ETV Bharat / state

কৃষকসকলে কিদৰে লাভ কৰে বতৰৰ আগজাননীৰ বাৰ্তা ?

কৃষিত বতৰৰ আগজাননীৰ বাৰ্তা কিদৰে আছুতীয়াকৈ অধ্যয়ন কৰি কৃষকৰ মাজলৈ প্ৰেৰণ কৰা হয় ? পঢ়ক এই প্ৰতিবেদন...

AGIRCULTURE WEATHER FORECAST
কৃষিত বতৰৰ প্ৰভাৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 5:14 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম এখন কৃষি প্ৰধান ৰাজ্য । চৰকাৰী তথ্য মতে, অসমৰ ৭০ শতাংশ লোক কৃষিৰ সৈতে জড়িত । গতিকে অসমত কৃষি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আছে । বতৰ আৰু জলবায়ুৱে কৃষিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় ।

বতৰ আৰু জলবায়ু- প্ৰাকৃতিক পৰিৱেশৰ দুটা অতি গুৰুত্বপূৰ্ণ উপাদান । বতৰ আৰু জলবায়ুৱে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে কৃষিৰ কাৰ্যকলাপৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ।

কৃষিত বতৰৰ আগজাননীৰ বাৰ্তা (ETV Bharat Assam)

বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য

বতৰ বুলি ক’লে কোনো বাতাবৰণৰ সাময়িক পৰিৱৰ্তনক বুজা যায় । আনহাতে, কোনো বাতাবৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যক জলবায়ু বুলি কোৱা হয় । বতৰ বুলি ক’লে কোনো বাতাবৰণৰ কিছু সময়ৰ বাবে শীত-তাপ জলীয় বাষ্প, বায়ু চলন, জলবায়ুৰ চাপ, উষ্ণতা, আৰ্দ্ৰতা, বৃষ্টিপাতৰ পৰিমাণ, ডাৱৰ, বতাহ আদিকে বুজা যায় ।

আনহাতে, জলবায়ু বুলি ক’লে কোনো অঞ্চলৰ বৃষ্টিপাতৰ গড় পৰিমাণ, তাপমাত্ৰা, আৰ্দ্ৰতা, ৰ’দ, বায়ুৰ গতিবেগ, কুঁৱলী, তুষাৰপাত, শিলাবৃষ্টি আৰু অন্যান্য বতৰ সংক্ৰান্তীয় পৰিস্থিতিকে বুজা যায়, যি অঞ্চলটোত এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত সৃষ্টি হয় ।

কৃষি আৰু উদ্যানশস্যৰ ক্ষেত্ৰত বতৰ আৰু জলবায়ুৰ গুৰুত্ব

কৃষিৰ বতৰ বিজ্ঞান সন্দৰ্ভত প্ৰয়োজনীয় জ্ঞানে উদ্যানশস্য আৰু কৃষি কৰ্মৰ সৈতে জড়িত কৃষকসকলক বিশেষভাৱে সহায় কৰে, সেয়েহে ইয়াৰ গুৰুত্ব অধিক । কৃষিৰ বতৰ বিজ্ঞান সন্দৰ্ভত প্ৰয়োজনীয় তথ্য-পাতি সম্পৰ্কে অৱগত হৈ থাকিলে কোনো কৃষকে তেওঁৰ উৎপাদন পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে । বতৰৰ পূৰ্বানুমান সেয়েহে কৃষকৰ বাবে বৰ প্ৰয়োজনীয় বিষয় ।

কৃষিৰ উৎপাদনৰ সন্দৰ্ভত বতৰ বিজ্ঞানৰ ভূমিকা

কৃষি আৰু কৃষকৰ সহায়ৰ বাবে বতৰৰ সতৰ্কবাণী সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এই সন্দৰ্ভত গুৱাহাটীৰ আঞ্চলিক বতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে কয় - ‘‘বতৰৰ আগতীয়া সঠিক তথ্যই কৃষকক শস্য ৰোপণ আৰু পৰিকল্পনাত সহায় কৰে । ইয়াৰ ফলত কৃষকসকলে সময়োপযোগী সিদ্ধান্ত ল’বলৈ সক্ষম হয় । বতৰৰ আগতীয়া আগজাননীয়ে কৃষকে কৃষিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব নে নকৰে, শস্য চপোৱাৰ কামৰ আৰম্ভণি কৰিব নে নকৰে, কৃষিত সাৰৰ প্ৰয়োগ কেতিয়া কৰিব বা নকৰে, সেয়া আগতীয়াকৈ ঠিক কৰিব পাৰে । তদুপৰি কৃষি শস্যৰ মজুতকৰণ আৰু পৰিবহণৰ ক্ষেত্ৰতো সহায়ক হয় ।’’

