২০২৪ৰ ৩১ ডিচেম্বৰলৈ অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্ব, ৰাজপত্ৰিত অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ
২০১৪ নহয়, ২০২৪হে ভিত্তিবৰ্ষ ৷ ভাৰত চৰকাৰে Immigration and foreigners (Exemption) order 2025 জাৰি কৰি ১০ বছৰ বৃদ্ধি কৰিলে বিদেশীক নাগৰিকত্ব দিয়া ভিত্তিবৰ্ষ ।

Published : September 3, 2025 at 6:09 PM IST
গুৱাহাটী : হিন্দু লোককে ধৰি ৬টা ধৰ্মৰ ধৰ্ম বা ধৰ্মীয় বিভাজনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্ব দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৷ ২০১৪ চন নহয়, এতিয়া ২০২৪লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি তিনিখন দেশৰ নাগৰিকে পাব ভাৰতৰ নাগৰিকত্ব।
ধৰ্মীয় বিভাজনৰ বলি ৩ দেশৰ ৬টা ধৰ্মৰ আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্বৰ আবেদনৰ ভিত্তিবৰ্ষৰ সীমা ১০ বছৰ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই অধিসূচনা অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়েও পাব ভাৰতৰ নাগৰিকত্ব । বাংলাদেশৰ লগতে পাকিস্তান,আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান— ৬টা ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন ৷ এই অধিসূচনা জাৰিৰ পূৰ্বে যোৱা বছৰ বলবৎ হোৱা নাগৰিকত্ব (সংশোধনী) আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতলৈ অহা এই নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ আছিল ৷

যোৱা ১ ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব নীতিশ কুমাৰ ব্যাসে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে। এই ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ (Immigration and foreigners (Exemption) order 2025) অধিসূচনাৰ ৪নং পৃষ্ঠাৰ অন্তৰ্গত এক সূচীত (ঙ)ত স্পষ্টভাৱে এই সংশোধনৰ কথা উল্লেখ কৰা হৈছে ৷ এই অধিসূচনাত ধৰ্মৰ ভিত্তিত চুবুৰীয়া ৩ খন দেশৰ পৰা ভাৰতলৈ অহা হিন্দু ধৰ্মকে ধৰি ৬টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ ভিত্তি বৰ্ষৰূপে ২০২৪ৰ ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।

ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ৰ ধাৰা ৩ৰ উপ-ধাৰা (১), (২) আৰু (৩) আৰু ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ ৰুলছ, ২০২৫ৰ অধিনিয়ম ৭, ৮ আৰু ৯ অনুসৰি, এই তিনিখন দেশৰ পৰা অহা সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে পাছপোৰ্ট বা অন্য ভ্ৰমণাদিৰ নথি-পত্ৰৰ প্ৰয়োজন নহ'ব ।
অধিসূচনাখনৰ ৪ নং পৃষ্ঠাত লিখা নিৰ্দেশনাখিনি অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াত স্পষ্টভাৱে লিখা হৈছে, — অসমৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ । গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এখন অধিসূচনাখনত কোৱা হৈছে, "আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তি—হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান—যি ধৰ্মীয় নিৰ্যাতন বা ধৰ্মীয় নিৰ্যাতনৰ ভয়ৰ বাবে ভাৰতত আশ্ৰয় লাভ কৰিবলৈ বাধ্য হৈছিল আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰ অবিহনে, বা বৈধ নথি-পত্ৰ, যেনে- পাছপোৰ্ট বা অন্য ভ্ৰমণ নথি-পত্ৰৰ সৈতে দেশত প্ৰৱেশ কৰিছিল, আৰু এনে নথি-পত্ৰৰ বৈধতাৰ ম্যাদ উকলি গৈছে, তেওঁলোকে বৈধ পাছপোৰ্ট আৰু ভিছা থাকিবলগীয়া নিয়মৰ পৰা ৰেহাই পাব ।"
আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই এই প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি আশংকা কৰাৰ বিপৰীতে ইমান কম সংখ্যক আবেদনৰ পটভূমিত ‘কা’ সন্দৰ্ভত আলোচনা কৰাটো অসাৰ ।
তেওঁ কয়, "অসমত চি এ এৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে । এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ । বাকী ৯ খন আবেদন বিবেচনাধীন হৈ আছে ।"
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতাত অসম অগ্নিগৰ্ভ হোৱাৰ প্ৰসংগত উত্থাপন কৰি মুখ্যমন্ত্ৰীজনে কয়, "অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি চিঞৰ-বাখৰ লগাই আছিল । এতিয়া আপুনি নিজেই বিবেচনা কৰক যে যেতিয়া আমি মাত্ৰ ১২ খন আবেদনহে পাইছোঁ, তেনেক্ষেত্ৰত 'কা' সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি ?”
ইফালে ভাৰতত ধৰ্মৰ ভিত্তিত ২০২৪ৰ ৩১ ডিচেম্বৰলৈ হিন্দুকে ধৰি ৬ টা ধৰ্মৰ ভগনীয়াক আশ্ৰয় দি ভাৰতীয় নাগৰিকত্ব দিয়াটো নিৰ্ধাৰণ কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনে ধৰ্মীয় ভগনীয়াসকলক নাগৰিকত্ব দিয়াৰ ভিত্তিবৰ্ষ ১০ বছৰ বঢ়াই ২০১৪ৰ ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া ২০২৪ চনৰ ৩১ কৰা কাৰ্যৰ তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। শীঘ্ৰেই এই অধিসূচনা বাতিলৰ দাবী জনাইছে দল-সংগঠনসমূহে।
উল্লেখ্য যে ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ সময়ত সমগ্ৰ অসমজুৰি বিদ্ৰোহৰ অগনি জ্বলিছিল। য’ত মুঠ পাঁচজনকৈ লোকৰ সেই গণবিদ্ৰোহত মৃত্যু ঘটিছিল।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিৰোধী কাম-কাজত জড়িত বিদেশীক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব; ৰাজ্যসমূহে ডিটেনচন কেম্প স্থাপন কৰিব

