতুন দিনৰ আলাপ' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । নৱবৰ্ষ উপলক্ষে নতুন আশা, শুভ বার্তাৰে অনুষ্ঠিত 'নতুন দিনৰ আলাপ' শীৰ্ষক বিশেষ বাৰ্তালাপ অনুষ্ঠান মুখ্যমন্ত্রীয়ে ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ২০২৪ বৰ্ষটোত ৰাজ্যখনৰ অগ্ৰগতি আৰু সফলতাসমূহৰ বিষয়ে অৱগত কৰে । লগতে নতুন বছৰৰ নতুন পৰিকল্পনা আৰু কেতবোৰ নতুন ঘোষণা কৰে । এই অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে দুটা বিশেষ পদক্ষেপো মুকলি কৰে মুখ্যমন্ত্রীয়ে ।

অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণাৰ্থে বীমাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু অন্যান্য তালিকাভুক্ত বাণিজ্যিক বেংকৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । সেইদৰে কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা হয় 'স্বাগত সতীৰ্থ' প'ৰ্টেল । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়া সৰল আৰু সহজসাধ্য কৰাৰ লক্ষ্যৰে 'স্বাগত সতীৰ্থ' শীৰ্ষক প'ৰ্টেলটো মুকলি কৰা হৈছে । নৱবৰ্ষৰ দিনটোত আয়োজিত এই বিশেষ কাৰ্যসূচীত মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট সাংবাদিকৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়সকল উপস্থিত থাকে ।

এই অনুষ্ঠানৰ পাছতে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে মুখ্যমন্ত্রীৰ পৌৰোহিত্যত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

CM Himanta Biswa Sarma
কেবিনেট বৈঠক (ETV Bharat Assam)

বিয়লি মুখ্যমন্ত্রীয়ে দুটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰথমে মুখ্যমন্ত্রীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ৩৬২.০৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । এই প্ৰকল্পটোৰ যোগেদি জীৱ-জন্তুৰ উন্নত জীৱন ধাৰণ আৰু যত্ন নিশ্চিত কৰা, দৰ্শনাৰ্থীৰ অভিজ্ঞতাৰ মান বৃদ্ধি কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চিৰিয়াখানা তথা উদ্ভিদ উদ্যানখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে । এই প্ৰকল্পটোৰ যোগেদি চিৰিয়াখানাখনত বহু নতুন বিষয় সংযোজন হ'ব ।

আনহাতে সন্ধিয়া মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ কাহিলিপাৰাত থকা জ্যোতি চিত্রবনত নতুন প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে । ৫৪ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হ'ব । এহাজাৰ আসনযুক্ত এই প্ৰেক্ষাগৃহত সন্মিলন কক্ষ, ভি আই পি লাউঞ্জ, গ্ৰীণ ৰূম, ফুড ক'ৰ্ট আৰু চলচ্চিত্র প্ৰক্ষেপণৰ ব্যৱস্থা থাকিব । সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ক্ৰমে বিদ্যা সাগৰ আৰু সুনিল ৰাজকোঁৱৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীৰ লগতে সাংস্কৃতিক জগতৰ ভালেসংখ্যক গণ্যমান্য লোকৰ উপস্থিতিত প্ৰেক্ষাগৃহটিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রীয়ে ।

মুখ্যমন্ত্রীয়ে কয়, "শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ দুটিত বিভিন্ন চৰকাৰী কাৰ্যসূচী চলি থকাৰ প্ৰেক্ষাপটতে এই নতুন প্ৰেক্ষাগৃহটি নিৰ্মাণৰ চিন্তা কৰা হৈছিল । এই প্ৰেক্ষাগৃহটি সম্পূর্ণ ৰূপে সাংস্কৃতিক কাম কাজত ব্যৱহাৰ কৰা হ'ব । খানাপাৰাত চৰকাৰে নিৰ্মাণ কৰি থকা পাঁচ হেজাৰ আসন বিশিষ্ট প্ৰেক্ষাগৃহটি জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ হিচাপে নামকৰণ হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

আনহাতে আজি মুখ্যমন্ত্রীয়ে চৰকাৰী বাসভৱনত বিভিন্নজনৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাও গ্ৰহণ কৰে । এনেদৰে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ থাকিল ।

লগতে পঢ়ক: নতুন দিনৰ আলাপ : মুখ্যমন্ত্ৰীয়ে দিলে ২০২৪ৰ সফলতাৰ খতিয়ান

লগতে পঢ়ক: নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নামকৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে

লগতে পঢ়ক: নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প