মৰিগাঁও: এজোপা বৃহৎ বটবৃক্ষ আৰু গছজোপাৰ এটা পৰিয়াল লগতে এটা অতি প্ৰাচীন গণেশ মন্দিৰ প্ৰায় ৬০০ বছৰ পুৰণি এই বটবৃক্ষ আৰু গণেশ মন্দিৰটো । গণেশ মন্দিৰটোত পূজা-অৰ্চনা কৰিলে অপুত্ৰকে লাভ কৰে পুত্ৰ, নাশ হয় অপায়-অমংগল । মৰিগাঁও জিলাৰ অন্তৰ্গত শলমাৰী বিলৰ কাষতে লাগি থকা শলমাৰী গাঁৱত অৱস্থিত এই বৃহৎ বটবৃক্ষ আৰু এই গণেশ মন্দিৰটো ।
বৃক্ষজোপাৰ শিপাবোৰো ৰূপান্তৰ হৈছে একো একোজোপা বৃহৎ বৃক্ষলৈ । প্ৰায় এপুৰা ভূমিজুৰি আছে এই বৃক্ষজোপা । বৰ্তমানৰ গণেশ মন্দিৰৰ পূজাৰী দুটিৰাম ডেকাই কয়,"প্ৰচলিত বিশ্বাস অনুসৰি নগাঁও জিলাৰ জপৰা গোস্বামী নামৰ এজন গোঁসায়ে বসবাস কৰিছিল উক্ত স্থানত । গোঁসাই গৰাকীয়ে এদিন ৰাতি এটা সপোন দেখিছিল । উক্ত সপোনৰ আধাৰতে গোঁসাইগৰাকীয়ে শ'লমাৰীবাসী ৰাইজক জনাইছিল কথাখিনি, সপোনত প্ৰকৃততে কি দেখিছিল গোঁসাইগৰাকীয়ে ।"
পূজাৰীগৰাকীয়ে লগতে কয়,"গোঁসাইগৰাকীক গণেশ বাবাই কৈছিল যে মই ভূ-গৰ্ভত বহুত কষ্টত আছোঁ । মোক খনন কৰি উদ্ধাৰ কৰা আৰু তাৰ পিছতে ৰাইজে সেই স্থানত খনন কাৰ্য চলোৱাৰ পিছত এখন শিলৰ পাতিত উদ্ধাৰ হৈছিল এটা গণেশ মূৰ্তি । পিছতে শ'লমাৰী গাঁৱত নাম-কীৰ্তনৰে প্ৰতিষ্ঠা কৰা হৈছিল উক্ত গণেশ মন্দিৰটো ৷ সেই বৃক্ষজোপাৰ লগতে গণেশ মন্দৰিটোৱে বিভিন্ন অপায়-অমংগলৰ পৰা ৰক্ষা কৰি আহিছে বুলি বিশ্বাস কৰে গাঁওবাসীয়ে । বিভিন্ন ঠাইৰ ভক্তৰ আগমন ঘটে এই গণেশ মন্দিৰটোলৈ ।"

উল্লেখ্য আধ্যাত্মিকতাৰ আধাৰস্থলী এই বৃক্ষজোপা আৰু গণেশ মন্দিৰটোক প্ৰয়োজন পৰ্যাপ্ত সংৰক্ষণৰ । স্থানীয় গাঁওবাসীৰ লগতে মৰিগাঁওবাসীয়েও জনাই এই আহ্বান । লোকবিশ্বাস আৰু জনশ্ৰুতি অনুসৰি এই মন্দিৰটোত বন্তি প্ৰজ্বলন কৰি সেৱা অথবা নৈবেদ্যৰ শৰাই আগবঢ়ালে মনোকামনা পূৰ্ণ হয় । লগতে থকা বটবৃক্ষজোপাই আৱৰি ৰাখিছে প্ৰায় এপুৰা মাটি । বিভিন্ন স্থানৰ পৰা লোকসকল আহে আৰু মন্দিৰৰ লগতে বৃক্ষজোপাও দৰ্শন কৰে ।
