ETV Bharat / state

হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষেধ

যেতিয়ালৈকে হিন্দুৰ ওপৰত আক্ৰমণ বন্ধ নহয়,তেতিয়ালৈকে বৰাকৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষেধ কৰা হৈছে ৷ বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ সভাপতিয়ে কয় ।

Barak Valley hotels decision
প্ৰতিনিধিত্বমূলক ছবি (AFP)
author img

By PTI

Published : December 7, 2024 at 12:24 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বৰাক উপত্যকাৰ হোটেলসমূহে ঘোষণা কৰিছে যে চুবুৰীয়া দেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে তেওঁলোকে কোনো বাংলাদেশী নাগৰিকক আতিথ্য নিদিয়ে । কাছাৰ, শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ) আৰু হাইলাকান্দি এই তিনিখন জিলাৰে গঠিত বৰাক উপত্যকাৰ বাংলাদেশৰ চিলেট অঞ্চলৰ সৈতে 129 কিলোমিটাৰ দীঘল সীমান্ত আছে ।

"বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ পৰিস্থিতি উদ্বেগজনক । আমি ইয়াক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো । সেয়েহে পৰিস্থিতি উন্নত নোহোৱালৈকে আৰু হিন্দুসকলৰ ওপৰত অত্যাচাৰ বন্ধ নোহোৱালৈকে আমি বৰাক উপত্যকাৰ তিনিওখন জিলাতে দেশখনৰ যিকোনো নাগৰিকক আতিথ্য দিয়াটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছো । এয়া হৈছে আমাৰ প্ৰতিবাদৰ ভাষা ।" বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে শুকুৰবাৰে সাংবাদিকৰ আগত কয় ।

"বাংলাদেশৰ জনসাধাৰণে নিশ্চিত কৰিব লাগিব যে যাতে দেশখনলৈ স্থিৰতা ঘূৰি আহে । পৰিস্থিতি উন্নত হ'লেহে আমি আমাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব পাৰোঁ ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে বজৰং দলে শিলচৰত চলি থকা এখন আন্তঃৰাষ্ট্ৰীয় এক্সপোৰ আয়োজকসকলক চুবুৰীয়া দেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে বাংলাদেশী সামগ্ৰী বিক্ৰী কৰা দুটা ষ্টল বন্ধ কৰিবলৈ কয় । তেওঁলোকৰ এই দাবী মানি লোৱা হয় । আনহাতে, বজৰং দলৰ প্ৰতিবাদকাৰীসকলে শিলচৰৰ বাংলাদেশ ভিছা কেন্দ্ৰলৈও যায় আৰু নামফলকৰ পৰা 'বাংলাদেশ' নামটো আঁতৰাবলৈ দাবী জনায় ।

বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত সংঘটিত অত্যাচাৰ আৰু হিন্দু সন্ন্যাসী চিন্ময়কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰাক উপত্যকাৰ তিনিওখন জিলাতে ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছে ।

লগতে পঢ়ক :পাৰ্শ্বক্ৰিয়া ! বাংলাদেশী গ্ৰাহকৰ বাবে বৰাকৰ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ বন্ধ
লগতে পঢ়ক :বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাকলৈ চিন্তিত বদৰুদ্দিন আজমল