ETV Bharat / state

এজোপা বটবৃক্ষ আৰু এটা মন্দিৰৰ আঁৰৰ কাহিনী

মৰিগাঁও জিলাৰ শ'লমাৰী গাঁৱৰ এজোপা অতি পুৰণি বটবৃক্ষ । বটবৃক্ষজোপাৰ লগতে থকা সেই পৌৰাণিক গণেশ মন্দিৰৰ আঁৰৰ কাহিনী ।

History of a mythical Ganesh temple in Morigaon
এজোপা বটবৃক্ষ আৰু এটা মন্দিৰৰ আঁৰৰ কাহিনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 3, 2025 at 8:58 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: এজোপা বৃহৎ বটবৃক্ষ আৰু গছজোপাৰ এটা পৰিয়াল লগতে এটা অতি প্ৰাচীন গণেশ মন্দিৰ প্ৰায় ৬০০ বছৰ পুৰণি এই বটবৃক্ষ আৰু গণেশ মন্দিৰটো । গণেশ মন্দিৰটোত পূজা-অৰ্চনা কৰিলে অপুত্ৰকে লাভ কৰে পুত্ৰ, নাশ হয় অপায়-অমংগল । মৰিগাঁও জিলাৰ অন্তৰ্গত শলমাৰী বিলৰ কাষতে লাগি থকা শলমাৰী গাঁৱত অৱস্থিত এই বৃহৎ বটবৃক্ষ আৰু এই গণেশ মন্দিৰটো ।

বৃক্ষজোপাৰ শিপাবোৰো ৰূপান্তৰ হৈছে একো একোজোপা বৃহৎ বৃক্ষলৈ । প্ৰায় এপুৰা ভূমিজুৰি আছে এই বৃক্ষজোপা । বৰ্তমানৰ গণেশ মন্দিৰৰ পূজাৰী দুটিৰাম ডেকাই কয়,"প্ৰচলিত বিশ্বাস অনুসৰি নগাঁও জিলাৰ জপৰা গোস্বামী নামৰ এজন গোঁসায়ে বসবাস কৰিছিল উক্ত স্থানত । গোঁসাই গৰাকীয়ে এদিন ৰাতি এটা সপোন দেখিছিল । উক্ত সপোনৰ আধাৰতে গোঁসাইগৰাকীয়ে শ'লমাৰীবাসী ৰাইজক জনাইছিল কথাখিনি, সপোনত প্ৰকৃততে কি দেখিছিল গোঁসাইগৰাকীয়ে ।"

এজোপা বটবৃক্ষ আৰু এটা মন্দিৰৰ আঁৰৰ কাহিনী (ETV Bharat Assam)

পূজাৰীগৰাকীয়ে লগতে কয়,"গোঁসাইগৰাকীক গণেশ বাবাই কৈছিল যে মই ভূ-গৰ্ভত বহুত কষ্টত আছোঁ । মোক খনন কৰি উদ্ধাৰ কৰা আৰু তাৰ পিছতে ৰাইজে সেই স্থানত খনন কাৰ্য চলোৱাৰ পিছত এখন শিলৰ পাতিত উদ্ধাৰ হৈছিল এটা গণেশ মূৰ্তি । পিছতে শ'লমাৰী গাঁৱত নাম-কীৰ্তনৰে প্ৰতিষ্ঠা কৰা হৈছিল উক্ত গণেশ মন্দিৰটো ৷ সেই বৃক্ষজোপাৰ লগতে গণেশ মন্দৰিটোৱে বিভিন্ন অপায়-অমংগলৰ পৰা ৰক্ষা কৰি আহিছে বুলি বিশ্বাস কৰে গাঁওবাসীয়ে । বিভিন্ন ঠাইৰ ভক্তৰ আগমন ঘটে এই গণেশ মন্দিৰটোলৈ ।"

History of a mythical Ganesh temple in Morigaon
পৌৰাণিক বটবৃক্ষজোপা (ETV Bharat Assam)

উল্লেখ্য আধ্যাত্মিকতাৰ আধাৰস্থলী এই বৃক্ষজোপা আৰু গণেশ মন্দিৰটোক প্ৰয়োজন পৰ্যাপ্ত সংৰক্ষণৰ । স্থানীয় গাঁওবাসীৰ লগতে মৰিগাঁওবাসীয়েও জনাই এই আহ্বান । লোকবিশ্বাস আৰু জনশ্ৰুতি অনুসৰি এই মন্দিৰটোত বন্তি প্ৰজ্বলন কৰি সেৱা অথবা নৈবেদ্যৰ শৰাই আগবঢ়ালে মনোকামনা পূৰ্ণ হয় । লগতে থকা বটবৃক্ষজোপাই আৱৰি ৰাখিছে প্ৰায় এপুৰা মাটি । বিভিন্ন স্থানৰ পৰা লোকসকল আহে আৰু মন্দিৰৰ লগতে বৃক্ষজোপাও দৰ্শন কৰে ।

History of a mythical Ganesh temple in Morigaon
মন্দিৰটোৰ ভিতৰভাগ (ETV Bharat Assam)

লগতে পঢ়ক: ঘৰৰ চুকত পৰি ৰোৱা পেলনীয়া থাৰ্মক’লেৰে ৩০হাজাৰ শৰাই-জাপি নিৰ্মাণ কৰি মৌচুম কৰিলে বিশ্ব ৰেকৰ্ড - ASSAMESE TRADITIONAL XORAI AND JAPI

চেনেহীয়ে দিয়া গামোচাখন হাতেবোৱা নে পাৱাৰলুমৰ ! কেনেকৈ কৰিব চিনাক্ত ? - POWERLOOM OR HANDLOOM GAMOSA