ETV Bharat / state

আহোম ৰাজশাসনৰ ইতিহাস লৈ চাহ বাগিচাৰ মাজত পৰিত্যক্ত হৈ পৰি ৰৈছে শতাধিক মৈদাম

প্ৰায় শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত ৷ খবৰ নাই পুৰাতত্ত্ব বিভাগৰ; সংৰক্ষণৰ বাবে ওলাই আহিছে দল-সংগঠন, সচেতন ৰাইজ ৷

history of the heritage site Dasharath Bahikhowa Borphukan Maidam
খোৱাং চাহ বাগিচাৰ মাজত দশৰথ বহিখোৱা বৰফুকনৰ মৈদাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2025 at 4:04 PM IST

6 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : আহোম ৰাজ শাসনৰ ইতিহাস বিজড়িত সমলেৰে ভৰপূৰ হৈ আছে উজনি অসমৰ কেইবাখনো জিলা । শিৱসাগৰ, চৰাইদেউৰ পাছত‌ ডিব্ৰুগড় জিলাও অন্যতম ।

ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাৰ মাজত আহোম ৰাজশাসনৰ ইতিহাস লৈ জিলিকি আছে দুই শতাধিক মৈদাম । সংৰক্ষণৰ অভাৱত খোৱাং চাহ বাগিচাৰ এলেকাধীন ৰাংচালিত থকা দশৰথ বহিখোৱা বৰফুকনসহ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত ।

খোৱাং চাহ বাগিচাৰ মাজত দশৰথ বহিখোৱা বৰফুকনৰ মৈদাম (ETV Bharat Assam)

ইতিহাসৰ পাত লুটিয়াই চালে পোৱা যায় ৰাংচালিত আহোম সেনাই ৰণচালি ধৰিছিল । স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণৰ বাবে ৰণচালি কৰিবলৈ এক ওখ ঠাইৰ সন্ধান কৰিবলৈ খোৱাং ৰাংচালিক বাচনি কৰিছিল ।

ইয়াৰ পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ বৰফুকন দশৰথ বহিখোৱা বৰফুকনৰ ঘৰ-বাৰী ৰাংচালিতেই আছিল । তাৰ প্ৰমাণ স্বৰূপে খোৱাং বাগানস্থিত বহিখোৱা বৰফুকন আৰু তেওঁৰ পৰিয়ালবৰ্গৰ মৈদামে আজিও সাক্ষী বহন কৰে ।

history of the heritage site Dasharath Bahikhowa Borphukan Maidam
চাহ বাগিচাৰ মাজত মৈদাম (ETV Bharat Assam)

উল্লেখযোগ্য যে বহিখোৱা বৰফুকন আৰু তেওঁৰ পৰিয়ালবৰ্গৰ প্ৰায় দুই শতাধিক মৈদাম স্থাপন কৰা হৈছিল ৷ কিন্তু আনসমূহ মৈদাম কাৰ সেই কথা আজিও জানিব পৰা হোৱা নাই । বহুতে সৰু সৰু মৈদামসমূহ সৈনিকসকলৰ বুলিও দাবী কৰে ।‌

  • পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবে দুই শতাধিক মৈদাম গতি কৰিছে ধ্বংসৰ দিশলৈ :

পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবে খোৱাঙত প্ৰায় দুই শতাধিক মৈদাম ধ্বংসৰ দিশলৈ গতি কৰিছে । ৰাজ্য চৰকাৰে ৰজাদিনীয়া ঐতিহাসিক সমলসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও খোৱাং চাহ বাগিচাৰ মাজত জিলিকি থকা মৈদামসমূহ আজিও সংৰক্ষণ নহ'ল ।

history of the heritage site Dasahrath Bahikhowa Borphukan Maidam
খোৱাং চাহ বাগিচা (ETV Bharat Assam)

ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সময়ত ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাৰ এলেকাধীন ৰাংচালিত থকা দশৰথ বহিখোৱা বৰফুকনসহ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত । খোৱাং চাহ বাগিচাৰ মাজত থকা মৈদামসমূহৰ প্ৰায় সংখ্যকেই বাগিচা কৰ্তৃপক্ষই খহাই শেষ কৰি পেলাইছে ।

