প্ৰকৃতিৰ ৰম্যভূমি গেলিপুং সংৰক্ষণৰ অভাৱত নিঃশেষ হৈ যোৱাৰ আশংকা
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ গেলিপুঙৰ নাম শুনিছেনে ? এই গেলিপুঙতে আছে নিমখীয়া পানীৰ এটা উঁহ ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

Published : September 12, 2025 at 6:26 PM IST
সৰুপথাৰ: গোলাঘাট আৰু কাৰ্বি আংলং জিলাত আৱৰি থকা উত্তৰ নামবৰ গৰমপানী বন্যপ্রাণী অভয়াৰণ্য আৰু দক্ষিণ নামবৰ বন্যপ্রাণী অভয়াৰণ্যৰ মাজত আছে কেইবাটাও উঁহ । তথ্য অনুসৰি উঁহকেইটা হৈছে - বৰপুং, খুংপুং, চৰাইপুং, গেলিপুং, মহমৰা পুং, বালি পুং আৰু গৰমপানী ।
এই উঁহবিলাকৰ ভিতৰত নামবৰ দৈগ্রোং বন্যপ্রাণী অভয়াৰণ্যৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষতে থকা গৰমপানী উঁহৰ বিষয়ে সকলো জ্ঞাত যদিও বাকীবোৰ উঁহৰ বিষয়ে প্ৰচাৰৰ অভাৱত মানুহে বিশেষ একো নাজানে ।
গেলিপুং
সৰুপথাৰ সমজিলাৰ অন্তৰ্গত দক্ষিণ নামবৰ বন্যপ্রাণী অভয়াৰণ্যত আছে গেলিপুং । সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানী কছাৰীহোলাত আছে গেলিপুং নামৰ উঁহটো । প্রায় ১০০ বিঘা মাটিৰ এক বৃহৎ এলেকা আগুৰি আছিল যদিও সম্প্ৰতি ভূমি বেদখলৰ ফলত গেলিপুং উঁহটোৰ ভূমি ৭০/৮০ বিঘামানলৈ কমি আহিল ।
আনহাতে পানী নির্গত হৈ থকা মূল উঁহটোৰ আকাৰ হ'ব প্রায় ৩-৫ বিঘালৈ । আহিন মাহৰ পৰা ব’হাগ মাহলৈকে এই উঁহটোলৈ বিভিন্ন প্ৰজাতিৰ চৰাইৰ আগমন ঘটে । পর্যটনৰ পূৰ্ণ সম্ভাৱনা থকা এই গেলিপুং উঁহটো আছে এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত । উঁহটোৰ কাষেৰে পৰা অহৰহ পানী নির্গত হৈ থাকে আৰু এই পানী জুৰিৰ দৰে বৈ গৈ কাষৰে ধনশিৰি নৈত পৰেগৈ ।
টেঙানীৰ কছাৰীহোলা গাঁৱৰ ৰাইজে এই গেলিপুঙৰ স্থানত শৰাই আগবঢ়ায় । ধান ৰোৱা পৰ্বকে ধৰি ধান কটালৈকে, আন নালাগে ন-খোৱা পৰ্বতো গেলিপুঙত শৰাই আগবঢ়াই ৰাইজে । সেই স্থানত ধূপ-নৈবেদ্য ইত্যাদিৰে পূজা-পাতলো কৰে ৰাইজে । সম্প্ৰতি গেলিপুঙৰ কাষতেই এটা শিৱ মন্দিৰ স্থাপন কৰিছে । স্থানীয় ৰাইজে জনোৱা অনুসৰি গেলিপুঙৰ কাষতেই দুৰ্গা পূজা অনুষ্ঠিত কৰে ।
ইফালে উঁহটো থকা টেঙানী অঞ্চলটোৰ পৰা ইতিমধ্যে বহু ঐতিহাসিক সম্পদ উদ্ধাৰ হৈছে । উদ্ধাৰ হোৱা সম্পদসমূহৰ ভিতৰত আছে শিৱলিংগ, কাঁহৰ কাহী, পৌৰাণিক পকীবেৰৰ ভগ্নাৱশেষ ইত্যাদি । কিছু বছৰৰ আগেয়ে উঁহটোৰ সমীপতে দুটাকে সুৰংগও উদ্ধাৰ হৈছিল ।
