ETV Bharat / state

লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ চহকী ইতিহাসৰ কথা জানো আহক - LUMDING BADARPUR RAILWAY TRACK

মিটাৰগজ ৰে'লপথৰ বিষয়ে আপুনি জানেনে ? লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ ইতিহাস জানিবলৈ চাওক এই প্ৰতিবেদন ।

History of Lumding Badarpur metre gauge railway track
লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ চহকী ইতিহাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 3:37 PM IST

6 Min Read

হাফলং: ১৯ শতিকাৰ শেষৰ ফালৰ পৰাই আৰম্ভ হৈছে লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ চহকী ইতিহাস । চট্টগ্রামৰ পৰা বদৰপুৰলৈ যোৱা ৰে'লপথটো ১৮৯৮ চনত যাতায়তৰ বাবে মুকলি কৰি দিয়া হয় ৷ অসমৰ ব্ৰিটিছ মালিকানাধীন চাহ বাগিচাসমূহৰ ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে এই ৰে'লপথটো ১৮৯২ চনত স্থাপিত হোৱা অসম-বংগ ৰে'লৱেৰ অংশ আছিল । ব্ৰিটিছ চৰকাৰে চাহ আৰু বিভিন্ন সামগ্ৰী ইয়াৰ পৰা অনা নিয়াৰ বাবেই এই মিটাৰগজ ৰে'লপথ নিৰ্মাণ কৰিছিল । পৰৱর্তী সময়ত এই ৰে'লপথটো এক গুৰুত্বপূৰ্ণ ৰে'লপথ হিচাবে পৰিগণিত হৈ পৰিছিল ।

ইয়াৰ ইতিবৃত্ত কি ?

লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ চহকী ইতিহাস (ETV Bharat Assam)

লামডিং-বদৰপুৰ পাহাৰ লাইনৰ অংশটো বৰাইল পাহাৰৰ মাজেৰে পাৰ হৈ যোৱা আৰু ৩৭ টা সুৰংগ আৰু কেইবাখনো দলঙৰ দৃশ্যপট আৰু প্ৰাকৃতিক মনোমোহা দৃশ্যৰ বাবেও অতি পৰিচিত । এই ৰে'লপথটো প্ৰথমে মিটাৰগজ হিচাপে নিৰ্মাণ কৰা হৈছিল আৰু এই অঞ্চলটো ৰে'লৱে নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল । বছৰ বছৰ ধৰি এই ৰেলপথটোৰ কেইবাটাও পৰিৱৰ্তন আৰু উন্নীতকৰণ হৈছে, ইয়াৰ পিছতে ১৯৪২ চনত অসম-বংগ ৰে'লৱেৰ পৰিচালনাত ভাৰত চৰকাৰৰ হাতত ইয়াক হস্তান্তৰ কৰা হয় ।

ইয়াক পূববংগ ৰে'লৱেৰ সৈতে একত্ৰিত কৰি বংগ আৰু অসম ৰে'লৱে গঠন কৰা হয় । ১৯৫৮ চনত উত্তৰ-পূব সীমান্ত ৰে'লপথৰ সৃষ্টি হয় আৰু লামডিং-বদৰপুৰ পাহাৰ লাইন এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে । কিন্তু ১৯৯৬ চনত লামডিং-বদৰপুৰ পাহাৰ লাইনক মিটাৰগজৰ পৰা ব্ৰডগজলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ কৰাৰ পিছতে ২০১৫ চনত এই লাইনটো মিটাৰগজৰ পৰা ব্ৰডগজলৈ ৰূপান্তৰিত কৰি ৰে'ল চলাচল আৰম্ভ কৰা হয় ।

History of Lumding Badarpur metre gauge railway track
মিটাৰগজ ৰে'লপথেৰে ৰে'লৰ চলাচল কৰা মনোমোহা দৃশ্য (ETV Bharat Assam)

