ETV Bharat / state

বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি কবিৰ শইকীয়াৰ অনুসন্ধান

শোণিতপুৰৰ জামুগুৰিহাটৰ ঐতিহাসিক বাঘভেটা কাহিনী এতিয়া উপলব্ধ এখন গ্ৰন্থত । সেই হেৰাই যোৱা কাহিনীৰ আধাৰত প্ৰকাশ পালে "অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি" ।

Tiger capture Tradition of Jamugurihat
বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি কবিৰ শইকীয়াৰ অনুসন্ধান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 27, 2024 at 9:07 PM IST

|

Updated : November 27, 2024 at 10:11 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : পৌৰাণিক সময়ত অসম হাবি-জংঘলেৰে ভৰা অৰণ্যসদৃশ আছিল । কিন্তু কালৰ বুকুত সেই অৰণ্য মানৱ জাতিৰ হাতোৰাত ক্ৰমাৎ ধ্বংস হৈ পৰিল । সেই সময়ত অসমৰ শংকৰী কলা-সংস্কৃতিৰ জীপাল ঠাই শোণিতকোঁৱৰ গজেন বৰুৱাৰ জন্মস্থান জামুগুৰিহাটত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হিংস্ৰ জন্তু ভেটাৰ এক পৰম্পৰা আছিল । যাক বাঘভেটা বুলি কোৱা হৈছিল । সেই সংস্কৃতিক সংৰক্ষণৰ লক্ষ্যৰে বিশিষ্ট লেখক তথা সাংবাদিক কবিৰ শইকীয়াই জামুগুৰিহাটৰ সেই সময়ৰ বাঘভেটা ঘটনাৰ লগত জড়িত বিভিন্ন প্ৰয়াত আৰু জীৱিত ব্যক্তিসকলৰ সমলৰ আধাৰত প্ৰস্তুত কৰি উলিয়াইছে "জামুগুৰিহাটৰ অধুনালুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি" নামৰ এখন বিশেষ গ্ৰন্থ ।

বাঘভেটা সংস্কৃতি কি ?

বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি কবিৰ শইকীয়াৰ অনুসন্ধান (ETV Bharat)

সেই সময়ৰ বাঘভেটাৰ চিত্ৰ শোণিতকোঁৱৰ গজেন বৰুৱাই তেওঁৰ গ্ৰন্থত লিপিবদ্ধ কৰি গৈছে । এই বাঘভেটা পৰৱৰ্তী সময়ত এক সংস্কৃতি হিচাপে পৰিগণিত হয় । স্থানীয় কৃষিজীৱী ৰাইজে কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰা গৰু, ম'হ, ছাগলী তথা পোহনীয়া জন্তু আদি শীতকালৰ সময়ত হাবিৰ পৰা ওলাই অহা বাঘে ভক্ষণ কৰে । ফলস্বৰূপে কৃষিজীৱী ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল । ইয়াৰ পৰিত্ৰাণ হিচাপে ৰাইজে এই বাঘভেটা কাৰ্য আৰম্ভ কৰে । কিন্তু এই প্ৰথা ১৯৬৪ চনৰ পিছত ক্ৰমান্বয়ে সমাপ্তি হয় ।

গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে যে এই বাঘটোৱেই অৰ্থাৎ ১৯৬৪ত বৰ্তমানৰ কুসুমতলাত ধৰা বাঘটোৱে আছিল জামুগুৰিহাটত বাঘভেটাৰ জৰিয়তে ধৰা শেষ বাঘ । জামুগুৰিহাটৰ এগৰাকী জ্যেষ্ঠ নাগৰিক তথা সেই সময়ৰ অভিজ্ঞতাসম্পন্ন দেৱ কুমাৰ ভৰালীয়ে কয়, "১৯৫৭ চনৰ পূৰ্বে আমেৰিকাৰ পৰা এটা দল আহি এই কাহিনী চিত্ৰনাট্য হিচাপে বাণীবদ্ধ কৰিছিল, কিন্তু সেই সমল এতিয়া পোৱা নাযায় ।" হয়তো সময়ৰ গতিত সেয়া অজ্ঞাতে থাকি গ'ল বুলি তেওঁ মন্তব্য কৰে । ইয়াৰ পিছত ১৯৭২ চনৰ বন্যপ্ৰাণী আইন প্ৰণয়ন হোৱাৰ পিছত এই বাঘভেটা প্ৰথা সমাপ্তি হয় ।

গ্ৰন্থখনত সেই সময়ত অবিভক্ত দৰং জিলাৰ ৰৌতাত আমেৰিকাৰ তথ্যচিত্ৰ নিৰ্মাণৰ এটা দলে জামুগুৰিহাটৰ ৰাইজক লৈ গৈ ঢেঁকীয়াপতীয়া ভেটি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল যদিও সেয়া সংৰক্ষণ নহ'ল বুলি লেখক কবিৰ শইকীয়াই উল্লেখ কৰিছে । বৰ্তমান সেই সময়ৰ দুই এজন সাহসী ব্যক্তি জীৱিত আছে যদিও সৰহসংখ্যক লোকৰে মৃত্যু হৈছে । জানিব পৰা মতে জামুগুৰিহাটৰ নামঘৰত সেই সময়ত বাঘভেটা অন্যতম সঁজুলি জালসমূহ সজাই থোৱা হৈছিল । গ্ৰন্থখনত ইচ্ছুক তথা অনুসন্ধিৎসু পাঠকৰ বাবে উপকৃত হোৱাকৈ এই সংস্কৃতিৰ লগত জড়িত ব্যক্তি বিশেষৰ উপৰিও তাহানিৰ সঁজুলিসমূহৰ এক জীৱন্ত প্ৰতিচ্ছবি দাঙি ধৰা হৈছে ।

বুধবাৰে এই গ্ৰন্থখন ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই উন্মোচন কৰে । হাজৰিকাই কয় যে এই গ্ৰন্থখনৰ কাহিনী পৰৱৰ্তী সময়ত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক চিত্ৰনাট্য হিচাপে প্ৰকাশ কৰাৰ বাবে তেওঁ আবেদন জনাব ।

লগতে পঢ়ক :শান্তিপূৰ্ণ পৰিৱেশ স্বত্বেও উত্তৰ-পূৱ সম্পৰ্কে ধাৰণা সলনি হোৱা নাই: মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

Last Updated : November 27, 2024 at 10:11 PM IST