ETV Bharat / state

পথৰ ওপৰত বাগৰিল বাগিচাৰ শ্ৰমিক কঢ়িয়াই নিয়া বাহন, গুৰুতৰভাৱে আহত কেবাজনো - ACCIDENT IN CHARAIDEO

চৰাইদেউৰ বৰহাটত ভয়াৱহ পথ দুৰ্ঘটনা ৷ ১৬ জনকৈ লোক গুৰুতৰভাৱে আহত ৷ অতি সংকটজনক অৱস্থাত ৭ জনক ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷

Horrific road accident in Charaideo Borhat
পথ দুৰ্ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 2:24 PM IST

2 Min Read

ডিব্ৰুগড় : চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট বাগিচাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । বৰহাট বাগিচাত প্ৰায় ১৬ জন শ্ৰমিকক কাম কৰিবলৈ টাটা এচিই বাহনত নিয়াৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

জানিব পৰা অনুসৰি, বৰহাটৰ এখন ব্যক্তিগত বাগিচাত কৰ্মৰত আটাইকেইজন শ্ৰমিক । সামগ্ৰী কঢ়িয়াই নিয়া বাহনত শ্ৰমিকসকলক অতি বিপদসংকুলভাৱে বাগিচাত নিয়োজিত কৰিবলৈ লৈ যোৱাৰ সময়ত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটি পথৰ ওপৰত বাগৰি পৰে । ফলত সকলো শ্ৰমিক পথৰ ওপৰত চিটিকি পৰে ।

বৰহাটত ভয়াৱহ পথ দুৰ্ঘটনা (ETV Bharat Assam)

দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বৰহাট আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৬জন শ্ৰমিকক জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইয়াৰে সাতজন শ্ৰমিকক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আহত লোককেইজন ক্ৰমে আনদীপ, জিতেন্দ্ৰ নন্দ, সবিতা তাঁতী, বেদা তাঁতী, মুলন তাঁতী, দেবৰোশন কুমাৰ, মইনি মূড়া, পূজা তেলি, সুভাষ লৰি, বিন্দু তাঁতী, নিকিতা মূঢ়া, বিনোদ গঢ়, আশামণি নন্দ, যুৱৰাজ মূণ্ডাৰী, অনিমা লোহাৰ, দিপালী মূণ্ডা বুলি জানিব পৰা গৈছে ।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা আটাইকেইজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ চৰাইদেউ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কাৰণ বস্তু কঢ়িয়াই নিয়া বাহনত শ্ৰমিক কঢ়িয়াই নিয়াটো নিষিদ্ধ আছিল তথাপিও প্ৰশাসনৰ চকুত ধূলি দি একাংশ চাহ বাগিচাৰ মালিকে এইদৰে অতি বিপদজনকভাৱে শ্ৰমিকক কাম কৰিবলৈ নি আহিছিল । ফলত আজি ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

Horrific road accident in Charaideo Borhat
দুৰ্ঘটনাতপতিত হোৱা বাহন (ETV Bharat Assam)

বাগিচাখনৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি শ্ৰমিকসকলক লৈ অহা সময়ত ষ্টেয়েৰিং ফেইল হোৱাত এই ঘটনা সংঘটিত হয় । ঘটনাৰ পাছতে আৰক্ষীয়ে জব্দ কৰিছে বাহনখন ।

আহত এজন শ্ৰমিকে কয়, ‘‘ইমান স্পীডত নাছিল গাড়ীখন ৷ আমি গাড়ীখন উঠি গাঁৱলীয়া এখন বাগিচাত কাম কৰিবলৈ গৈ আছিলো ৷ কিন্তু হঠাৎ গাড়ীখনৰ কিবা এটা হোৱাত ৰাস্তাটে পাল্টি (উলতি পৰি যোৱা) খাই গ’ল ৷ গাড়ীত থকা সকলোৱে দুখ পাইছো ৷’’

লগতে পঢ়ক : ডিমা হাছাওৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে পকীকৰণৰ দাবী; অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ আই এছ এফৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.