সৰুপথাৰ সমজিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজে উঁহটোৰ সংৰক্ষণ আৰু পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবলৈ দীর্ঘদিন ধৰি চৰকাৰক দাবী জনাই আহিছে । সম্প্রতি বহু অংশ বেদখলকাৰীৰ কবলত পৰা, প্ৰচুৰ সম্ভাৱনাপূর্ণ এই উঁহটো উপযুক্ত সংৰক্ষণ কৰাৰ লগতে যাতায়াতৰ ব্যৱস্থা সূচল কৰি তুলিলে বহু দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী হৈ পৰিব । অকল সেয়াই নহয়, চৰকাৰৰ ৰাজহ আহৰণ আৰু নিবনুৱা সংস্থাপনৰো এক উৎস হৈ পৰিব ।
সৰুপথাৰৰ প্ৰাক্তন শিক্ষক, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক ৰাধিকা বল্লভ গোস্বামীয়ে গেলিপুং সন্দৰ্ভত এনেদৰে মন্তব্য কৰে, ‘‘নামবৰ এই বনাঞ্চলটো উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত । এই টেঙানী অঞ্চলটো দক্ষিণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে উত্তৰ । এই নামবৰ বনাঞ্চলটোত মুঠতে ৯ টা পুং আছিল । তাৰ ভিতৰত এতিয়া ৩ টা মানহে সক্ৰিয় পুং আছে । এটা হ'ল গৰমপানী উঁহ, চৰাই পুং আৰু টেঙানী অঞ্চলত থকা গেলিপুং ।’’
নিমখীয়া পানী ওলায় গেলিপুঙত
গোস্বামীয়ে পুনৰ কয়, ‘‘গেলিপুঙৰ পৰা গৰমপানীৰ উঁহৰ লগতে নিমখীয়া পানী ওলায় । এই নিমখীয়া পানী ওলাই ঠাইডোখৰৰ মাটি নিমখীয়া কৰি তোলে । নিমখীয়া হোৱাৰ বাবেই হাতীয়ে সেই মাটি খাবলৈ আহে । নিমখীয়া মাটি হাতীয়ে খোৱাৰ ফলত ঠাইডোখৰ যেতিয়া পুখুৰীৰ নিচিনা কৰি তোলে তেতিয়া সেই স্থানক মানুহে মাটিখোলা বুলি কয় ।’’
২০০৫ চনতেই গঠন হৈছিল ধনশিৰি উপত্যকা ঐতিহাসিক সম্পদ অনুসন্ধান সমিতি
ৰাধিকা বল্লভ গোস্বামীৰ মন্তব্য অনুসৰি আৰু বাতৰি কাকতত প্ৰকাশিত গোস্বামীৰ লিখনিৰ পৰা জানিব পাৰি যে, টেঙানী অঞ্চলৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ বাবে ২০০৫ চনতেই গঠন হৈছিল ধনশিৰি উপত্যকা ঐতিহাসিক সম্পদ অনুসন্ধান সমিতি । এই সমিতিয়ে টেঙানী গেলিপুঙত শিক্ষাবিদ অৱনী গগৈৰ সভাপতিত্বত বহা এখন সভাত দুৱৰণি অঞ্চলটোৰ পুৰাতাত্ত্বিক সমল থকা অঞ্চলটোক সামৰি "হিষ্টৰিকেল ভিলেজ" এখন গঢ়ি তুলিবলৈ অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে বাতৰি কাকতৰ জৰিয়তেও দাবী তুলিছিল ।
