যোৰহাট : গোলাঘাট জিলাৰ দেৰগাঁৱত মুকলি হ'ল লাচিত বৰফুকন পুলিচ একাডেমী । শনিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰে এই পুলিচ একাডেমী । পুলিচ একাডেমী মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৃহমন্ত্ৰীগৰাকী যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰে । তাৰ পিছত যোৰহাট ৰৰৈয়া বিমানবন্দৰৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ পোনে পোনে মিজোৰামলৈ ৰাওনা হয় । মিজোৰামত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।
ইফালে দেৰগাঁৱৰ পুলিচ একাডেমী মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্রাৱস্থাত অসমলৈ অহাৰ কথা স্মৰণ কৰে । সেই সময়ত তেওঁ সন্মুখীন হোৱা বিভিন্ন অভিজ্ঞতাৰ কথাও ভাষণত উল্লেখ কৰে গৃহমন্ত্ৰীয়ে ।
গৃহমন্ত্ৰী শ্বাহে কয়, "মই ছাত্র অৱস্থাত অসমলৈ আহিছিলো । মই যেতিয়া আহিছিলো সেই সময়ত অসমত কংগ্ৰেছৰ শাসন চলি আছিল আৰু মুখ্যমন্ত্ৰী আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া । মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত মই অসমত প্ৰতিবাদ কৰিছিলো আৰু প্ৰতিবাদ সাব্যস্ত কৰোতে আৰক্ষীৰ লাঠীৰ কোব পৰ্যন্ত খাইছিলো আৰু ৭ দিন কাৰাগাৰত বন্দী হৈ ৰুটি খাবলৈ বাধ্য হৈছিলো । কিন্তু আজি অসম পৰিৱৰ্তন হ'ল আৰু এতিয়া বহিঃৰাজ্যৰ আৰক্ষীয়ে অসমত প্ৰশিক্ষণ লয়, লগতে অসমত এতিয়া বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ আহিছে ।"
আনহাতে ভাষণৰ সময়ত লাচিত বৰফুকন আৰু মহাপুৰুষ শংকৰদেৱকো স্মৰণ কৰে গৃহমন্ত্ৰীয়ে । লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট প্ৰশংসা কৰে । ভাষণ প্ৰসংগত বিজেপি দলৰ নেতৃত্বত অসমত চলি থকা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । পুলিচ একাডেমী মুকলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকে ।