ETV Bharat / state

ভাপ ইঞ্জিনেৰে আৰম্ভ হোৱা অসমৰ এই ৰে'ল ষ্টেচনটোৱে লাভ কৰিলে নতুন ৰূপ - HAIBARGAON RAILWAY STATION

ব্ৰিটিছৰ শাসনকলত স্থাপিত এটা সৰু ষ্টেচনে বিজেপি শাসনকালত লাভ কৰিলে নতুন ৰূপ । ভাপ ইঞ্জিনেৰে আৰম্ভ হোৱা ৰে'ল ষ্টেচনটোৰ আছে বহু ইতিহাস ।

History of Haibargaon railway station takes a new shape under PM's Amrit Scheme
ন-ৰূপেৰে সজা হয়বৰগাঁও ৰে'ল ষ্টেচনৰ বহু ইতিহাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 12:13 AM IST

7 Min Read

নগাঁও: ব্ৰিটিছৰ শাসনকালতেই আৰম্ভ হোৱা অসমৰ এটা ৰে'ল ষ্টেচনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত এক অনন্য ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে । এটা সৰু ষ্টেচনৰ পৰা শনিবাৰে প্ৰধানমন্ত্ৰীৰ অমৃত আঁচনিৰ অধীনত অত্যাধুনিক ষ্টেচনলৈ ৰূপান্তৰিত হোৱা ষ্টেচনটো হৈছে ব্ৰিটিছ শাসনকালতেই স্থাপিত মধ্য অসম নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচন । কয়লা চালিত ভাপ ইঞ্জিনেৰে আৰম্ভ হোৱা নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচনটোৱে আজি ১৩৮ বছৰত নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত ।

বিভিন্ন তথ্যত প্ৰকাশ পোৱা অনুসৰি ১৮৮৭ চনতেই স্থাপিত নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচন প্ৰধানমন্ত্ৰীৰ অমৃত আঁচনিৰ অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত, গৌৰাৱান্বিত প্ৰতিগৰাকী নগঞা । ১৩৮ বছৰীয়া নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচনৰ আছে বহু ইতিহাস । ৰে'ল বিভাগে দিয়া তথ্য অনুসৰি, ১৩৮ বছৰীয়া নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচনটো ব্ৰিটিছ শাসনকালত বিশেষকৈ চাহপাত ব্যৱসায় উন্নত কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল ১৮৮৭ চনত ।

ন-ৰূপেৰে সজা হয়বৰগাঁও ৰে'ল ষ্টেচনৰ বহু ইতিহাস (ETV Bharat Assam)

সেই সময়ত কয়লা চালিত ভাপ ইঞ্জিনৰ সহায়ত মিটাৰ গজ ৰে'ল লাইনেৰে মৈৰাবাৰীৰ পৰা শেনচোৱালৈ চলিছিল ৰে'ল । শেনচোৱা আৰু চাপৰমুখৰ পৰা বিভিন্ন প্ৰান্তলৈ ৰে'ল সেৱা প্ৰৱৰ্তন আছিল সেই সময়ত । তথ্য অনুসৰি দেশৰ ভিতৰতে প্ৰথমটো ৰে'ল সেৱা আৰম্ভ হৈছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিলৰ পৰা । সেই সময়ৰ বৰি বন্দৰ ( বৰ্তমানৰ মুম্বাই CST) আৰু থানেৰ মাজত আৰম্ভ হৈছিল প্ৰথম ৰে'ল সেৱা । অসমৰ প্ৰথম ৰে'ল সেৱা আৰম্ভ হৈছিল হৈছিল ১৮৮২ চনত ।

History of Haibargaon railway station takes a new shape under PM's Amrit Scheme
ন-ৰূপেৰে সজা হয়বৰগাঁও ৰে'ল ষ্টেচনৰ বহু ইতিহাস (ETV Bharat Assam)

১৮৮২ চনৰ প্ৰথম মে’ৰ পৰাই ডিব্ৰু শদিয়া নামৰ ৰে'লৰ সেৱা আৰম্ভ হৈছিল ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ । বিশেষকৈ চাহপাত, কয়লা আদি সামগ্ৰীৰ কঢ়িওৱা ৰে'ল চলাচলৰ উপৰিও মিটাৰ গজ লাইনেৰে চলাচল কৰিছিল যাত্ৰীবাহী ৰে'লো । একেদৰে ১৮৮৭ চনত হয়বৰগাঁও ৰে'ল ষ্টেচনৰ জৰিয়তে শেনচোৱা- মৈৰাবাৰী ৰে'ল চলাচলৰ উপৰিও ১৯২০ চনত চাপৰমুখ শিলঘাট ৰে'ল সেৱাও আৰম্ভ হয় ।

পৰৱৰ্তী সময়ত শেনচোৱা-মৈৰাবাৰী আৰু শিলঘাটৰ মিটাৰ গজ ৰে'ল সেৱা ১৯৯৪ চনত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰে'ল বিভাগে । ১৯৯৫ চনত শেনচোৱা আৰু শিলঘাট মিটাৰ গজ ৰে'ল লাইনৰ সকলো সামগ্ৰী উঠাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও উক্ত এলেকাৰ ৰাইজৰ দাবীত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল ৰে'ল বিভাগে । পৰৱৰ্তী সময়ত পূৰ্বৰ মিটাৰগজৰ শিলঘাট আৰু মৈৰাবাৰী ৰে'ল পথ ব্ৰডগজলৈ উন্নীতকৰণৰ কাম আৰম্ভ কৰে ।

সেই সময়ত অৱশ্যে হয়বৰগাঁও-গুৱাহাটী ৰে'ল সেৱা অব্যাহত থাকে । ১৯৯৬ চনৰ ১৭ জানুৱাৰীত হয়বৰগাঁও- চাপৰমুখ ৰেল পথ ব্ৰডগজ পথ হিচাপে উদ্ধোধন কৰা হৈছিল । মৈৰাবাৰী আৰু শিলঘাটৰ ৰেল পথ ব্ৰডগজলৈ উন্নীত কৰাৰ পাছত ২০০৯ চনৰ ২৫ ডিচেম্বৰ তাৰিখৰ পৰা ব্ৰড গজ লাইনেৰে পুনৰ সেৱা আৰম্ভ কৰে ৰে'ল বিভাগে ।

২০০৮ চনৰ পৰা শিলঘাট-গুৱাহাটী ৰে'ল সেৱা ব্ৰডগজ হিচাপে পুনৰ আৰম্ভ হয় । ১৮৮৭ চনতেই এটি সৰু ষ্টেচন হিচাপে স্থাপিত নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচনে এতিয়া প্ৰধানমন্ত্ৰীৰ অমৃত আঁচনিৰ অন্তৰ্ভুক্ত হৈ আধুনিক ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল । ইতিমধ্যেই অমৃত আঁচনিৰ অধীনত উন্নীত কৰা দেশৰ এশৰো অধিক ৰে'ল ষ্টেচন উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ ভিতৰত নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচনো প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰাৰ সময়ত হয়বৰগাঁও ৰে'ল ষ্টেচনত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।

হয়বৰগাঁও ৰে'ল ষ্টেচনৰ কাষতে থকা স্থানীয় লোকো উৎফুল্লিত হৈছে ৰে'ল ষ্টেচন উন্নীত কৰাত । পূৰ্বে ৰে'ল ষ্টেচনৰ ভূমিতেই সৰু সৰু দোকান দি পৰিয়াল চলোৱা বহু পৰিয়ালে ৰে'ল ষ্টেচন উন্নীত কৰাৰ স্বাৰ্থত নিজেই ৰে'ল বিভাগৰ ভূমি ত্যাগ কৰি নিজৰ ভূমিত পুনৰ ব্যৱসায় আৰম্ভ কৰা বুলি ই টি ভি ভাৰতক জানিবলৈ দিয়ে স্থানীয় একাংশ লোকে ।

১৯৭২ চনৰ পৰাই হয়বৰগাঁও ৰেল ষ্টেচনৰ কাষত থকা বিনয় চন্দ্ৰ দে নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে ই টি ভি ভাৰতৰ সন্মুখত ব্যক্ত কৰে পূৰ্বৰ ষ্টেচন আৰু এতিয়াৰ ষ্টেচনৰ নতুন ৰূপৰ অনুভৱ । নগাঁৱৰ হয়বৰগাঁও ৰে'ল ষ্টেচন উন্নীতকৰণ কৰাৰ পাছত এতিয়া এই ষ্টেচনটোৰ পৰা বহিঃৰাজ্য বিশেষকৈ দিল্লী, চেন্নাই, কেৰেলা সংযোগী ৰে'ল সেৱা আৰম্ভ কৰাৰো দাবী উত্থাপন কৰে স্থানীয় লোকে । ইয়াৰোপৰি, বহু ইতিহাস সমৃদ্ধ হয়বৰগাঁও ৰে'ল ষ্টেচনৰ বহু স্মৃতি সুঁৱৰি নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে ১৯৬০ চনৰ পৰাই হয়বৰগাঁও ষ্টেচনত কৰ্মৰত হৈ ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰা ৯০ ৰ উৰ্ধৰ এগৰাকী ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে ।

