ধুবুৰী : নেতাই ধুবুনী ঘাটৰ নাম আপুনি শুনিছেনে ? ধুবুৰীত থকা নেতাই ধুবুনী ঘাট অসম তথা ভাৰতৰ এক প্ৰাচীন, গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক স্থানৰ ভিতৰত অন্যতম । ধুবুৰী জিলাখনৰ নামটোও এই নেতাই ধুবুনীৰ পৰাই আহিছিল বুলি প্ৰবাদ আছে । কিন্তু মনসা মংগলৰ সৈতে জড়িত নেতাই ধুবুনীৰ ইতিহাস আজিও বহুতে নাজানে ।
নেতাই ধুবুনীৰ ইতিহাস
জনবিশ্বাস অনুসৰি নেতাই ধুবুনী আছিল সৰগৰ ধুবুনী । সৰ্প দংশনত মৃত্যু হোৱা স্বামী লখিন্দৰক ভেলত লৈ বেউলাই যেতিয়া ধুবুনী ঘাট পাইছিল তেতিয়া তেওঁ দেখিছিল নেতাই ধুবুনীয়ে কাপোৰ ধুই থাকোতে নিজৰ নাতিয়েকে উৎপাত কৰি থকা অৱস্থাত এটা চৰ মাৰে আৰু তেতিয়াই নাতিয়েক মৃত্যুৰ দৰে অজ্ঞান হৈ পৰে । কাপোৰ ধোৱা শেষ হোৱাৰ পিছত আন এটা চৰ দিয়াত নাতিয়েক জীৱিত হৈ উঠে । তাকে দেখি বেউলা আচৰিত হয় আৰু মনত বিশ্বাস জাগে যে ধুবুনীৰ সহায়েৰে তেওঁ স্বামী লখিন্দৰক জীয়াই তুলিব পাৰিব । বেউলাই তেতিয়া নেতাই ধুবুনীৰ কাষ চাপে আৰু লখিন্দৰৰ বাবে সহায় বিচাৰে । সেই মতে বেউলাই লখিন্দৰক সৰগৰ হিন্দু দেৱতা ইন্দ্ৰৰ ৰাজসভালৈ লৈ যায় আৰু তাত বেউলাক নৃত্য পৰিৱেশন কৰিবলৈ কয় ।
বেউলাৰ নৃত্য দেখি ইন্দ্ৰ সন্তুষ্ট হৈ পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে । বেউলাই তেতিয়া লখিন্দৰৰ জীৱন ঘূৰাই বিচাৰে । পিছত ইন্দ্ৰৰ ৰাজসভাত লখিন্দৰ পুনৰজীৱিত হৈ উঠে । পুৰাণৰ মতে এয়াই হ'ল ধুবুৰীৰ প্ৰাচীনতম নেতাই ধুবুনীৰ ইতিহাস । অৱশ্যে নেতাই ধুবুনীৰ ইতিহাস সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ যুক্তি দিয়া দেখা যায় ।
নেতাই ধুবুনী আৰু গুৰু টেগ বাহাদুৰৰ সম্পৰ্ক
আন একাংশই আকৌ নেতাই ধুবুনীক শিখ ধৰ্মগুৰু টেগ বাহাদুৰৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰে । একাংশই দাবী কৰা মতে গুৰু টেগ বাহাদুৰ যেতিয়া ধুবুৰীলৈ প্ৰথমে আহি বসতি স্থাপন কৰিছিল তেতিয়া তেওঁৰ বুদ্ধিমত্তা লাহে লাহে প্ৰচাৰ হ'ব ধৰিলে । পাৰ্শ্বৱৰ্তী অঞ্চলৰ মানুহেও গম পালে যে গুৰু টেগ বাহাদুৰ চাহেবে বিভিন্ন বেমাৰ-আজাৰ ভাল কৰিব পাৰে । ইফালে নেতাই ধুবুনী আছিল এগৰাকী যাদু-মন্ত্ৰ জনা লোক । যাৰ বাবে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লে মানুহে নেতাই ধুবুনীৰ ওচৰলৈ সহায় বিচাৰি গৈছিল । কিন্তু গুৰু টেগ বাহাদুৰ অহাৰ পাছৰে পৰা মানুহে লাহে লাহে নেতাই ধুবুনীৰ ওচৰলৈ যোৱা বন্ধ কৰিলে আৰু গুৰু টেগ বাহাদুৰৰ কাষ চাপিবলৈ ধৰিলে । অৱশ্যে এই প্ৰবাদ কিমান সঁচা সেয়া এতিয়াও কোনেও ক'ব নোৱাৰে ।
এই সন্দৰ্ভত গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাই কয়, "এইবোৰ কথা কোৱাটো কঠিন, যিহেতু ঐতিহাসিক কোনো প্ৰমাণ নাই । গতিকে নিজে নিজে সাজি কথা কোৱাৰ দৰে । মনসা মংগলৰ কথা ইতিহাসৰ পৃষ্ঠাত আছে আৰু আমি সেইটোৱে বিশ্বাস কৰো ।"
যিয়ে নহওঁক, নেতাই ধুবুনী হৈছে ইতিহাস সমৃদ্ধ এক স্থান । কিন্তু চৰকাৰী অৱহেলাৰ বাবে এতিয়া বহুতৰে বাবে পাহৰণিৰ গৰ্ভত এই নেতাই ধুবুনী ঘাট । সেয়েহে নেতাই ধুবুনীৰ ঐতিহ্যক চৰকাৰীভাৱে সংৰক্ষণৰ দাবী জনাই প্ৰবীৰ বৰুৱাই । তেওঁ উল্লেখ কৰা মতে সঠিক অধ্যয়নৰ জৰিয়তে ইয়াৰ প্ৰকৃত ইতিহাস জানিব পৰা যাব ।
উল্লেখ্য যে পূৰ্বেও বিভিন্ন সংগঠন তথা ব্যক্তি বিশেষে নেতাই ধুবুনী ঘাটৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰক দাবী জনাই আহিছে । কিন্তু ঐতিহ্যপূৰ্ণ নেতাই ধুবুনী ঘাট কোনো কোনো ক্ষেত্ৰত আজিও অৱহেলিত হৈ আছে । সেয়েহে এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজপৰিয়ালৰ সদস্যৰ লগতে স্থানীয় লোকসকলে পুনৰ এবাৰ দাবী জনাইছে ।
লগতে পঢ়ক :পদপথত পাচলি বিক্ৰী কৰিয়েই লিখি উলিয়ালে ১৮ খনকৈ গ্ৰন্থ - UNIQUE AUTHOR OF JORHAT