প্ৰায় দুই শতাধিক মৈদামৰ ভিতৰত ৮০ টা মান মৈদামহে বৰ্তমান সম্পূৰ্ণকৈ আছেগৈ । যাৰ ফলত ই এক ইতিহাস শেষ হৈ যোৱাৰ উপক্ৰম হৈছে । পুৰাতত্ত্ব বিভাগে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত সংৰক্ষণৰ বাবে ওলাই আহিছে দল-সংগঠনৰ‌ লগতে সচেতন ৰাইজ ।

history of the heritage site Dasharath Bahikhowa Borphukan Maidam
চাহ বাগিচাৰ মাজত মৈদাম (ETV Bharat Assam)

এই ঐতিহাসিক মৈদামসমূহ সংৰক্ষণ কৰিবৰ বাবে টাই আহোম ছাত্ৰ সন্থা, টাইপাকে ধৰি কেইবাটাও আহোম সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও সংশ্লিষ্ট বিভাগে আজি পৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই । ইফালে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পাছতো এনেধৰণৰ ইতিহাস প্ৰসিদ্ধ মৈদামসমূহ ধ্বংসৰ গৰাহলৈ যোৱাটো এক আশ্বৰ্যজনক বিষয় হিচাপে বিবেচিত হৈছে ।

  • পৰ্যটকক সঠিক তথ্য দিয়াৰ চেষ্টা :

চাহ বাগিচাৰ মাজত আহোম ৰাজশাসনৰ ইতিহাস লৈ জিলিকি থকা দুই শতাধিক মৈদামক লৈ গবেষণা আৰু অধ্যয়ন আৰম্ভ কৰিছে স্থানীয় সীমান্ত গগৈ নামৰ যুৱকজনে । তেওঁ কয়, "স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণৰ বাবে এই ঠাইত ৰণচালি কৰিছিল । ইয়াত দশৰথ বহিখোৱা বৰফুকনসহ প্ৰায় দুই শতাধিক মৈদাম আছিল ৷ কিন্তু বৰ্তমান ৮০ টা মানহে অক্ষত অৱস্থাত আছে ।‌ ৰাইজ এইক্ষেত্ৰত সজাগ নোহোৱা বাবে ধ্বংস হৈ পৰিছে মৈদামসমূহ । ২০২১ চনৰ পৰা মৈদাম সংৰক্ষণ উন্নয়ন সমিতি গঠন কৰি মৈদামসমূহ সংৰক্ষণ আৰু ইয়ালৈ অহা পৰ্যটকক সঠিক তথ্য দিব পাৰো তাৰ বাবে চেষ্টা কৰিছো ।’’

history of the heritage site Dasharath Bahikhowa Borphukan Maidam
চাহ বাগিচাৰ মাজত থকা মৈদাম পৰিদৰ্শন (ETV Bharat Assam)
  • পুৰাতত্ত্ব বিভাগে এবাৰ মৈদাম পৰিদৰ্শন কৰিয়েই সামৰিলে দায়িত্ব :

মৈদাম সংৰক্ষণৰ বাবে আজি পৰ্যন্ত চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক লৈ মৈদামৰ গবেষণা আৰু অধ্যয়নত ব্যস্ত থকা স্থানীয় সীমান্ত গগৈয়ে কয়, "যি জাতিয়ে বীৰক পূঁজিব জানে সেই জাতিয়ে বীৰ জন্ম দিব পাৰে । কিন্তু অসমীয়া জাতিৰ দুৰৱস্থা‌ যে কোনো এখন চৰকাৰে ঐতিহাসিক মৈদামসমূহ সংৰক্ষণৰ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । চৰকাৰে এই মৈদামসমূহৰ ইতিহাস জহিখহি যাবলৈ দিছে তেনেকুৱা এটা অনুমান হয় । পুৰাতত্ত্ব বিভাগক এবাৰ আমি নিমন্ত্ৰণ দিছিলো তেওঁলোকে‌ এবাৰ চায়েই দায়িত্ব সামৰিলে ।‌’’

