গুৱাহাটী: আজি বিশ্ব ঐতিহ্য দিৱস । এই দিৱসত ই টিভি ভাৰতে প্ৰস্তুত কৰিছে গুৱাহাটীস্থিত এটা ঐতিহাসিক পুথিভঁৰালৰ ওপৰত এক প্ৰতিবেদন । অসমৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী দীঘলীপুখুৰীৰ পশ্চিমফালে থকা এই ৰাজহুৱা পুথিভঁৰালটো । পূৰ্বে লৰ্ড কাৰ্জন হল হিচাপে পৰিচিত এই পুথিভঁৰালটো অসমৰ ভাগ্য নিৰ্ণায়ক বহু স্মৰণীয় ঘটনাৰো সাক্ষী । ৰাজ্যৰ বহু প্ৰাতঃস্মৰণীয় ব্যক্তিৰ লগতে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰ, পি চি ৰয়, আশুতোষ মুখাৰ্জী, সুভাষ চন্দ্ৰ বসুৰ দৰে বিখ্যাত ব্যক্তি সকলো একালত এই পুথিভঁৰালটোলৈ আহিছিল ।
কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰালৰ ইতিহাস
কুৰি শতিকাৰ আৰম্ভণিতে গুৱাহাটীত আর্য্য নাট্য সমাজ নামৰ ৰাজহুৱা ভৱনটোৰ বাহিৰে আন কোনো ৰাজহুৱা ভৱন নাছিল । সেই সময়তে গুৱাহাটীবাসীয়ে এটা ৰাজহুৱা ভৱন বিচাৰিছিল । এনে সময়তে তেতিয়াৰ ভাৰতৰ ভাইচৰয় লর্ড কার্জন গুৱাহাটী ভ্রমণলৈ আহিছিল । তেওঁক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা হৈছিল । সংগ্ৰহ কৰা টকা কাৰ্জনৰ সম্বর্ধনা অনুষ্ঠানত সম্পূর্ণৰূপে ব্যয় হোৱা নাছিল । ৰাহি হোৱা ধনখিনিৰে মানিক চন্দ্র বৰুৱা, জগন্নাথ বৰুৱা, ৰায় বাহাদুৰ ভূৱন ৰাম দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে এটা ৰাজহুৱা ভৱন নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছিল । সেই প্ৰস্তাৱ মর্মে গুৱাহাটীবাসী ৰাইজৰ সহযোগত পাণবজাৰৰ পুৰণি ডাক বঙলাৰ ওচৰত ৬ হাজাৰ টকা খৰচ কৰি গড়কাপ্তানী বিভাগে ভাইচৰয় লৰ্ড কাৰ্জনৰ অসম ভ্ৰমণৰ স্মৃতিস্বৰূপে এটা ভৱন নির্মাণ কৰে ।
১৯০৩ চনত স্থাপিত এই ভৱনটোৱেই আছিল লর্ড কার্জন হল । পৰৱৰ্তী সময়ত কটন কলেজ সম্প্ৰসাৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত ভৱনটো তাৰ পৰা স্থানান্তৰ কৰি বৰ্তমানৰ স্থানত ১৯১২ চনত লর্ড কার্জন হল আৰু পুথিভঁৰাল নামেৰে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল । ১৯৫০ চনত সেই সময়ৰ মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিয়ে ভৱনটো কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰাল হিচাপে নামাকৰণ কৰে । পৌৰ নিগমৰ অধীনত থকা পুথিভঁৰালটো ১৯৯১ চনত ৰাজ্যিক পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীনলৈ অনা হয় বুলি পুথিভঁৰালটোৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক হীৰেন কলিতাই জানিবলৈ দিয়ে ।

কলিতাই কয়, "বহু ঐতিহাসিক ঘটনাৰ সাক্ষী এই ভৱনটো । এই ভৱনটোতে ১৯১৪ চনত কটন কলেজৰ প্ৰতিষ্ঠাপক হেনৰী কটনে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰ, পি চি ৰয়, প্ৰফুল্ল চন্দ্ৰ ৰয়, আশুতোষ মুখাৰ্জী, নেতাজী সুভাষ চন্দ্ৰ বসু প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল অসমলৈ আহোতে প্ৰথম সভা অনুষ্ঠিত কৰিছিল ।"
তেওঁ লগতে কয়, "ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল পুঠিভঁৰালৰ লগতে থকা প্ৰেক্ষাগৃহটো । ইয়াৰ পৰাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে কটন কলেজৰ তেতিয়াৰ ছাত্র-ছাত্ৰীসকলক স্বাধীনতা আন্দোলনত যোগদানৰ বাবে আহ্বান জনাইছিল ।"

ৰাজ্যৰ প্ৰথম আৰু আটাইতকৈ পুৰণি নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰালটো শেহতীয়াকৈ পুনৰ মেৰামতি কৰা হৈছে । প্রায় ২ বছৰৰ অন্তত ২০২১ত ৰাইজৰ বাবে পুথিভঁৰালটো মুকলি কৰা হয় । বৰ্তমান পুথিভঁৰালটোত প্ৰায় ১৭ হাজাৰৰো অধিক গ্ৰন্থৰ লগতে দৈনিক আৰু সাপ্তাহিক অসমীয়া, ইংৰাজী, হিন্দী, বাংলা ভাষাৰ মুঠ ১৯ খন বাতৰি কাকত আছে । গ্ৰন্থাগাৰিক হীৰেণ কলিতাই কয়, "১৯৯১ চনৰ পৰা বাতৰি কাকতবোৰ সংৰক্ষণ কৰি ৰখা হৈছে । কেৱল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা পঢ়ুৱৈসকল পুথিভঁৰালটোলৈ আহে ।"

ঐতিহাসিক ঘটনাৰ সাক্ষী
পুথিভঁৰাল ভৱনটোতে অসমৰ তেল শোধনাগাৰ আন্দোলনৰ পৰিকল্পনাক লৈ বহু সভা অনুষ্ঠিত হৈছিল । ইয়াৰ ফলাফলস্বৰূপে ১৯৬০ চনত গুৱাহাটীত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল । আনহাতে ১৯৬২ চনত অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে স্বীকৃতি প্ৰদান আৰু শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দাবীক লৈ হোৱা আন্দোলনৰো মূল পৃষ্ঠভূমি আছিল ভৱনটো । কুমুদেশ্বৰ হাজৰিকাৰ "ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী" শীৰ্ষক গ্ৰন্থখনত উল্লেখ থকা অনুসৰি, "গুৱাহাটীত বিশ্ববিদ্যালয় বিচাৰি একালৰ বামপন্থী নেতা তথা তদানীন্তন বিধায়ক গৌৰীশংকৰ ভট্টাচাৰ্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে পুথিভঁৰালটোতে প্ৰথমখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল । ৪০ আৰু ৫০ দশকত এই ভৱনটোত বিশাল আয়োজনেৰে শ্ৰমিক দিৱস পালন কৰা হৈছিল ।"
লগতে পঢ়ক :ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ? - EXTORTION CASE IN HAFLONG