কৃষিকৰ্মৰ সৈতে জড়িত আন আন কাম যেনে- হাল বোৱা ইত্যাদি সম্পন্ন কৰাটো সহায়ক হয় । আকৌ পশুধনক সুৰক্ষা দিয়াতো সহায়ক হয় ।

কৃষিৰ ক্ষেত্ৰত বতৰ বিজ্ঞান আছুতীয়া অধ্যয়নৰ প্ৰক্ৰিয়া

কৃষিৰ ক্ষেত্ৰত বতৰ বিজ্ঞান আছুতীয়া অধ্যয়ন কৰে । এইক্ষেত্ৰত বিভিন্ন প্ৰক্ৰিয়া আছে । এই সন্দৰ্ভত জ্যেষ্ঠ বতৰ বিজ্ঞানী সঞ্জয় শ্ব'নীলে কয় - বতৰ বিজ্ঞানে now cast, Short range forecast, Medium range forcast, external forecast, seasonal forcast ৰ অধ্যয়ন কৰে । now cast তিনি-চাৰি ঘণ্টাৰ, Short range forecast তিনি-চাৰিদিনৰ, Medium range forcast দহদিনৰ, external forecast এমাহৰ seasonal forcast ছমাহৰ বতৰৰ আগজাননী দিয়া হয় ।

তেওঁ কয়- ‘‘কৃষিৰ ক্ষেত্ৰত Medium range forcast আগজাননী দিয়া হয় । সেই মতে কৃষিৰ উপযোগীকৈ অধ্যয়ন কৰি পৰিসংখ্যা দিয়া হয় ।’’

বতৰ বিজ্ঞানীগৰাকীয়ে লগতে সদৰী কৰে যে চেটেলাইট, ৰাডাৰ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰিসংখ্যাৰ ভিত্তিত গৱেষণা কৰি কৃষিৰ ক্ষেত্ৰত Medium range forcast ৰ আগজাননী দিয়া হয় ৷

অসমত কিদৰে বতৰ আগতীয়া খবৰ কৃষকৰ মাজলৈ যায়

বতৰৰ জটিল অধ্যয়ন আৰু পৰিসংখ্যাবোৰ কিদৰে সৰলীকৰণ কৰি সহজে কৃষকক উপলব্ধ কৰা হয় বা কৃষকৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয়, সেই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ Research associate ড৹ সুদীপ কুমাৰ কুন্দুৱে কয় যে, বতৰ বিজ্ঞানে কৃষিত বতৰৰ প্ৰতিবেদন প্ৰস্তুত কৰি কৃষকৰ মাজলৈ নিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগ আৰু কৃষি বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ইয়াৰ বাবে এগ্ৰ'মেট ফিল্ড ইউনিট গঠন কৰা হৈছে । অসমৰ ছটা জ'নত এই এগ্ৰ'মেট ফিল্ড ইউনিট গঠন কৰা হৈছে । ছটা জ'নত এই এগ্ৰ'মেট ফিল্ড ইউনিট ক্ৰমে- গোসাঁইগাঁও, শোণিতপুৰ, যোৰহাট, শিলোংগানী, শ্ৰীভূমি আৰু ডিফু । এগ্ৰ'মেট ফিল্ড ইউনিট গোসাঁইগাঁওৰ অধীনত আছে- গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, বাক্সা, চিৰাং, দক্ষিণ শালমাৰা ।

এগ্ৰ'মেট ফিল্ড ইউনিট শোণিতপুৰ অধীনত আছে- ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি, আৰু বিশ্বনাথ । যোৰহাট এগ্ৰ'মেট ফিল্ড ইউনিট অধীনত ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী আৰু এগ্ৰ'মেট ফিল্ড ইউনিট শিলোংগানীৰ অধীনত আছে নগাঁও, মৰিগাঁও আৰু হোজাই ।

আনহাতে, এগ্ৰ'মেট ফিল্ড ইউনিট শ্ৰীভূমিৰ অধীনত কাছাৰ, হাইলাকান্দি আৰু এগ্ৰ'মেট ফিল্ড ইউনিট ডিফুৰ অধীনত ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা আছে ।

ড৹ সুদীপ কুমাৰ কুন্দুৱে জনায় যে এগ্ৰ'মেট ফিল্ড ইউনিট ব্লক হিচাপত কৃষকক সামৰি তৃণমূল পৰ্যায়ত বতৰ আগতীয়া খবৰ দিয়াৰ বাবে হোৱাটচ এপৰ জৰিয়তে কৃষকসকলক সামৰি লৈ সঠিক সময়ত সঠিক কৃষি বতৰ বিজ্ঞানৰ আগতীয়া বাৰ্তা দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে । এই ব্যৱস্থাৰ ফলত কৃষকসকল উপকৃত হৈছে ।

লগতে পঢ়ক: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিক লৈ অব্যাহত বিতৰ্ক