ছাত্ৰ সন্থাৰ বিষয়ববীয়া সীমান্ত বৰাই মন্তব্য কৰি কয়, ‘‘নামবৰ হাবিৰ ধনশিৰি নৈৰ নিচেই কাষত টেঙানীৰ কছাৰীহোলাত অৱস্থিত গেলিপুং । গেলিপুঙৰ পৰা অহৰহ পানী নিগৰি থাকে । বিভিন্ন সময়ত ছাত্ৰ সন্থাই দাবী তুলিছিলো যে এই স্থানক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে । আমি দেখিছিলো যে সেই স্থানত আন্তঃগাঁথনিৰ কাম হৈছিল যদিও আধাতে বন্ধ হৈ যোৱাত প্ৰশ্ন উঠিছে । বিভিন্ন সময়ত অসমৰ ভিন্ন প্ৰান্তৰ পৰা বুৰঞ্জী বিভাগৰেই হওক বা পুৰাতত্ত্ব বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰ-অধ্যয়নকে ধৰি গৱেষণা কৰ্মৰ বাবে এই স্থানলৈ আহে । তেওঁলোক আহি হাবিৰে আবৃত স্থানসমূহ দেখিলে আমাৰ অঞ্চলটোৰ বাবেই লজ্জাজনক কথা হৈ পৰে । আমি ছাত্ৰ সন্থাই দাবী জনাইছো যে এই স্থানসমূহ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে । প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা ঠাই গেলিপুং, ইয়াৰ পানীখিনি পুৰাতত্ত্ব বিভাগৰ লোকে লুণীয়া বুলি কয় ৷ যি পানী হাতীয়েও খাবলৈ আহে । এই স্থানসমূহ সংৰক্ষণ কৰাৰ অতি গুৰুত্ব আছে ।’’
টেঙানী অঞ্চলৰ স্থানীয় লোকে মন্তব্য কৰি কয়, ‘‘গৰমপানী উঁহৰ ওচৰতেই এই অঞ্চলত গেলিপুং এটা আছে । গৰমপানীৰ উঁহত দেখিবলৈ পোৱাৰ নিচিনাকৈ গেলিপুঙতো পানী উতলি থাকে । এই পুঙৰ পানী নিমখীয়া । ইয়াতে হাতী, পহুৰ লগতে বনৰীয়া জীৱ-জন্তুৱেও পানী খাবলৈ আহে । এই গাঁৱৰ ৰাইজে এই গেলিপুঙৰ স্থানত শৰাই আগবঢ়ায় । ধান ৰোৱা পৰ্বকে ধৰি ধান কটালৈকে, আন নালাগে ন-খোৱা পৰ্বতো গেলিপুঙত শৰাই আগবঢ়াই ৰাইজে । ৭৫ বিঘা মাটিৰে আৱৰি আছে এই গেলিপুঙৰ এলেকাটো ।’’
স্থানীয় যুৱক এজনে কয়, ‘‘কাৰ্বি আংলং-গোলাঘাট জিলাৰ এক চিনাকি স্থান গৰমপানী । গৰমপানীৰ দৰেই এক স্থান গেলিপুং । এই স্থান পৰিদৰ্শন কৰিবলৈ লগতে বনভোজ খাবলৈ পৰ্যটক আহে । ইয়াৰ পানী লুণীয়া । ইয়াৰ পানী খাবলৈ হাতীকে ধৰি অন্য বনৰীয়া জন্তু আহে । এই স্থানলৈ বহুতো পৰিভ্ৰমী চৰাই আহে । গেলিপুঙটো পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক অনুৰোধ জনাইছো ।’’
গেলিপুঙৰ কাষতেই নিৰ্মাণ কৰা শিৱ মন্দিৰৰ পূজাৰীজনে মন্তব্য কৰি কয়, ‘‘ইয়াত ডাঙৰীয়া বাবা আহে, চৰাই-চিৰিকটি আহি থাকে । বাবাই আহি অসুবিধা নকৰে গেলিপুঙত পানী খায় । বাবাৰ কাৰণে খেতি কৰিছো আহি খায় ।’’
লগতে পঢ়ক: প্ৰকৃতিৰ বুকুলৈ সংগোপনে নামিছে শৰৎ, শুভ্র আঁচল উৰুৱাই ফুলিছে কঁহুৱা