নিজৰ দীৰ্ঘকালৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি তুলসীৰাম শইকীয়া নামৰ এগৰাকী কৰ্মচাৰীয়ে ই টি ভি ভাৰতৰ সন্মুখত কয়,“মই ১৯৫৮ চনতেই ৰে'ল বিভাগৰ চাকৰিত যোগদান কৰি প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছৰ পৰাই হয়বৰগাঁও ষ্টেচনত দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছোঁ । হয়বৰগাঁও ষ্টেচনতেই টিকট বিক্ৰী কৰাৰ উপৰিও প্ৰায়েই মৈৰাবাৰীলৈ যোৱা ৰে'লতো গাৰ্ডৰ দায়িত্ব পালন কৰিছিলোঁ । আনকি কোনো কোনো সময়ত ৰূপহী, দগাওঁ আদি ষ্টেচনতো টিকট বিক্ৰীৰ দায়িত্বও পালন কৰিছিলো ।”

ভাষা আন্দোলনৰ সময়ত কেইবাবাৰো ভয়ানক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তুলসীৰাম শইকীয়াই কয়,"ভাষা আন্দোলনৰ ভৰপক সময়ত সেই সময়ত ভাপ ইঞ্জিন চালিত ৰে'লৰ ধিঙত পানী শেষ হোৱাত হয়বৰগাঁও ষ্টেচনলৈ পানীৰ বাবে টেলিগ্ৰাম কৰি পানী কঢ়িয়াই নিবৰ বাবে লাইট ইঞ্জিন প্ৰেৰণ কৰিছিলোঁ । কিন্তু ধিঙৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰা বহু যুৱকে লাইট ইঞ্জিন অৱৰোধ কৰিব বিচৰাত নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীয়ে গুলীচালনা কৰাত ধিঙৰ ধ্ৰুৱজ্যোতি নাথ নামৰ এগৰাকী যুৱক শ্বহীদ বৰণ কৰিছিল । ভাষা আন্দোলন চলি থকা সময়তে ৰায় উপাধিৰ এগৰাকী সতীৰ্থই ভয়ত ঘৰলৈ যাব বিচৰা নাছিল । কিন্তু মই মোৰ লগত ব্যক্তিজনক লৈ যাওঁতেও বাধাৰ সন্মুখীন হৈছিলোঁ যদিও ভয় কৰা নাছিলোঁ ।”

ভাষা আন্দোলনৰ সময়ত ফুলগুৰিত জ্বলি থকা এখন ৰেলৰ যাত্ৰীক উদ্ধাৰ কৰি বিভাগৰ বিশেষ সন্মান লাভ কৰাৰ কথাও উল্লেখ কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তুলসীৰাম শইকীয়াই । পূৰ্বে মিটাৰ গজ ৰে'ল পথেৰে চলাচল কৰা মৈৰাবাৰী-শেনচোৱা ৰে'লেৰে মৈৰাবাৰী, ধিং, ডুমডুমীয়া, ৰূপহী আদি অঞ্চলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পাচলি ৰপ্তানি কৰাৰ কথাও উল্লেখ কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তুলসীৰাম শইকীয়াই ।

কেইবা কোটি টকা ব্যয় কৰি বিভিন্ন সুবিধা সংযুক্ত কৰি অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা মধ্য অসমৰ গুৰুত্বপূৰ্ণ হয়বৰগাঁও ৰে'ল ষ্টেচনৰ পৰা বহিঃৰাজ্যলৈ অত্যাধুনিক ৰে'ল সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ’ব লক্ষণীয় ।

লগতে পঢ়ক: হেণ্ডকাফ নহয় চিপজৰীলৈহে মনত পৰিছে আছুৰ: স্থিতি স্পষ্ট কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই - AASU ON SANKOR JYOTI BARUAH CASE

বিশেষ চৰ্চাত আৰক্ষীৰ হেণ্ডকাফ: উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত কি কৈছিল ? - HANDCUFF ISSUE IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.