  • প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে মে-ডাম-মে-ফি :

খোৱাং চাহ বাগিচাৰ মাজত তিনিশ বছৰ পুৰণি এই মৈদামসমূহ পূৰ্বে চাবলৈ অনুমতি দিয়া নাছিল বাগিচা কৰ্তৃপক্ষই ।‌ মৈদামৰ ওপৰতে কৰিছিল চাহখেতি । কিন্তু বৰ্তমান চাহ বাগিচাৰ কৰ্তৃপক্ষ‌ই নিজৰ স্থিতি সলনি কৰিছে ।

স্থানীয় যুৱক সীমান্ত গগৈয়ে কয়, "২০২১ চনত তেওঁলোকক মৈদাম সংৰক্ষণৰ কথা কোৱাত তেওঁলোকে সহযোগিতা কৰিছে । প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে মে-ডাম-মে-ফি । দেশ-বিদেশৰ পৰ্যটক আহি পৰিদৰ্শন কৰিছে মৈদামসমূহ । দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই মৈদামৰ ওপৰত গৱেষণামূলক কাম কৰিছে । চৰকাৰলৈ এটাই অনুৰোধ- প্ৰতিটো জাতি জনগোষ্ঠীয়ে ঐতিহ্য ৰক্ষা কৰিব লাগে । তেতিয়াহে নতুন প্ৰজন্মই নিজৰ জাতিৰ ঐতিহ্যৰ কথা সগৌৰৱেৰে ক'ব পাৰিম ।’’

history of the heritage site Dasharath Bahikhowa Borphukan Maidam
খোৱাং চাহ বাগিচা (ETV Bharat Assam)
  • চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ আশ্বাস :

চাহ বাগিচাৰ মাজত আহোম ৰাজশাসনৰ ইতিহাসক লৈ জিলিকি থকা দুই শতাধিক মৈদাম পৰিদৰ্শন কৰিবলৈ মৈদামস্থলীত উপস্থিত হোৱা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত বৰুৱাই হাবি-বনেৰে আৱৰি থকা মৈদামসমূহ পৰিদৰ্শন কৰি দুখ প্ৰকাশ কৰে ।

পঞ্চায়ত প্ৰতিনিধি আৰু একাংশ বিজেপি কৰ্মীক লগত লৈ মৈদাম পৰিদৰ্শন কৰা ৰঞ্জিত বৰুৱাই কয়, "মৈদাম পৰিদৰ্শন কৰি ভালো লাগিছে, মনটো বেয়াও লাগিছে ৷ কাৰণ আমাৰ যি পূৰ্বপুৰুষ তেওঁলোকৰ মৈদামসমূহ সংৰক্ষণ কৰিব পৰা নাই । দশৰথ বহিখোৱা বৰফুকনৰ মৈদামটো আছে যদিও আন‌ সমূহ মৈদামৰ কেৱল অৱশিষ্টহে আছেগৈ ।‌ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব । চৰাইদেউৰ পাছতে এই ঠাইখিনি ঐতিহাসিক ঠাই হিচাপে গঢ়ি তুলিব পাৰিলে ভাল হ'ব । স্থানীয় ৰাইজে কিছু পদক্ষেপ গ্ৰহণ কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে সহযোগিতা কৰিলে ভাল হ'ব । এই মৈদাম সংৰক্ষণৰ বাবে মই চৰকাৰৰ দৃষ্টিগোচৰ কৰিম ।‌’’

লগতে পঢ়ক : ৰাঙলী আইদেউ মৈদামলৈ গৈছেনে ? কিয় ইয়াক কলীয়াভোমোৰাৰ মৈদাম কোৱা হয় জানো আহক

লগতে পঢ়ক : ক’ত আৰু কেনে অৱস্থাত আছে দিহিঙীয়া ৰজাৰ মৈদাম ?