অঞ্চলটোৰ ৰে’লৱে আন্তঃগাঁথনি উন্নীতকৰণৰ বৃহত্তৰ প্ৰকল্পৰ অংশ হিচাপে আজি লামডিং-বদৰপুৰ পাহাৰ লাইন উত্তৰ-পূবৰ ৰে'লৱে নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাবে পৰিগণিত হোৱাৰ উপৰি অসমৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰাম এই তিনিখন ৰাজ্যকো সমগ্ৰ দেশৰ সৈতে ৰে'লপথেৰে সংযোগ কৰা হৈছে । কিন্তু বৰ্তমানেও লামডিঙৰ পৰা বদৰপুৰলৈকে ৩৭ টানেল বা সুৰংগ বিদ্যমান হৈ আছে যদিও এই মিটাৰগজৰ ৰে'ললাইন উঠাই দলঙৰ সকলো সামগ্ৰী উত্তৰ পূব-সীমান্ত ৰে'ল কৰ্তৃপক্ষই নিলাম কৰি দিলে ।

এই মিটাৰগজ ৰে'লপথ থকাৰ সময়ত পাহাৰীয়া জিলাখনৰ বিভিন্ন ষ্টেচনৰ কাষতে থকা গাঁওসমূহক গ্ৰামবাসীয়ে পথ নিৰ্মাণ কৰে নিজৰ যাতায়তৰ সুবিধাৰ বাবে । এক ঐতিহাসিক ৰে'লপথ আজি সংৰক্ষণৰ ব্যৱস্থা নোহোৱাৰ বাবে জহিছে খহিছে । ১০০ বছৰ পুৰণি লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথ আছিল এক গুৰুত্বপূৰ্ণ ৰে'লপথ । প্ৰাকৃতিক মনোমোহা দৃশ্যৰে ভৰপূৰ আছিল এই ৰে'লপথটো ।

মিটাৰগজ ৰে'লপথেৰে ৰে'লৰ চলাচল (ETV Bharat Assam)

মাহুৰৰ পৰা আৰম্ভ কৰি মিগ্ৰেনদিচা, ল'ৱাৰ হাফলং, হাফলং হিল, জাতিংগা, মাইলংদিচা, লংৰঙাজাও, হাৰেংগাজাও আদি ৰে'ল ষ্টেচনসমূহৰ লগতে আছিল প্ৰায় ১০০ খন গাঁৱৰ যোগাযোগ ব্যৱস্থা । কিন্তু মিটাৰগজ ৰে'লপথটো বন্ধ হৈ যোৱাৰ পিছতে এই ১০০ খন গাঁৱৰ মানুহে যাতায়তৰ বাবে এতিয়া বহু কষ্ট কৰিবলগা হৈছে । এই গাঁওসমূহৰ বাসিন্দাসকলে তেওঁলোকৰ খেতি পথাৰত হোৱা বিভিন্ন সামগ্ৰী যেনে কমলা, আনাৰস, বিভিন্ন শাক-পাচলি আদি এই ৰে'লৰে আনি বজাৰত বিক্ৰী কৰিছিল ।

কিন্তু লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথ ৰূপান্তৰ হোৱাৰ পিছতে মিটাৰগজ ৰে'লপথটো বন্ধ হৈ পৰাৰ ফলত এই গাঁওসমূহৰ লোকসকল সমস্যাৰ সন্মুখীন হৈছে ৷ কিন্তু পৰিত্যক্ত এই ৰে'লপথটোৰ লগত লাগি থকা পথসমূহ এতিয়া এইসকল গাঁৱৰ বাসিন্দাই নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা মুকলি কৰিছে । আজি সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক ৰে'লপথটো জংঘললৈ পৰিণত হৈছে । মিটাৰগজ ৰে'লপথৰ ষ্টেচনসমূহ এতিয়া পৰিত্যক্ত অৱস্থাত পৰি আছে ।

দাৰ্জিলিঙৰ দৰে ৰে'ল পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পৰা গ'লহেঁতেন:

দাৰ্জিলিঙে যিদৰে নেৰোঁগজ ৰেলপথটো সংৰক্ষণ কৰি ৰাখি এতিয়া পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিছে, তেনেদৰে লামডিং-বদৰপুৰ মিটাৰগজ ৰেলপথটো সংৰক্ষণ কৰি ৰাখি হেৰিটেজ ৰে'লপথ হিচাবে ঘোষণা কৰি মাহুৰৰ পৰা হাৰেংগাজাওলৈকে এই ৰে'লপথছোৱা পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই । কিন্তু আজি সংৰক্ষণৰ অভাৱত এই ঐতিহাসিক মিটাৰগজ ৰেলপথ সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত পৰি আছে ।

৩৭ টা সুৰংগপথৰ এটা (ETV Bharat Assam)

কি কয় ডিমাছা জনগোষ্ঠীৰ মাতৃ সংগঠন জাদিখে নাইচ' হছমে:

ডিমাছা জনগোষ্ঠীৰ মাতৃ সংগঠন জাদিখে নাইচ' হছমৰ সভাপতি কালিয়েন দাওলাগাপুৱে কয়, "১০০ বছৰ পুৰণি লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথটো যেতিয়া ব্ৰডগজ ৰে'লপথলৈ ৰূপান্তৰিত হয় তেতিয়া এই মিটাৰগজ ৰে'লপথটো মাহুৰৰ পৰা হেৰিটেজ ৰে'লপথ হিচাবে ৰাখি দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষক দাবী জনোৱা হৈছিল । কেৱল আমাৰ সংগঠনই নহয়, ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে এই দাবী জনাইছিল । এতিয়া ভাৰতবৰ্ষত ক'তো মিটাৰগজ ৰে'লপথ নাই ৷ এই ৰে'লপথটো ইতিহাস । কিন্তু উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই এই ৰেলপথটো হেৰিটেজ ৰে'লপথ হিচাবে ৰাখি দিয়াৰ মিছা প্ৰতিশ্ৰুতি দি মিটাৰগজ ৰে'লপথৰ সকলো সামগ্ৰী নিলাম কৰি দিলে ।"

কালিয়েন দাওলাগাপুৱে লগতে কয় ,"মাহুৰৰ পৰা হাৰেংগাজাও মিটাৰগজ ৰে'লপথৰ ওচৰতে প্ৰায় ১০০টা জাতি-জনগোষ্ঠীৰ গাঁও আছে আৰু এই মিটাৰগজ ৰে'লপথৰে গাঁৱৰ লোকসকলে হাফলঙলৈ আহি তেওঁলোকৰ উৎপাদিত বিভিন্ন সামগ্ৰী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল । কিন্তু মিটাৰগজ ৰে'লপথটো বন্ধ হৈ যোৱাৰ পিছতে এই গাঁওসমূহৰ লোকসকল সমস্যাত পৰিছে । ইপিনে লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথটো ব্ৰডগজ ৰে'লপথ হিচাবে ৰূপান্তৰিত কৰাৰ পিছতে অসমৰ অন্যতম পাহাৰীয়া জিলাখনত পৰ্যটনৰ সম্ভাৱনা বাঢ়িছে ।" ইতিমধ্যে ডিমা হাছাও জিলাৰ মনোমোহা দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা এখন বিশেষ টুৰিষ্ট ৰে'লৰ চলাচল আৰম্ভ কৰিছে ৷ ৰাজধানী দিল্লীসহ দেশৰ অন্যান্য অংশৰ লগতো সংযুক্ত হৈ আছে অসমৰ এই পাহাৰীয়া জিলাখন ।

লগতে পঢ়ক: কেতিয়া আৰম্ভ হ'ব অসমত প্ৰথম পানীৰ তলৰ সুৰংগৰ নিৰ্মাণ কাৰ্য ? - ASSAM UNDERWATER TUNNEL

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ নামত প্ৰকৃততে চলিছে কি ? - SRI SRI ANIRUDDHA DEV KALAKSHETRA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.