ফল্গুৎসৱত কৃষ্ণই সিপুৰীলৈ পঠিয়ালে কংসক
ফাগুনৰ সুবাস বিলালে ফল্গুৎসৱে । কলিয়াবৰত ফল্গুৎসৱ উদযাপন । পৰিৱেশন কৰিলে কংসবধ ভাওনা ।

Published : March 16, 2025 at 8:01 PM IST
কলিয়াবৰ: যাদুৰ কাঠিৰে উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙীন ৰঙেৰে সজায় । ফাগুনৰ সৌন্দৰ্য ৰঙীন ৰঙৰ সন্মোহনী । এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় ৰঙীন বৈচিত্ৰ্যময় নাচোন, আনফালে ফল্গুৎসৱৰ আকাশত সুগন্ধি আবিৰৰ ৰং । এই সকলোবোৰ ৰঙৰ সমাহাৰেই ধৰালৈ নামে ফাগুন । এই প্ৰকৃতিৰ সৈতে মানুহৰ মনৰো এৰাব নোৱৰা এক ঘনিষ্ঠতা আছে ।
ৰিঙা-ৰিঙা মনবোৰক ফাগুনে উতনুৱা কৰি মন-প্ৰাণ শিহৰিত কৰে । নতুন-নতুন অনুভৱৰে মিতিৰালি পাতি মনত মোহনীয় আবিৰ সানে পলাশ, শিমলু আৰু মদাৰ ৰঙেৰে । ফাগুনে যাদু জানে, ধূসৰ ধূলিয়ৰি বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাবনাৰ জোৱাৰ তোলে । ফাগুনক লৈ ক'ত যে মান-অভিমানৰ খেলা, তাৰ মাজতেই ৰঙৰ মেলা, মন-প্ৰাণ হৰি নিয়া ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত এই ফল্গুৎসৱৰ পাতনি মেলিছিল । শংকৰদেৱৰ একৈশ বছৰ বয়সত বৰদোৱা ধামত সাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহদিনৰ অন্তত সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনিছিল । তাৰ পাছত সন্ধাৰা দলৈক পঞ্জিকাত দিন-বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল উৎসৱ পালন কৰিছিল । দৌল উৎসৱত ভক্তসকলে ইজনে সিজনক ফাকুগুড়িৰ ৰং সানি ৰং-ধেমালি কৰিছিল ।
তেতিয়াৰ পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱ পালন কৰা হয় । এই দৌল উৎসৱত কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা-অৰ্চনা, উচ্ছল প্ৰাণাৱেগ, সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে স্বকীয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি আহিছে ভক্তসকলে । ই অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ । কলিয়াবৰতো ভালেকেইটি ধৰ্মীয় অনুষ্ঠানৰ লগতে কলিয়াবৰ জিলা সত্ৰ মহাসভাইও ফল্গুৎসৱ ধৰ্মী পাৰম্পৰাৰে কৰি আহিছে ।
২০১২ চনৰ ফেব্ৰুৱাৰী মাহত সত্ৰ মহাসভাৰ পুত্ৰানুষ্ঠান সমন্বিত যুৱতীৰ্থৰ কলিয়াবৰ শাখা প্ৰতিষ্ঠা হোৱাৰ পৰা মূল অনুষ্ঠানৰ ছত্ৰছায়াতে ফল্গুৎসৱত সহযোগিতা আগবঢ়াই আহিছে । এইবেলিও কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সহযোগত শুকুৰবাৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফল্গুৎসৱৰ যোৱা নিশা কংসবধ ভাওনা প্ৰদৰ্শনেৰে সামৰণি পৰে । সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ উদ্যোগত ফল্গুৎসৱ যুৱতীৰ্থৰ কলা-কুশলীৰ কলিয়াবৰৰ শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰস্থিত কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ নাটঘৰত কংসবধ ভাওনা পৰিৱেশন কৰে ।

